--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় সংস্কৃতিৰ পৰিসীমা যথেষ্ট ব্যাপ্ত৷ কেৱল ভাৰতবৰ্ষতেই নহয় , বিদেশতো আদৰ বাঢ়িছে ভাৰতীয় সংস্কৃতিৰ ৷
মঙলবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষি চুনাক আৰু তেওঁৰ  পত্নী অক্ষতা মূৰ্তিক  লণ্ডনত  গো -পূজা কৰি থকা অৱস্থাত দেখা পোৱা যায়৷ 

 বৰিছ জনছনৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰা ঋষি চুনাকৰ গো-পূজা কৰি থকা ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে চ’চিয়েল মিডিয়াত৷ 

ভাইৰেল ভিডিঅ'টোত, সুনাকক এটা গৰুৰ বেষ্টনীত দেখা গৈছে৷ লগতে পবিত্ৰ পানী আগবঢ়োৱাৰ পিছত তেওঁক হাতত পিতলৰ পাত্ৰ লৈ থকা দেখা গৈছে৷  দম্পতীহালৰ চাৰিওফালে থকা পুৰোহিতসকলে তেওঁলোকক পৰৱৰ্তী ৰীতি-নীতিৰ বিষয়ে কোৱাও  ভিডিঅ’টোত দেখা গৈছে।
ভিডিঅ'টোৰ শেষাৰ্ধত, শ্ৰীযুত সুনক আৰু তেওঁৰ পত্নী দুয়োকে গৰুৰ আৰতি প্ৰদৰ্শন কৰা দেখা গৈছে 

ইয়াৰ পূৰ্বেও  জন্মাষ্টমী উপলক্ষে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে এটা মন্দিৰ দৰ্শন কৰাৰ   ভিডিঅ'ও ভাইৰেল হৈ পৰিছিল।


উল্লেখযোগ্য যে ,ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়ি থকা অৱস্থাত লগ পোৱা দম্পতীহালে ২০০৬ চনত বাংগালোৰত  বিবাহপাশত আৱদ্ধ হৈছিল ৷ 
লগতে, অহা ৫ ছেপ্টেম্বৰত  প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ চূড়ান্ত ফলাফল  ঘোষণা কৰা হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু