--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী ভাৰতীয় ছাত্ৰী।  লণ্ডনৰ ৱেম্বলীত হায়দৰাবাদৰ এগৰাকী  ২৭ বছৰীয়া ছাত্ৰীক  নিৰ্মমভাৱে ছুৰীকাঘাত কৰি হত্যা কৰা হৈছে। উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ যোৱা হায়দৰাবাদৰ কন্থম তেজস্বিনীক মঙলবাৰে পুৱা এটা আৱাসিক এলেকাত  আক্ৰমণ কৰা হয় । আক্ৰমণকাৰীজনক এজন ব্ৰাজিলিয়ান লোখ বুলি চিনাক্ত কৰা হৈছে।

মেট্ৰ'পলিটান পুলিচে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে আৰু  হত্যাৰ সন্দেহত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। এই ঘটনাত  তেজস্বিনীয়ে কৰুণভাৱে প্ৰাণ হেৰুওৱাৰ লগতে  আন এগৰাকী মহিলাই জীৱন-মৰণৰ সৈতে যুঁজি আছে।


 কি কাৰণত ভাৰতীয় ছাত্ৰীগৰাকীক আক্ৰমণ কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই। এই আক্ৰমণৰ ঘটনাত ভাৰতীয় ছাত্ৰীগৰাকীৰ  ঘটনাস্থলীতে মৃত্যু হয়।   এজন ২৪ বছৰীয়া পুৰুষ আৰু এগৰাকী ২৩ বছৰীয়া মহিলাক হত্যাৰ সন্দেহত ঘটনাস্থলীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ।ঘটনাটো সন্দৰ্ভত শেহতীয়াকৈ  এজন ২৩ বছৰীয়া যুৱককো গ্ৰেপ্তাৰ কৰা হৈছে। 

ডিটেকটিভ চীফ ইন্সপেক্টৰ লিণ্ডা ব্ৰেডলীয়ে আশ্বাস দিছে যে চোৰাংচোৱাৰ এটা  দলে ঘটনাটোৰ নিষ্ঠাৰে তদন্ত কৰি আছে।  তেজস্বিনীয়ে  উচ্চ শিক্ষা গ্ৰহণৰ বাবে   যোৱা বছৰ মাৰ্চ মাহত তেজস্বিনী লণ্ডনলৈ গৈছিল।  তেওঁৰ মৃত্যুৰ খবৰে পৰিয়াল আৰু বন্ধুবৰ্গক বিধ্বস্ত কৰি তুলিছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ