--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম বৰ আচৰিত বস্তু। কেতিয়া কাক ই মেৰিয়াই ধৰে তাৰ কোনো ঠিক নাই। হৰিনাম ল’বৰ বয়সতো মানুহ প্ৰেমত পৰে।  ৯২ বছৰ বয়সত এগৰাকী ব্যক্তি বিবাহপাশত আৱদ্ধ হ’বলৈ গৈ আছে। এই বিষয়টো এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। সমগ্ৰ বিশ্বতে মিডিয়া সম্ৰাট হিচাপে পৰিচিত ৰূপাৰ্ট মাৰ্ডকে ৯২ বছৰ বয়সত বিবাহপাশত আবদ্ধ হ’ব। 

কোটিপতি ব্যৱসায়ীগৰাকীয়ে প্ৰাক্তন আৰক্ষী বিষয়া এন লেছলি স্মিথ (৬৬)ৰ সৈতে নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত দুয়ো চিনাকি হৈছিল। চলিত বৰ্ষৰ গ্ৰীষ্মৰ শেষৰ ফালে ৰূপাৰ্ট মাৰ্ডক আৰু লেছলিৰ বিবাহ হ’ব। ব্যৱসায়ীজনে তেওঁৰ দেশৰ সংবাদ মাধ্যমক কয়, “মই অতি শংকিত হৈ পৰিছিলো। মই পুনৰ প্ৰেমত পৰিবলৈ ভয় কৰিছিলো… কিন্তু এয়াই শেষ। এইবাৰ ভাল হ’ব। মই খুব সুখী।”

উল্লেখ্য যে ইয়াৰ আগতেও ৰূপাৰ্ট মাৰ্ডকৰ চাৰিবাৰ বিয়া হৈছে। মাৰ্ডকে যোৱা বছৰহে চতুৰ্থ পত্নী জেৰী হলৰ পৰা পৃথক হৈছিল। মাৰ্ডকৰ প্ৰথম তিনিগৰাকী পত্নীৰ পৰা ছটা সন্তান আছে। বৰ্তমান হ’বলগীয়া বিয়াখনক লৈ মাৰ্ডকে কয় যে “আমি দুয়োজনে জীৱনৰ দ্বিতীয়াৰ্ধ একেলগে কটাবলৈ অতি আগ্ৰহী।” 

মাৰ্ডকৰ সৈতে হোৱা বিবাহৰ সন্দৰ্ভত ৬৬ বছৰীয়া আৰক্ষীৰ প্ৰাক্তন বিষয়া এন লেছলি স্মিথে কয় যে, “মই ১৪ বছৰে বৈধব্য জীৱন কটাই আছো। ৰূপাৰ্টৰ দৰে মোৰ স্বামীও ব্যৱসায়ী আছিল... গতিকে মই ৰূপাৰ্টৰ জীৱনটোক বুজি পাইছো। আমাৰ বিশ্বাস একে। এয়া আমাৰ দুয়োৰে বাবে ঈশ্বৰৰ উপহাৰ।” 

উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকে প্ৰবীণ সংবাদ মাধ্যমৰ ব্যৱসায়ী হিচাপে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে। মাৰ্ডকৰ ব্যৱসায়িক সাম্ৰাজ্যৰ ভিতৰত আছে আমেৰিকাৰ ফক্স নিউজ আৰু ব্ৰিটেইনৰ টেবলয়ড দ্য ছানৰ দৰে প্ৰকাশন প্ৰতিষ্ঠান।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস