--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে যুৱ বিকাশ আৰু যুৱকেন্দ্ৰিক উন্নয়নৰ বাবে প্ৰযুক্তিচালিত এক ব্যাপক সক্ষম ব্যৱস্থা হিচাপে কাম কৰিবলৈ আৰু যুৱক-যুৱতীসকলক সমান সুবিধা প্ৰদান কৰি তেওঁলোকৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰা আৰু চৰকাৰৰ সমগ্ৰ ব্যৱস্থাত বিকশিত ভাৰত গঢ়ি তুলিব পৰাকৈ মেৰা যুৱ ভাৰত (MY Bharat) শীৰ্ষক এক স্বতন্ত্ৰ সংস্থা স্থাপনত অনুমোদন জনাইছে৷

মেৰা যুৱ ভাৰত (MY Bharat)ৰ প্ৰাথমিক উদ্দেশ্য হৈছে ইয়াক যুৱ বিকাশৰ বাবে চৰকাৰৰ এক সমগ্ৰ মঞ্চ হিচাপে গঢ়ি তোলা৷ নতুন ব্যৱস্থাৰ অধীনত সম্পদৰ সুবিধা আৰু সুযোগৰ সৈতে সংযোগ স্থাপন কৰি যুৱক-যুৱতীসকল  পৰিৱৰ্তনৰ এজেণ্ট তথা ৰাষ্ট্ৰ নিৰ্মাতা হৈ পৰিব আৰু যাৰ ফলত তেওঁলোকে চৰকাৰ আৰু নাগৰিকৰ মাজত যুৱ সেতু হিচাপে কাম কৰিব।  অপৰিসীম যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰাটো চৰকাৰৰ লক্ষ্য।স্বতন্ত্ৰ সংস্থা, মেৰা যুৱ ভাৰত (MY Bharat) এ ৰাষ্ট্ৰীয় যুৱ নীতিত ‘যুৱক’ৰ সংজ্ঞা অনুসৰি ১৫-২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলক উপকৃত কৰিব। 

বিশেষভাৱে কিশোৰ-কিশোৰীসকলৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচীৰ ক্ষেত্ৰত হিতাধিকাৰীসকল ১০-১৯ বছৰৰ বয়সৰ হ’ব।মেৰা যুৱ ভাৰত (MY Bharat) গঠনৰ ফলতঃ-ক৷ যুৱক-যুৱতীৰ মাজত নেতৃত্বৰ গুণ বিকশিত হ’বঃঅভিজ্ঞতাভিত্তিক শিক্ষণৰ জৰিয়তে নেতৃত্ব বহনৰ দক্ষতা উন্নত কৰা।যুৱক-যুৱতীসকলক সামাজিক উদ্ভাৱক, সমূদায়ৰ নেতা হিচাপে গঢ়ি তুলিবলৈ অধিক বিনিয়োগ কৰা।যুৱক-যুৱতীকেন্দ্ৰিক উন্নয়নৰ ওপৰত চৰকাৰে মনোনিৱেশ কৰা আৰু যুৱক-যুৱতীসকলক কেৱল “নিষ্ক্ৰিয় গ্ৰাহক” হিচাপে নলৈ, উন্নয়নৰ “সক্ৰিয় চালক” কৰি তোলা।

খ৷ যুৱক-যুৱতীসকলৰ আকাংক্ষা আৰু সমুদায়ৰ প্ৰয়োজনীয়তাৰ মাজত উপযুক্ত সমন্বয় ৰক্ষা কৰা।গ৷ বৰ্তমানৰ কাৰ্যসূচীসমূহৰ সৈতে সংগতি ৰাখি দক্ষতা বৃদ্ধি কৰা।ঘ৷ যুৱক-যুৱতী আৰু মন্ত্ৰালয়ৰ বাবে ৱান ষ্টপ শ্বপ হিচাপে কাম কৰা।ঙ৷ এক কেন্দ্ৰীভূত যুৱ ডাটা বেছ গঢ়ি তোলা৷চ৷ চৰকাৰৰ যুৱকেন্দ্ৰিক পদক্ষেপ আৰু যুৱক-যুৱতীসকলৰ সৈতে জড়িত অন্যান্য অংশীদাৰসকলৰ কাৰ্য্যকলাপক সংযোগ কৰিবলৈ উভয় পক্ষৰ যোগাযোগ উন্নত কৰা।

ছ৷ সুগম পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰাটো নিশ্চিত কৰা।‘সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী’ৰ নীতিৰ দ্বাৰা পৰিচালিত যুৱক-যুৱতী আৰু তেওঁলোকৰ সবলীকৰণক জড়িত কৰাৰ লক্ষ্যৰে ক্ষিপ্ৰ যোগাযোগ, ছ’চিয়েল মিডিয়া, নতুন ডিজিটেল সুযোগ আৰু নতুন প্ৰযুক্তিৰ পৰিৱেশ থকা দ্ৰুতগতিত পৰিৱৰ্তিত বিশ্বত সামগ্ৰিক সক্ষম ব্যৱস্থা স্থাপনৰ বাবে চৰকাৰে মেৰা যুৱ ভাৰত (MY Bharat)ৰ শীৰ্ষক নতুন স্বতন্ত্ৰ সংস্থা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ