--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল যে  উত্তৰ-পূবৰ ৰাজ্য আৰু দিল্লীৰ মাজত কোনো তুলনা হ'ব নোৱাৰে৷  দেশৰ ৰাজধানী দিল্লীক পৌৰ নিগম সদৃশ বুলিও মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰীজনে৷

টুইটাৰত বৰ্তমান দুয়োজন মুখমন্ত্ৰীৰ যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীজনে    অৰবিন্দ কেজৰিৱালক অসমলৈ আহি চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষা আৰু স্বাস্থ্যসেৱা গোটসমূহ চাবলৈয়ো টুইটাৰত প্ৰত্যাহ্বান জনাইছে৷ আনহাতে  দিল্লীত  ভ্ৰমণৰ সময়ত  কেজৰিৱালৰ  উন্নয়নৰ প্ৰতিচ্ছবি চাবলৈ যত্ন কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে৷ 

মুখ্যমন্ত্ৰী জনে চ’চিয়েল মিডিয়াত মুকলিকৈ যুক্তি দিছিল যে  যদি অসমক আন ৰাজ্যৰ সৈতে তুলনা কৰিব লগা হয়, তেন্তে ইয়াক ঝাৰখণ্ড, ছত্তীশগড় বা পঞ্জাৱৰ দৰে ঠাইৰ সৈতে কৰিব লাগিব।

আনহাতে দিল্লীৰ স্বাস্থ্য সেৱাাক ইতিকিং কৰি মুখ্যমন্ত্ৰীজনে কয় যে,  তেওঁলোকৰ 'মোহল্লা ক্লিনিক' দেখিছোঁ। কিন্তু আমাৰ গৌহাটি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সুবিধাবোৰ চোৱাৰ পিছত, সেই ক্লিনিকবোৰত কি চাবলৈ আছে?

 ২০১৩ চনৰ পৰা ব্যক্তিগত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিছে বা অধিগ্ৰহণ কৰিছে আৰু লগতে নতুন বিদ্যালয় স্থাপন কৰিছে বুলিও হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক প্ৰত্যাহ্বান জনায়৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো যথেষ্ট মাৰ্জিতভাৱে প্ৰত্যুত্তৰ দিছে অৰবিন্দ কেজৰিৱালে৷ আনফালে কেজৰিৱালৰ জনপ্ৰিয়তাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই যে সহজভাৱে লোৱা নাই সেইয়া ইতিমধ্যে বহুতৰে চকুত পৰিছে৷ এইয়া হিমন্ত বিশ্ব শৰ্মাৰ কেজৰিৱালৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাবে এক চতুৰ কৌশল বুলিও বহুতে মত প্ৰকাশ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু