--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহামানৱ মহাত্মা গান্ধীৰ এটা অদ্ভুত প্ৰতিমূৰ্তিয়ে মীৰাট চহৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  গান্ধীৰ  'ভয়ংকৰ' মূৰ্তিটো  দেখি মীৰাটৰ জনতাই ক্ষোভত ফাটি পৰিছে।  অৱশেষত  জনতাৰ ক্ষোভৰ সন্মুখীন হৈ নাগৰিক সংস্থাই মূৰ্তিটো আঁতৰাই নিবলৈ বাধ্য হয়।  বৰ্জিত  সামগ্ৰীৰে নিৰ্মিত মহাত্মা গান্ধীৰ  মূৰ্তিটোৰ ছবি আৰু ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।  

বহুতেই প্ৰশাসনৰ এনে অবিবেচক কাণ্ডৰ প্ৰতিবাদ সাৱস্ত্য কৰে। মীৰাট পৌৰ নিগমে গান্ধী জয়ন্তী উপলক্ষে এক নতুন পদক্ষেপ লৈছিল। মহাত্মাৰ মূৰ্তিটো তেলৰ ড্ৰাম, নাট বোল্টু আৰু অটো ৰিক্সাৰ চকাৰ দৰে সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল আৰু ২ অক্টোবৰত কমিছনাৰেট স্কোৱেৰত  মূৰ্তিটো স্থাপন কৰা হৈছিল। 

কিন্তু মূৰ্তিটো দেখি সকলোৰে খং উঠিল।মূৰ্তিটো নিৰ্মাণত  ব্যয় হৈছিল  ১.৩ লাখ টকা। এইটো প্ৰকৃততে মিৰাট পৌৰ নিগমৰ 'কাবৰ চে জুগৰ' শীৰ্ষক প্ৰকল্পৰ অংশ বিশেষ আছিল। 

কিন্তু ৰাইজৰ খঙৰ সন্মুখীন হোৱাৰ পিছতে মূৰ্তিটো আঁতৰাই নিয়া হয়।   কিন্তু মূৰ্তিটো আঁতৰাই নিলেও বিতৰ্ক অব্যাহত আছে। অতিৰিক্ত পৌৰ আয়ুক্ত প্ৰমোদ কুমাৰে কয়, "স্থানীয় লোকৰ প্ৰতিক্ৰিয়াৰ বাবে প্ৰতিমূৰ্তিটো আঁতৰাই নিয়া হৈছে। । ইয়াক এতিয়া পুনৰ নিৰ্মাণ কৰা হ'ব আৰু আন এটা স্থানলৈ স্থানান্তৰ কৰা হ'ব। "





FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান