--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱতীৰ প্ৰেমত পৰাৰ বাবেই চৰম পৰিণতিৰ সন্মুখীন হ’ল এজন হিন্দু যুৱক! যুৱতীৰ পৰিয়ালৰ লোকে হত্যা কৰি ৮ টুকুৰা কৰিলে যুৱকৰ শৰীৰ । এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত । হিমাচলৰ চম্পা  অঞ্চলত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা।

এই পৰ্যন্ত হত্যাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ২৮ বছৰীয়া মনোহৰ নামৰ যুৱকজন। দুদিন পিছত অৰ্থাৎ ৮ জুনত মনোহৰ নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। 


তাৰপিছত আৰক্ষীয়ে তদন্তৰ অন্তত ৯ জুনত এই নৃশংস ঘটনাৰ সম্ভেদ লাভ কৰে ।  তদন্তৰ অন্তত আৰক্ষীয়ে লাভ কৰে যুৱকৰ ছিন্ন ভিন্ন শৰীৰ। এই ঘটনাত শ্বাবিৰ, মুছাফিৰ হোছেইন আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই তিনিওগৰাকী লোক মনোহৰৰ প্ৰেমিকাৰ পৰিয়ালৰ সদস্য।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে মুছলমান যুৱতী গৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল মনোহৰৰ। কিন্তু তেওঁলোকৰ সম্পৰ্কত তীব্ৰ আপত্তি আছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ। যাৰ বাবে মনোহৰক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা ৰচনা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই।

জানিব পৰা মতে, প্ৰথমে যুৱকজনক হত্যা কৰা হয় আৰু তাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো আঠটাকৈ টুকুৰা কৰি বেগত ভৰাই নলাত পেলাই দিয়া হয়।চম্পাৰ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয় যে যুৱতীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে। ইয়াৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে। ইফালে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মনোহৰৰ পৰিয়াল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ