--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগন্তুক টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ পাছত ঘোষিত দলটোক লৈ নানা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দলত দুই-এগৰাকী খেলুৱৈৰ অন্তৰ্ভুক্তি আৰু আন কেইগৰাকীমান খেলুৱৈক স্থান নিদিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে। দলত স্থান লাভ কৰা উইকেট-ৰক্ষক বেটাৰ ঋষভ পণ্টক লৈও প্ৰশ্ন তুলিছে ক্ৰিকেট অনুৰাগীসকলে। ধাৰাবাহিকভাৱে টি-২০ ফৰ্মেটত উন্নত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱাৰ পাছতো পণ্টক কিয় দলত স্থান দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে।

এএনেবাদ-বিবাদৰ মাজতে পণ্ট সন্দৰ্ভত এক বিশেষ পৰামৰ্শ আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটাৰ ৱাছিম জাফৰে। প্ৰাক্তন তাৰকাগৰাকীয়ে ঋষভ পণ্টৰ বেটিং ক্ৰম সলনি কৰি টি-২০ ইভেণ্টৰ বাবে এগৰাকী অপেনাৰ হিচাপে খেলোৱাৰ  বাবে পৰামৰ্শ দিছে অধিনায়ক ৰোহিত শৰ্মাক। এই ক্ষেত্ৰত জাফৰে ৰোহিতৰ উদাহৰণকে তুলি ধৰিছে। উল্লেখ্য যে পোনপ্ৰথমে বেটিং ক্ৰমৰ পাঁচ-ছয় বা সাত নম্বৰত বেটিং কৰা ৰোহিত শৰ্মাক অধিনায়ক ধোনীয়ে অপেনাৰ হিচাপে খেলাৰ সুযোগ দিছিল আৰু তাৰ পাছতেই ৰোহিত শৰ্মাই চমক সৃষ্টি কৰি আহিছে।

এতিয়া এই উদাহৰণকে দি জাফৰে পণ্টৰ ক্ষেত্ৰটো তেনে সিদ্ধান্ত ল’ব পাৰে বুলি পৰামৰ্শ দিছে। অপেনাৰ হিচাপে পণ্টে ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত নিজকে প্ৰমাণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে জাফৰে। যিহেতু ভাৰতীয় দলটোত বৰ্তমান বেটিং ক্ৰমৰ চতুৰ্থ স্থানত বেটিঙৰ বাবে কেইবাগৰাকীও খেলুৱৈ উপলব্ধ আছে, সেয়ে পণ্টক টি-২০ ত ভাৰতৰ হৈ ইনিংছ আৰম্ভ কৰাৰ দায়িত্ব দিব লাগে বুলি জাফৰে মন্তব্য কৰে। 

পণ্টে শেহতীয়াকৈ ২ খন টি-২০ ত ইনিংছ মুকলি কৰিছিল। অৱশ্যে দীঘলীয়া ইনিংছ খেলাত ব্যৰ্থ হ’লেও ১৩০ তকৈ অধিক ষ্ট্ৰাইক ৰেটত ৰান সংগ্ৰহ  কৰিছিল। কেৱল জাফৰ বুলিয়ে নহয়, ক্ৰিকেট বিশেষজ্ঞসকলৰ বহু কেইগৰাকীয়ে পণ্টক টি-২০ ফৰ্মেটত এগৰাকী অপেনাৰ হিচাপে দায়িত্ব দিয়াৰ ওপৰত গুৰুত্ব দিছে। 

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ পূৰ্বে ১৯ অনুৰ্ধ বিশ্বকাপত এগৰাকী অপেনাৰ হিচাপেই খেলিছিল পণ্টে আৰু প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শনো আগবঢ়াইছিল। পণ্টক অপেনাৰ হিচাপে খেলালে ক্ৰিকেটীয় ভাষাত ‘ৰাইট-লেফ্ট কম্বিনেচন’ সঠিক ৰূপত কাৰ্যকৰী হ’ব বুলিও বিভিন্নজনে মন্তব্য কৰিছে।

উল্লেখ্য যে বিশ্বকাপৰ বাবে ঘোষিত দলটোত বিশেষজ্ঞ অপেনাৰ হিচাপে ৰাহুল আৰু ৰোহিতৰ বাদে আন খেলুৱৈক অন্তৰ্ভুক্ত কৰা হোৱা নাই। অৱশ্যে প্ৰয়োজনৰ সময়ত বিৰাট কোহলীয়ে অপেনাৰৰ দায়িত্ব পালন কৰিব পাৰিব। পূৰ্বে ভাৰতীয় দলৰ হৈ বহুসময়ত অপেনিং কৰা কোহলীয়ে শেহতীয়াকৈ এছিয়া কাপত আফগানিস্তানৰ বিপক্ষে ভাৰতৰ ইনিংছ মুকলি কৰি এক বিস্ফোৰক শতকীয় ইনিংছ খেলিছিল। 

বিশ্বকাপৰ পূৰ্বে ভাৰতে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দুটা টি-২০ শৃংখলাত ভাগ ল’ব। এই শৃংখলা দুটাত অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে এই বিষয়ত কোনো পৰীক্ষা-নিৰীক্ষা চলাব নেকি সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক