--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২২ গজত ভাৰত-পাকিস্তানৰ সমৰ মানেই ক্ৰিকেট অনুৰাগীৰ তীব্ৰ উৎকণ্ঠা। কেৱল দুখন দেশেই নে, বিশ্ব ক্ৰিকেটেও উৎসুকতাৰে অপেক্ষা কৰে এই বিশেষ মেচখনলৈ। ভাৰত-পাকিস্তান  হাইভল্টেজ মহাৰণৰ প্ৰতি ক্ৰিকেটপ্ৰেমীৰ এই উৎসুকতাৰ পুনৰ প্ৰমাণ পোৱা গৈছে আগন্তুক টি-২০ বিশ্বকাপৰ প্ৰাকমুহূৰ্তত। বেট-বলৰ যুঁজৰ ৰোমাঞ্চ, দুই দেশৰ অনুৰাগী তথা সমৰ্থকৰ পাৰস্পৰিক বাকযুদ্ধ আৰু তাৰ সমসাময়িকভাৱে কমেণ্ট বক্সত বাজি উঠা ক্ৰিকেটীয় বিৱৰণৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সাক্ষী হ’বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব। সাধাৰণতেই ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ মানেই এনে এক দৃশ্যই সকলোৰে সমুখত ভাঁহি আহে। গতিকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ মেচখনতো এনে পৰিস্থিতিৰেই আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।

অহা ২৩ অক্টোবৰত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ গ্ৰুপ মেচত মুখামুখি হ’ব দুই চুবুৰীয়া ক্ৰিকেট শক্তি পাকিস্তান আৰু  ভাৰত। উক্ত মেচখনৰ বাবে আইচিচি- এ ইতিপূৰ্বে দৰ্শকৰ বাবে টিকট মুকলি কৰি দিছিল। মুকলি কৰি দিয়া সকলো টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে বুলি আইচিচি- এ আজি এক বিবৃতিত উল্লেখ কৰিছে। আনকি অতিৰিক্ত ষ্টেণ্ডিং ৰুমৰ টিকটো বিক্ৰীৰ বাবে মুকলি দিয়াৰ কেইমিনিটমানৰ ভিতৰতে বন্ধ কৰা হয় বুলি আইচিচিয়ে লগতে জানিবলৈ দিছে। 

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে লগতে এই মেগা ইভেণ্টৰ বাবে ৫,০০,০০০ তকৈও অধিক টিকট বিক্ৰী কৰা হৈছে বুলি ঘোষণা কৰিছে। আইচিচিয়ে এক বিবৃতিত কয়, "আইচিচি টি-২০ বিশ্বকাপ ২০২২- এ অনুৰাগীসকলক আদৰণি জনোৱাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। ৫,০০,০০০ তকৈও অধিক অনুৰাগীয়ে ইতিমধ্যে মেগা ইভেণ্টটোত দৰ্শক হিচাপে নিজৰ স্থান সুৰক্ষিত কৰিছে।"

"৮২ খন দেশৰ ক্ৰিকেট অনুৰাগীয়ে ১৬ টা আন্তঃৰাষ্ট্ৰীয় দলৰ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ক্ৰীড়া নিপুণতা উপভোগৰ উদ্দেশ্যে টিকট ক্ৰয় কৰিছে। ২০২০ চনত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা মহিলা টি-২০ বিশ্বকাপৰ  ফাইনেলত ৮৬,১৭৬ গৰাকী অনুৰাগীৰ উপস্থিতিৰ পিছত প্ৰথমবাৰৰ বাবে আইচিচি ইভেণ্টত ষ্টেডিয়াম দৰ্শকেৰে সম্পূৰ্ণ হ’ব।” —আইচিচিয়ে বিবৃতিটোত লগতে কয়।

আনহাতে ভাৰত-পাক মেচ সন্দৰ্ভত আইচিচিয়ে কয় যে যে ২৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ সকলো টিকট বিক্ৰী হৈ গৈছে। তদুপৰি ষ্টেণ্ডিং ৰুমৰ অতিৰিক্ত টিকটো কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হোৱা বুলি আইচিচিয়ে সদৰী কৰে। অৱশ্যে মেচখনৰ বাবে ষ্টেডিয়ামৰ বাহিৰত পুনৰ অনুৰাগী সকলে প্ৰত্যক্ষভাৱে ক্ৰয় কৰিব পৰাকৈ টিকট উপলব্ধ হ’ব বুলি ক্ৰিকেট সংস্থাটোৱে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু