--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱতীৰ প্ৰেমত পৰাৰ বাবেই চৰম পৰিণতিৰ সন্মুখীন হ’ল এজন হিন্দু যুৱক! যুৱতীৰ পৰিয়ালৰ লোকে হত্যা কৰি ৮ টুকুৰা কৰিলে যুৱকৰ শৰীৰ । এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত । হিমাচলৰ চম্পা  অঞ্চলত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা।

এই পৰ্যন্ত হত্যাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ২৮ বছৰীয়া মনোহৰ নামৰ যুৱকজন। দুদিন পিছত অৰ্থাৎ ৮ জুনত মনোহৰ নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। 


তাৰপিছত আৰক্ষীয়ে তদন্তৰ অন্তত ৯ জুনত এই নৃশংস ঘটনাৰ সম্ভেদ লাভ কৰে ।  তদন্তৰ অন্তত আৰক্ষীয়ে লাভ কৰে যুৱকৰ ছিন্ন ভিন্ন শৰীৰ। এই ঘটনাত শ্বাবিৰ, মুছাফিৰ হোছেইন আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই তিনিওগৰাকী লোক মনোহৰৰ প্ৰেমিকাৰ পৰিয়ালৰ সদস্য।

প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা মতে মুছলমান যুৱতী গৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল মনোহৰৰ। কিন্তু তেওঁলোকৰ সম্পৰ্কত তীব্ৰ আপত্তি আছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোকৰ। যাৰ বাবে মনোহৰক নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা ৰচনা কৰে যুৱতীগৰাকীৰ পৰিয়ালৰ সদস্যই।

জানিব পৰা মতে, প্ৰথমে যুৱকজনক হত্যা কৰা হয় আৰু তাৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ মৃতদেহটো আঠটাকৈ টুকুৰা কৰি বেগত ভৰাই নলাত পেলাই দিয়া হয়।চম্পাৰ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয় যে যুৱতীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰখা হৈছে। ইয়াৰ উপৰিও অভিযুক্তৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰা হৈছে। ইফালে পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মনোহৰৰ পৰিয়াল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস