--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম বৰ আচৰিত বস্তু। কেতিয়া কাক ই মেৰিয়াই ধৰে তাৰ কোনো ঠিক নাই। হৰিনাম ল’বৰ বয়সতো মানুহ প্ৰেমত পৰে।  ৯২ বছৰ বয়সত এগৰাকী ব্যক্তি বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে। এই বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। সমগ্ৰ বিশ্বতে মিডিয়া সম্ৰাট হিচাপে পৰিচিত ৰূপাৰ্ট মাৰ্ডকে ৯২ বছৰ বয়সত বিবাহপাশত আবদ্ধ হ’ব। 

কোটিপতি ব্যৱসায়ীগৰাকীয়ে প্ৰাক্তন আৰক্ষী বিষয়া এন লেছলি স্মিথ (৬৬)ৰ সৈতে নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত দুয়ো চিনাকি হৈছিল। চলিত বৰ্ষৰ গ্ৰীষ্মৰ শেষৰ ফালে ৰূপাৰ্ট মাৰ্ডক আৰু লেছলিৰ বিবাহ হ’ব। ব্যৱসায়ীজনে তেওঁৰ দেশৰ সংবাদ মাধ্যমক কয়, “মই অতি শংকিত হৈ পৰিছিলো। মই পুনৰ প্ৰেমত পৰিবলৈ ভয় কৰিছিলো… কিন্তু এয়াই শেষ। এইবাৰ ভাল হ’ব। মই খুব সুখী।”

উল্লেখ্য যে ইয়াৰ আগতেও ৰূপাৰ্ট মাৰ্ডকৰ চাৰিবাৰ বিয়া হৈছে। মাৰ্ডকে যোৱা বছৰহে চতুৰ্থ পত্নী জেৰী হলৰ পৰা পৃথক হৈছিল। মাৰ্ডকৰ প্ৰথম তিনিগৰাকী পত্নীৰ পৰা ছটা সন্তান আছে। বৰ্তমান হ’বলগীয়া বিয়াখনক লৈ মাৰ্ডকে কয় যে “আমি দুয়োজনে জীৱনৰ দ্বিতীয়াৰ্ধ একেলগে কটাবলৈ অতি আগ্ৰহী।” 

মাৰ্ডকৰ সৈতে হোৱা বিবাহৰ সন্দৰ্ভত ৬৬ বছৰীয়া আৰক্ষীৰ প্ৰাক্তন বিষয়া এন লেছলি স্মিথে কয় যে, “মই ১৪ বছৰে বৈধব্য জীৱন কটাই আছো। ৰূপাৰ্টৰ দৰে মোৰ স্বামীও ব্যৱসায়ী আছিল... গতিকে মই ৰূপাৰ্টৰ জীৱনটোক বুজি পাইছো। আমাৰ বিশ্বাস একে। এয়া আমাৰ দুয়োৰে বাবে ঈশ্বৰৰ উপহাৰ।” 

উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকে প্ৰবীণ সংবাদ মাধ্যমৰ ব্যৱসায়ী হিচাপে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। মাৰ্ডকৰ ব্যৱসায়িক সাম্ৰাজ্যৰ ভিতৰত আছে আমেৰিকাৰ ফক্স নিউজ আৰু ব্ৰিটেইনৰ টেবলয়ড দ্য ছানৰ দৰে প্ৰকাশন প্ৰতিষ্ঠান।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা