--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ কৰ্মচাৰী বৰ্খাস্ত কৰিব জুকাৰবাৰ্গে৷ বুধবাৰে তেওঁৰ সংস্থা মেটাৰ তৰফৰ পৰা এটা বিবৃতিযোগে এই কথা জনাইছে৷ বিবৃত্তিটোত কোৱা হৈছে যে মেটাই ফেচবুকৰ পৰা এইবাৰ এঘাৰ হেজাৰ কৰ্মীক বৰ্খাস্ত কৰিবলৈ সিদ্ধান্ত লৈছে৷

 

বিবৃত্তিটোৰ মতে, মুঠ কৰ্মী সংখ্যাৰ কমেও ১৩ শতাংশ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত বৰ্খাস্ত হবলগা সকলো কৰ্মীলৈ মাৰ্ক জুকাৰবাৰ্গে দুখ প্ৰকাশ কৰিছে৷

 

বুধবাৰে জুকাৰবাৰ্গে কয় যে সকলোৰে বাবে এইটো এটা কঠিন বিষয়৷ সেয়ে সংস্থাৰ সিদ্ধান্তই যিসকলৰ ওপৰত প্ৰভাৱিত কৰিছে, তেওঁলোকৰ বাবে তেওঁ দুখী৷

 

আনহাতে, মেটাত নতুনকৈ কৰ্মচাৰী নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে৷

 

উল্লেখ্য যে মেটাই ইতিমধ্যে ‘মেটাভাৰ্ছ নামৰ এটা ব্যয়বহুল প্ৰকল্প হাতত লৈছে৷ কিন্তু এতিয়ালৈকে সফলতা লাভ কৰা নাই৷ বিস্তৰ আৰ্থিক ক্ষতি হৈছে সংস্থাটোৰ৷ ইয়াৰ পূৰ্বেও সংস্থাটোৱে কৰ্মীৰ বেতন হ্ৰাস আৰু অন্যান্য সা-সুবিধা কমাই আৰ্থিক লোকচানৰ মোকাবিলা কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুলীয়াজানৰ তৈলখাদত লোহাৰ পাইপ খহি গাত পৰাত শ্ৰমিক কিৰণ গগৈৰ কৰুণ মৃত্যু
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ