--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী ভাৰতীয় ছাত্ৰী।  লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী  ২৭ বছৰীয়া ছাত্ৰীক  নিৰ্মমভাৱে ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ যোৱা হায়দৰাবাদৰ কন্থম তেজস্বিনীক মঙলবাৰে পুৱা এটা আৱাসিক এলেকাত  আক্ৰমণ কৰা হয় । আক্ৰমণকাৰীজনক এজন ব্ৰাজিলিয়ান লোখ বুলি চিনাক্ত কৰা হৈছে।

মেট্ৰ'পলিটান পুলিচে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু  হত্যাৰ সন্দেহত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এই ঘটনাত  তেজস্বিনীয়ে কৰুণভাৱে প্ৰাণ হেৰুওৱাৰ লগতে  আন এগৰাকী মহিলাই জীৱন-মৰণৰ সৈতে যুঁজি আছে।


 কি কাৰণত ভাৰতীয় ছাত্ৰীগৰাকীক আক্ৰমণ কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই। এই আক্ৰমণৰ ঘটনাত ভাৰতীয় ছাত্ৰীগৰাকীৰ  ঘটনাস্থলীতে মৃত্যু হয়।   এজন ২৪ বছৰীয়া পুৰুষ আৰু এগৰাকী ২৩ বছৰীয়া মহিলাক হত্যাৰ সন্দেহত ঘটনাস্থলীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ।ঘটনাটো সন্দৰ্ভত শেহতীয়াকৈ  এজন ২৩ বছৰীয়া যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে। 

ডিটেকটিভ চীফ ইন্সপেক্টৰ লিণ্ডা ব্ৰেডলীয়ে আশ্বাস দিছে যে চোৰাংচোৱাৰ এটা  দলে ঘটনাটোৰ নিষ্ঠাৰে তদন্ত কৰি আছে।  তেজস্বিনীয়ে  উচ্চ শিক্ষা গ্ৰহণৰ বাবে   যোৱা বছৰ মাৰ্চ মাহত তেজস্বিনী লণ্ডনলৈ গৈছিল।  তেওঁৰ মৃত্যুৰ খবৰে পৰিয়াল আৰু বন্ধুবৰ্গক বিধ্বস্ত কৰি তুলিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস