--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে যুৱ বিকাশ আৰু যুৱকেন্দ্ৰিক উন্নয়নৰ বাবে প্ৰযুক্তিচালিত এক ব্যাপক সক্ষম ব্যৱস্থা হিচাপে কাম কৰিবলৈ আৰু যুৱক-যুৱতীসকলক সমান সুবিধা প্ৰদান কৰি তেওঁলোকৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰা আৰু চৰকাৰৰ সমগ্ৰ ব্যৱস্থাত বিকশিত ভাৰত গঢ়ি তুলিব পৰাকৈ মেৰা যুৱ ভাৰত (MY Bharat) শীৰ্ষক এক স্বতন্ত্ৰ সংস্থা স্থাপনত অনুমোদন জনাইছে৷

মেৰা যুৱ ভাৰত (MY Bharat)ৰ প্ৰাথমিক উদ্দেশ্য হৈছে ইয়াক যুৱ বিকাশৰ বাবে চৰকাৰৰ এক সমগ্ৰ মঞ্চ হিচাপে গঢ়ি তোলা৷ নতুন ব্যৱস্থাৰ অধীনত সম্পদৰ সুবিধা আৰু সুযোগৰ সৈতে সংযোগ স্থাপন কৰি যুৱক-যুৱতীসকল  পৰিৱৰ্তনৰ এজেণ্ট তথা ৰাষ্ট্ৰ নিৰ্মাতা হৈ পৰিব আৰু যাৰ ফলত তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব।  অপৰিসীম যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাটো চৰকাৰৰ লক্ষ্য।স্বতন্ত্ৰ সংস্থা, মেৰা যুৱ ভাৰত (MY Bharat) এ ৰাষ্ট্ৰীয় যুৱ নীতিত ‘যুৱক’ৰ সংজ্ঞা অনুসৰি ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। 

বিশেষভাৱে কিশোৰ-কিশোৰীসকলৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ষেত্ৰত হিতাধিকাৰীসকল ১০-১৯ বছৰৰ বয়সৰ হ’ব।মেৰা যুৱ ভাৰত (MY Bharat) গঠনৰ ফলতঃ-ক৷ যুৱক-যুৱতীৰ মাজত নেতৃত্বৰ গুণ বিকশিত হ’বঃঅভিজ্ঞতাভিত্তিক শিক্ষণৰ জৰিয়তে নেতৃত্ব বহনৰ দক্ষতা উন্নত কৰা।যুৱক-যুৱতীসকলক সামাজিক উদ্ভাৱক, সমূদায়ৰ নেতা হিচাপে গঢ়ি তুলিবলৈ অধিক বিনিয়োগ কৰা।যুৱক-যুৱতীকেন্দ্ৰিক উন্নয়নৰ ওপৰত চৰকাৰে মনোনিৱেশ কৰা আৰু যুৱক-যুৱতীসকলক কেৱল “নিষ্ক্ৰিয় গ্ৰাহক” হিচাপে নলৈ, উন্নয়নৰ “সক্ৰিয় চালক” কৰি তোলা।

খ৷ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু সমুদায়ৰ প্ৰয়োজনীয়তাৰ মাজত উপযুক্ত সমন্বয় ৰক্ষা কৰা।গ৷ বৰ্তমানৰ কাৰ্যসূচীসমূহৰ সৈতে সংগতি ৰাখি দক্ষতা বৃদ্ধি কৰা।ঘ৷ যুৱক-যুৱতী আৰু মন্ত্ৰালয়ৰ বাবে ৱান ষ্টপ শ্বপ হিচাপে কাম কৰা।ঙ৷ এক কেন্দ্ৰীভূত যুৱ ডাটা বেছ গঢ়ি তোলা৷চ৷ চৰকাৰৰ যুৱকেন্দ্ৰিক পদক্ষেপ আৰু যুৱক-যুৱতীসকলৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ কাৰ্য্যকলাপক সংযোগ কৰিবলৈ উভয় পক্ষৰ যোগাযোগ উন্নত কৰা।

ছ৷ সুগম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাটো নিশ্চিত কৰা।‘সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী’ৰ নীতিৰ দ্বাৰা পৰিচালিত যুৱক-যুৱতী আৰু তেওঁলোকৰ সবলীকৰণক জড়িত কৰাৰ লক্ষ্যৰে ক্ষিপ্ৰ যোগাযোগ, ছ’চিয়েল মিডিয়া, নতুন ডিজিটেল সুযোগ আৰু নতুন প্ৰযুক্তিৰ পৰিৱেশ থকা দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বত সামগ্ৰিক সক্ষম ব্যৱস্থা স্থাপনৰ বাবে চৰকাৰে মেৰা যুৱ ভাৰত (MY Bharat)ৰ শীৰ্ষক নতুন স্বতন্ত্ৰ সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু