--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী ৰাজনীতিত মুখামুখি হ’বলৈ আগবাঢ়িছে ‘ইণ্ডিয়া’ মিত্ৰজোঁট৷ ২০২৩ৰ জুলাইত বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন হোৱাৰ পাছত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আগবাঢ়িছে ‘ইণ্ডিয়া’৷ 

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাই কয় যে বিৰোধীৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটে বিজেপিৰ বিৰুদ্ধে প্ৰথমটো নিৰ্বাচনত যুঁজিবলৈ সাজু হৈছে আৰু চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ভেটি স্থাপন কৰিব।
এখন সংবাদমেল সম্বোধন কৰি চাদ্ধাই কয়, ইণ্ডিয়া ব্লকে নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ আছে।

বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ সন্দৰ্ভত ৰাঘৱ চাদ্ধাই কয়, আমি বিশ্বাস কৰোঁ যে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'ব। এয়া ইণ্ডিয়া ব্লক আৰু বিজেপিৰ মাজত পোনপটীয়া যুঁজ।

চাদ্ধাই লগতে কয়, আপ আৰু কংগ্ৰেছে একেলগে চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত যুঁজ দিব, যিটো লোকসভা নিৰ্বাচনৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে৷

মেয়ৰ নিৰ্বাচন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰিছিল, সেই বৈঠকত কেইবাটাও বিষয় আলোচনা কৰা হৈছিল আৰু একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সংকল্প শক্তিশালী হৈছিল বুলি চাদ্ধাই সদৰী কৰে৷ লগতে মেয়ৰ প্ৰাৰ্থীজন আম আদমী পাৰ্টিৰ হ'ব, আনহাতে দুয়োজন ডেপুটি মেয়ৰ প্ৰাৰ্থী কংগ্ৰেছৰ হ'ব বুলি ৰাঘৱ চাদ্ধাই উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক