--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ গজত ভাৰত-পাকিস্তানৰ সমৰ মানেই ক্ৰিকেট অনুৰাগীৰ তীব্ৰ উৎকণ্ঠা। কেৱল দুখন দেশেই নে, বিশ্ব ক্ৰিকেটেও উৎসুকতাৰে অপেক্ষা কৰে এই বিশেষ মেচখনলৈ। ভাৰত-পাকিস্তান  হাইভল্টেজ মহাৰণৰ প্ৰতি ক্ৰিকেটপ্ৰেমীৰ এই উৎসুকতাৰ পুনৰ প্ৰমাণ পোৱা গৈছে আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত। বেট-বলৰ যুঁজৰ ৰোমাঞ্চ, দুই দেশৰ অনুৰাগী তথা সমৰ্থকৰ পাৰস্পৰিক বাকযুদ্ধ আৰু তাৰ সমসাময়িকভাৱে কমেণ্ট বক্সত বাজি উঠা ক্ৰিকেটীয় বিৱৰণৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সাক্ষী হ’বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব। সাধাৰণতেই ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ মানেই এনে এক দৃশ্যই সকলোৰে সমুখত ভাঁহি আহে। গতিকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ মেচখনতো এনে পৰিস্থিতিৰেই আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।

অহা ২৩ অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত মুখামুখি হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তি পাকিস্তান আৰু  ভাৰত। উক্ত মেচখনৰ বাবে আইচিচি- এ ইতিপূৰ্বে দৰ্শকৰ বাবে টিকট মুকলি কৰি দিছিল। মুকলি কৰি দিয়া সকলো টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে বুলি আইচিচি- এ আজি এক বিবৃতিত উল্লেখ কৰিছে। আনকি অতিৰিক্ত ষ্টেণ্ডিং ৰুমৰ টিকটো বিক্ৰীৰ বাবে মুকলি দিয়াৰ কেইমিনিটমানৰ ভিতৰতে বন্ধ কৰা হয় বুলি আইচিচিয়ে লগতে জানিবলৈ দিছে। 

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে লগতে এই মেগা ইভেণ্টৰ বাবে ৫,০০,০০০ তকৈও অধিক টিকট বিক্ৰী কৰা হৈছে বুলি ঘোষণা কৰিছে। আইচিচিয়ে এক বিবৃতিত কয়, "আইচিচি টি-২০ বিশ্বকাপ ২০২২- এ অনুৰাগীসকলক আদৰণি জনোৱাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। ৫,০০,০০০ তকৈও অধিক অনুৰাগীয়ে ইতিমধ্যে মেগা ইভেণ্টটোত দৰ্শক হিচাপে নিজৰ স্থান সুৰক্ষিত কৰিছে।"

"৮২ খন দেশৰ ক্ৰিকেট অনুৰাগীয়ে ১৬ টা আন্তঃৰাষ্ট্ৰীয় দলৰ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ক্ৰীড়া নিপুণতা উপভোগৰ উদ্দেশ্যে টিকট ক্ৰয় কৰিছে। ২০২০ চনত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মহিলা টি-২০ বিশ্বকাপৰ  ফাইনেলত ৮৬,১৭৬ গৰাকী অনুৰাগীৰ উপস্থিতিৰ পিছত প্ৰথমবাৰৰ বাবে আইচিচি ইভেণ্টত ষ্টেডিয়াম দৰ্শকেৰে সম্পূৰ্ণ হ’ব।” —আইচিচিয়ে বিবৃতিটোত লগতে কয়।

আনহাতে ভাৰত-পাক মেচ সন্দৰ্ভত আইচিচিয়ে কয় যে যে ২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ সকলো টিকট বিক্ৰী হৈ গৈছে। তদুপৰি ষ্টেণ্ডিং ৰুমৰ অতিৰিক্ত টিকটো কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হোৱা বুলি আইচিচিয়ে সদৰী কৰে। অৱশ্যে মেচখনৰ বাবে ষ্টেডিয়ামৰ বাহিৰত পুনৰ অনুৰাগী সকলে প্ৰত্যক্ষভাৱে ক্ৰয় কৰিব পৰাকৈ টিকট উপলব্ধ হ’ব বুলি ক্ৰিকেট সংস্থাটোৱে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement