--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ কৰ্মচাৰী বৰ্খাস্ত কৰিব জুকাৰবাৰ্গে৷ বুধবাৰে তেওঁৰ সংস্থা মেটাৰ তৰফৰ পৰা এটা বিবৃতিযোগে এই কথা জনাইছে৷ বিবৃত্তিটোত কোৱা হৈছে যে মেটাই ফেচবুকৰ পৰা এইবাৰ এঘাৰ হেজাৰ কৰ্মীক বৰ্খাস্ত কৰিবলৈ সিদ্ধান্ত লৈছে৷

 

বিবৃত্তিটোৰ মতে, মুঠ কৰ্মী সংখ্যাৰ কমেও ১৩ শতাংশ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত বৰ্খাস্ত হ’বলগা সকলো কৰ্মীলৈ মাৰ্ক জুকাৰবাৰ্গে দুখ প্ৰকাশ কৰিছে৷

 

বুধবাৰে জুকাৰবাৰ্গে কয় যে সকলোৰে বাবে এইটো এটা কঠিন বিষয়৷ সেয়ে সংস্থাৰ সিদ্ধান্তই যিসকলৰ ওপৰত প্ৰভাৱিত কৰিছে, তেওঁলোকৰ বাবে তেওঁ দুখী৷

 

আনহাতে, মেটাত নতুনকৈ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে৷

 

উল্লেখ্য যে মেটাই ইতিমধ্যে ‘মেটাভাৰ্ছ’ নামৰ এটা ব্যয়বহুল প্ৰকল্প হাতত লৈছে৷ কিন্তু এতিয়ালৈকে সফলতা লাভ কৰা নাই৷ বিস্তৰ আৰ্থিক ক্ষতি হৈছে সংস্থাটোৰ৷ ইয়াৰ পূৰ্বেও সংস্থাটোৱে কৰ্মীৰ বেতন হ্ৰাস আৰু অন্যান্য সা-সুবিধা কমাই আৰ্থিক লোকচানৰ মোকাবিলা কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক