--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছু বছৰ পূৰ্বে নেপালত হোৱা শক্তিশালী ভূমিকম্পত ১০ হাজাৰৰো অধিক লোক নিহত হৈছিস। যোৱা নিশা পুনৰ  এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় নেপালক । মাজনিশা নেপালৰ লগতে ভাৰতৰ  দিল্লী আৰু ইয়াৰ কাষৰীয়া  এলেকাবোৰতো ভূমিকম্প অনুভূত হয়।  অৱশ্যেভূমিকম্পৰ  ফলত ভাৰতত কোনো ডাঙৰ ক্ষতি হোৱা নাই। ভূমিকম্পৰ ফলত নেপালৰ এক বৃহৎ এলেকা ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে। 

ইতিমধ্যে ছয়জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। ভূমিকম্পৰ ফলত নেপালত  বহু লোক আহত হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি নেপাৰ এগৰাকী চৰকাৰী মুখপাত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা মতে যোৱা নিশা প্ৰায়  ২ বজাত কম্পন অনুভৱ কৰা হৈছিল।  ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৩ আছিল।  বহু ঘৰৰ  দেৱালত ফাঁট মেলা দেখা গৈছে। 

নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, কম্পনটোৰ উৎস আছিল নেপালৰ পাহাৰীয়া এলেকা। নেপালৰ ডটি জিলাৰ মুখ্য বিষয়া কল্পনা শ্ৰেষ্ঠই কয় যে কেইবাটাও অঞ্চলত ঘৰ খহি পৰিছে। ইয়াৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।   পুৰবাচোকি গাঁৱৰ পৰা আৰু তিনিজনলোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। নেপালৰ সেনাই ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক