--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলিতে মৰহিল সপোন। কেন্দ্ৰীয় চৰকাৰৰ অগ্নিবীৰ আঁচনিৰ অধীনত ভাৰতীয় সেনা বাহিনীত অস্থায়ী ৰূপে নিয়োজিত এজন অগ্নিবীৰ জোৱানে আজি কাশ্মীৰত প্ৰাণাহুতি দিবলগীয়া হয়।  বুধবাৰে কাশ্মীৰ সীমান্তত এজন অগ্নিবীৰ জোৱানক অচিনাক্ত লোকে  গুলীয়াই হত্যা কৰে  বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

তেওঁ উপত্যকাৰ পুঞ্চ জিলাৰ মানকোট চেক্টৰত কৰ্তব্যৰত হৈ আছিল। সৈনিকজনক কেনেকৈ গুলীয়াই হত্যা কৰা হ’ল সেই বিষয়ে বিতং খবৰ এতিয়াও পোৱা হোৱা নাই। জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে  মৃতব্যক্তিজনৰ নাম অমৃতপাল সিং। ছমাহৰ প্ৰশিক্ষণৰ পিছত তেওঁ সেনাত যোগদান কৰিছিল। জোৱানজনক পুঞ্চ জিলাৰ মানকোট চেক্টৰত পাকিস্তান সীমান্তত মোতায়েন কৰা হৈছিল। কাশ্মীৰ আৰক্ষীৰ মতে অমৃতপালক তেওঁৰ নিজৰ বন্দুকেৰেই গুলীয়াই হত্যা কৰা হৈছে বুলি ধাৰণা কৰা হৈছে। সৈনিকজনক হত্যা কৰা  হৈছে নে তেওঁ আত্মহত্যা কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। 

বহুতে এইবুলি প্ৰশ্ন কৰিছে যে মাত্ৰ  ছমাহৰ প্ৰশিক্ষণৰ পিছতে তেওঁক কিয়  পাকিস্তান সীমান্তৰ দৰে স্পৰ্শকাতৰ এলেকাত নিয়োজিত কৰা হৈছিল। উল্লেখ্য যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে চাৰি বছৰৰ কম সময়ৰ বাবে সেনাত নিযুক্তিৰ অৰ্থে অগ্নিবীৰ আঁচনি আৰম্ভ কৰিছিল।

 এই আঁচনিয়ে সমগ্ৰ দেশতে  তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল। ম্যাদৰ শেষত যুৱ সৈন্যসকলে কি কৰিব? এয়া পবহতে পৃুত্থাপন কৰা প্ৰশ্ন আছিল।   বিভিন্ন মহলৰ পৰা পোৱা চাপৰ পৰিপ্ৰেক্ষিতত  কেন্দ্ৰই ২৫ শতাংশ অগ্নিবীৰৰ  ভাৰতীয় সেনাত ৫০ শতাংশ স্থায়ী নিয়োজনৰ কথা ঘোষণা কৰিছিল । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু