--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দৃঢ়তাৰে ঘোষণা কৰিছিল যে  উত্তৰ-পূবৰ ৰাজ্য আৰু দিল্লীৰ মাজত কোনো তুলনা হ'ব নোৱাৰে৷  দেশৰ ৰাজধানী দিল্লীক পৌৰ নিগম সদৃশ বুলিও মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰীজনে৷

টুইটাৰত বৰ্তমান দুয়োজন মুখমন্ত্ৰীৰ যুঁজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ অসমৰ মুখ্যমন্ত্ৰীজনে    অৰবিন্দ কেজৰিৱালক অসমলৈ আহি চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষা আৰু স্বাস্থ্যসেৱা গোটসমূহ চাবলৈয়ো টুইটাৰত প্ৰত্যাহ্বান জনাইছে৷ আনহাতে  দিল্লীত  ভ্ৰমণৰ সময়ত  কেজৰিৱালৰ  উন্নয়নৰ প্ৰতিচ্ছবি চাবলৈ যত্ন কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে৷ 

মুখ্যমন্ত্ৰী জনে চ’চিয়েল মিডিয়াত মুকলিকৈ যুক্তি দিছিল যে  যদি অসমক আন ৰাজ্যৰ সৈতে তুলনা কৰিব লগা হয়, তেন্তে ইয়াক ঝাৰখণ্ড, ছত্তীশগড় বা পঞ্জাৱৰ দৰে ঠাইৰ সৈতে কৰিব লাগিব।

আনহাতে দিল্লীৰ স্বাস্থ্য সেৱাাক ইতিকিং কৰি মুখ্যমন্ত্ৰীজনে কয় যে,  তেওঁলোকৰ 'মোহল্লা ক্লিনিক' দেখিছোঁ। কিন্তু আমাৰ গৌহাটি চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত সুবিধাবোৰ চোৱাৰ পিছত, সেই ক্লিনিকবোৰত কি চাবলৈ আছে?

 ২০১৩ চনৰ পৰা ব্যক্তিগত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিছে বা অধিগ্ৰহণ কৰিছে আৰু লগতে নতুন বিদ্যালয় স্থাপন কৰিছে বুলিও হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালক প্ৰত্যাহ্বান জনায়৷ 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো যথেষ্ট মাৰ্জিতভাৱে প্ৰত্যুত্তৰ দিছে অৰবিন্দ কেজৰিৱালে৷ আনফালে কেজৰিৱালৰ জনপ্ৰিয়তাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই যে সহজভাৱে লোৱা নাই সেইয়া ইতিমধ্যে বহুতৰে চকুত পৰিছে৷ এইয়া হিমন্ত বিশ্ব শৰ্মাৰ কেজৰিৱালৰ ভাৱমূৰ্ত্তি বিনষ্ট কৰাৰ বাবে এক চতুৰ কৌশল বুলিও বহুতে মত প্ৰকাশ কৰিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ