--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলিতে মৰহিল সপোন। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত অস্থায়ী ৰূপে নিয়োজিত এজন অগ্নিবীৰ জোৱানে আজি কাশ্মীৰত প্ৰাণাহুতি দিবলগীয়া হয়।  বুধবাৰে কাশ্মীৰ সীমান্তত এজন অগ্নিবীৰ জোৱানক অচিনাক্ত লোকে  গুলীয়াই হত্যা কৰে  বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

তেওঁ উপত্যকাৰ পুঞ্চ জিলাৰ মানকোট চেক্টৰত কৰ্তব্যৰত হৈ আছিল। সৈনিকজনক কেনেকৈ গুলীয়াই হত্যা কৰা হ’ল সেই বিষয়ে বিতং খবৰ এতিয়াও পোৱা হোৱা নাই। জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে  মৃতব্যক্তিজনৰ নাম অমৃতপাল সিং। ছমাহৰ প্ৰশিক্ষণৰ পিছত তেওঁ সেনাত যোগদান কৰিছিল। জোৱানজনক পুঞ্চ জিলাৰ মানকোট চেক্টৰত পাকিস্তান সীমান্তত মোতায়েন কৰা হৈছিল। কাশ্মীৰ আৰক্ষীৰ মতে অমৃতপালক তেওঁৰ নিজৰ বন্দুকেৰেই গুলীয়াই হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। সৈনিকজনক হত্যা কৰা  হৈছে নে তেওঁ আত্মহত্যা কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

বহুতে এইবুলি প্ৰশ্ন কৰিছে যে মাত্ৰ  ছমাহৰ প্ৰশিক্ষণৰ পিছতে তেওঁক কিয়  পাকিস্তান সীমান্তৰ দৰে স্পৰ্শকাতৰ এলেকাত নিয়োজিত কৰা হৈছিল। উল্লেখ্য যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰৰ কম সময়ৰ বাবে সেনাত নিযুক্তিৰ অৰ্থে অগ্নিবীৰ আঁচনি আৰম্ভ কৰিছিল।

 এই আঁচনিয়ে সমগ্ৰ দেশতে  তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। ম্যাদৰ শেষত যুৱ সৈন্যসকলে কি কৰিব? এয়া পবহতে পৃুত্থাপন কৰা প্ৰশ্ন আছিল।   বিভিন্ন মহলৰ পৰা পোৱা চাপৰ পৰিপ্ৰেক্ষিতত  কেন্দ্ৰই ২৫ শতাংশ অগ্নিবীৰৰ  ভাৰতীয় সেনাত ৫০ শতাংশ স্থায়ী নিয়োজনৰ কথা ঘোষণা কৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ