--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ‘অনাৰ কিলিঙ’ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশত। পৰিয়ালৰ ‘সন্মান বচোৱা’ৰ তথাকথিত চেষ্টাৰ ভয়ংকৰ পৰিণতি ভুগিবলগীয়া হ’ল এজন নিৰীহ লোকে। দিন দুপৰতে পাঁচজন লোকে বহু লোকৰ সন্মুখতে ছুৰী মাৰি হত্যা কৰিলে লোকজনক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত ‘অনাৰ কিলিঙ’ৰ এই ঘটনাটো পোহৰলৈ আহিছে। 

গোচৰটো হায়দৰাবাদৰ চাহিনাথগঞ্জ আৰক্ষী থানা এলেকাত অৱস্থিত বেগম বজাৰত  এই ঘটনা সংঘটিত হৈছে। কেইজনমান অজ্ঞাত লোকে দলবদ্ধভাৱে এজন লোকক লোকচক্ষুৰ সন্মুখতে নিৰ্মমভাৱে হত্যা কৰে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। 

আৰক্ষীয়ে সদৰি কৰে যে, নিহত ব্যক্তিজনক নীৰজ পানৱাৰ বুলি চিনাক্ত কৰা হৈছে। নীৰজৰ ডেৰ বছৰ আগতে প্ৰেম বিবাহ হৈছিল। কিন্তু তেওঁ পত্নীৰ পৰিয়ালৰ লোকসকল এই বিবাহক লৈ সন্তুষ্ট নাছিল। তেওঁলোকে নীৰজৰ ওপৰত পোটক তোলাৰ বাবে সুযোগ বিচাৰি আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে নীৰজৰ পত্নীৰ পৰিয়ালৰ লোকৰ হাত এই হত্যাৰ আঁৰত থাকিব পাৰে। উল্লেখ্য যে, নীৰজৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। একে সময়তে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰ তদন্ত আৰম্ভ কৰিছে। 

আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, নীৰজক পাঁচজন মানুহে ছুৰীৰে আক্ৰমণ কৰিছিল। নীৰজক আক্ৰমণ কৰাৰ সময়ত, ওচৰে-পাঁজৰে ভালেমান লোক আছিল যদিও কোনেও আগবাঢ়ি গৈ নীৰজক সহায় কৰা নাছিল। আক্ৰমণকাৰী কেইজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি দুখন বাইকত ঘটনাস্থলীৰ পৰা পলাই যায়। গোটেই ঘটনাটোৰ দৃশ্য তাত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল। এই আক্ৰমণত আঘাতপ্ৰাপ্ত নীৰজক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল যদিও তেওঁক চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

উল্লেখ্য যে, ৪ মে’ত হায়দৰাবাদৰ সৰুৰনগৰত নাগাৰাজু নামৰ এজন যুৱকক তেওঁৰ পত্নীৰ ভাতৃয়ে ৰাজপথৰ ওপৰতে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল। নাগাৰাজুৱে অন্য ধৰ্মী ছোৱালীক বিয়া কৰোঁৱাক লৈ পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছিল অসন্তুষ্টিৰ। তেওঁ পত্নীৰ ক্ষুব্ধ ভাতৃয়ে ভনী জোঁৱায়েকৰ ওপৰত পোটক তোলাৰ বাবে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণৰ ভিডিঅ'টো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছিল। আৰক্ষীয়ে পাছত ঘটনাটোত জড়িত থকা যুৱতীগৰাকীৰ ভাতৃ আৰু তেওঁৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে