--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামানৱ মহাত্মা গান্ধীৰ এটা অদ্ভুত প্ৰতিমূৰ্তিয়ে মীৰাট চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  গান্ধীৰ  'ভয়ংকৰ' মূৰ্তিটো  দেখি মীৰাটৰ জনতাই ক্ষোভত ফাটি পৰিছে।  অৱশেষত  জনতাৰ ক্ষোভৰ সন্মুখীন হৈ নাগৰিক সংস্থাই মূৰ্তিটো আঁতৰাই নিবলৈ বাধ্য হয়।  বৰ্জিত  সামগ্ৰীৰে নিৰ্মিত মহাত্মা গান্ধীৰ  মূৰ্তিটোৰ ছবি আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।  

বহুতেই প্ৰশাসনৰ এনে অবিবেচক কাণ্ডৰ প্ৰতিবাদ সাৱস্ত্য কৰে। মীৰাট পৌৰ নিগমে গান্ধী জয়ন্তী উপলক্ষে এক নতুন পদক্ষেপ লৈছিল। মহাত্মাৰ মূৰ্তিটো তেলৰ ড্ৰাম, নাট বোল্টু আৰু অটো ৰিক্সাৰ চকাৰ দৰে সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল আৰু ২ অক্টোবৰত কমিছনাৰেট স্কোৱেৰত  মূৰ্তিটো স্থাপন কৰা হৈছিল। 

কিন্তু মূৰ্তিটো দেখি সকলোৰে খং উঠিল।মূৰ্তিটো নিৰ্মাণত  ব্যয় হৈছিল  ১.৩ লাখ টকা। এইটো প্ৰকৃততে মিৰাট পৌৰ নিগমৰ 'কাবৰ চে জুগৰ' শীৰ্ষক প্ৰকল্পৰ অংশ বিশেষ আছিল। 

কিন্তু ৰাইজৰ খঙৰ সন্মুখীন হোৱাৰ পিছতে মূৰ্তিটো আঁতৰাই নিয়া হয়।   কিন্তু মূৰ্তিটো আঁতৰাই নিলেও বিতৰ্ক অব্যাহত আছে। অতিৰিক্ত পৌৰ আয়ুক্ত প্ৰমোদ কুমাৰে কয়, "স্থানীয় লোকৰ প্ৰতিক্ৰিয়াৰ বাবে প্ৰতিমূৰ্তিটো আঁতৰাই নিয়া হৈছে। । ইয়াক এতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব আৰু আন এটা স্থানলৈ স্থানান্তৰ কৰা হ'ব। "





FOLLOW US F
POPULAR
FEATURE
TRENDY
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি