--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ‘অনাৰ কিলিঙ’ৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশত। পৰিয়ালৰ ‘সন্মান বচোৱা’ৰ তথাকথিত চেষ্টাৰ ভয়ংকৰ পৰিণতি ভুগিবলগীয়া হ’ল এজন নিৰীহ লোকে। দিন দুপৰতে পাঁচজন লোকে বহু লোকৰ সন্মুখতে ছুৰী মাৰি হত্যা কৰিলে লোকজনক। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত ‘অনাৰ কিলিঙ’ৰ এই ঘটনাটো পোহৰলৈ আহিছে। 

গোচৰটো হায়দৰাবাদৰ চাহিনাথগঞ্জ আৰক্ষী থানা এলেকাত অৱস্থিত বেগম বজাৰত  এই ঘটনা সংঘটিত হৈছে। কেইজনমান অজ্ঞাত লোকে দলবদ্ধভাৱে এজন লোকক লোকচক্ষুৰ সন্মুখতে নিৰ্মমভাৱে হত্যা কৰে। ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। গোচৰটোত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। 

আৰক্ষীয়ে সদৰি কৰে যে, নিহত ব্যক্তিজনক নীৰজ পানৱাৰ বুলি চিনাক্ত কৰা হৈছে। নীৰজৰ ডেৰ বছৰ আগতে প্ৰেম বিবাহ হৈছিল। কিন্তু তেওঁ পত্নীৰ পৰিয়ালৰ লোকসকল এই বিবাহক লৈ সন্তুষ্ট নাছিল। তেওঁলোকে নীৰজৰ ওপৰত পোটক তোলাৰ বাবে সুযোগ বিচাৰি আছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে নীৰজৰ পত্নীৰ পৰিয়ালৰ লোকৰ হাত এই হত্যাৰ আঁৰত থাকিব পাৰে। উল্লেখ্য যে, নীৰজৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। একে সময়তে, আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু ইয়াৰ তদন্ত আৰম্ভ কৰিছে। 

আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, নীৰজক পাঁচজন মানুহে ছুৰীৰে আক্ৰমণ কৰিছিল। নীৰজক আক্ৰমণ কৰাৰ সময়ত, ওচৰে-পাঁজৰে ভালেমান লোক আছিল যদিও কোনেও আগবাঢ়ি গৈ নীৰজক সহায় কৰা নাছিল। আক্ৰমণকাৰী কেইজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি দুখন বাইকত ঘটনাস্থলীৰ পৰা পলাই যায়। গোটেই ঘটনাটোৰ দৃশ্য তাত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছিল। এই আক্ৰমণত আঘাতপ্ৰাপ্ত নীৰজক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছিল যদিও তেওঁক চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। 

উল্লেখ্য যে, ৪ মে’ত হায়দৰাবাদৰ সৰুৰনগৰত নাগাৰাজু নামৰ এজন যুৱকক তেওঁৰ পত্নীৰ ভাতৃয়ে ৰাজপথৰ ওপৰতে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল। নাগাৰাজুৱে অন্য ধৰ্মী ছোৱালীক বিয়া কৰোঁৱাক লৈ পৰিয়ালৰ লোকৰ মাজত সৃষ্টি হৈছিল অসন্তুষ্টিৰ। তেওঁ পত্নীৰ ক্ষুব্ধ ভাতৃয়ে ভনী জোঁৱায়েকৰ ওপৰত পোটক তোলাৰ বাবে আক্ৰমণ সংঘটিত কৰে। এই আক্ৰমণৰ ভিডিঅ'টো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছিল। আৰক্ষীয়ে পাছত ঘটনাটোত জড়িত থকা যুৱতীগৰাকীৰ ভাতৃ আৰু তেওঁৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ