--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছু বছৰ পূৰ্বে নেপালত হোৱা শক্তিশালী ভূমিকম্পত ১০ হাজাৰৰো অধিক লোক নিহত হৈছিস। যোৱা নিশা পুনৰ  এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় নেপালক । মাজনিশা নেপালৰ লগতে ভাৰতৰ  দিল্লী আৰু ইয়াৰ কাষৰীয়া  এলেকাবোৰতো ভূমিকম্প অনুভূত হয়।  অৱশ্যেভূমিকম্পৰ  ফলত ভাৰতত কোনো ডাঙৰ ক্ষতি হোৱা নাই। ভূমিকম্পৰ ফলত নেপালৰ এক বৃহৎ এলেকা ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। 

ইতিমধ্যে ছয়জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত নেপালত  বহু লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি নেপাৰ এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা মতে যোৱা নিশা প্ৰায়  ২ বজাত কম্পন অনুভৱ কৰা হৈছিল।  ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৩ আছিল।  বহু ঘৰৰ  দেৱালত ফাঁট মেলা দেখা গৈছে। 

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, কম্পনটোৰ উৎস আছিল নেপালৰ পাহাৰীয়া এলেকা। নেপালৰ ডটি জিলাৰ মুখ্য বিষয়া কল্পনা শ্ৰেষ্ঠই কয় যে কেইবাটাও অঞ্চলত ঘৰ খহি পৰিছে। ইয়াৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।   পুৰবাচোকি গাঁৱৰ পৰা আৰু তিনিজনলোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। নেপালৰ সেনাই ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন