--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি মূকবধিৰ সন্তানক লৈ স্বামী-স্ত্ৰীৰ মাজত সদায় লাগে কাজিয়া। অৱশেষত অতীষ্ঠ হৈ মহিলাগৰাকীয়ে নিজ মূকবধিৰ সন্তানক ঘঁৰিয়াল ভৰি থকা নদীলৈ দলিয়াই দিয়ে। এনে নিৰ্মম তথা নিদাৰুণ ঘটনাত সন্তানটিৰ মৃত্যু হয়। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকত।

এগৰাকী ৩২ বছৰীয়া মহিলাই স্বামীৰ সৈতে হোৱা কাজিয়াত নিজৰ ৬ বছৰীয়া বিশেষভাৱে সক্ষম পুত্ৰক ঘঁৰিয়াল ভৰি থকা নদীলৈ দলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি জন্মৰ পৰাই ডাঙৰ পুত্ৰৰ অক্ষমতাক লৈ পতি-পত্নীয়ে প্ৰায়ে কাজিয়া কৰিছিল। দুয়োৰে সৰু ল’ৰা এটাও আছে যাৰ বয়স ২ বছৰ।

মানুহৰ ঘৰত সহায়িকা হিচাপে কাম কৰা সাবিত্ৰীৰ বৰ পুত্ৰ বিনোদ জন্মৰ পৰাই কলা-বোবা। ইয়াকে লৈ ৩৬ বছৰীয়া স্বামী ৰবি কুমাৰৰ সৈতে সদায় কাজিয়া লাগে সাবিত্ৰীৰ। বৰ পুত্ৰ বিনোদৰ বয়স আছিল ৬ বছৰ। 

সাবিত্ৰীয়ে পুলিচক জনোৱা মতে, স্বামীয়ে তেওঁক সদায় ঠাট্টা-মস্কৰা কৰে আৰু তেওঁ কিয় কলা-বোবা সন্তান জন্ম দিলে তাকে লৈ প্ৰশ্ন কৰি থাকে। সাবিত্ৰীয়ে কয় যে, "এই ঘটনাৰ বাবে মোৰ স্বামী দায়ী। তেওঁ বাৰে বাৰে কৈছিল যে ল’ৰাটোক মাৰি পেলাব লাগে, ই কেৱল খাবলৈহে জানে। মই কৈছিলো, আমাৰ সন্তানটিক জীয়াই থাকিবলৈ দিয়ক। যদি মোৰ স্বামীয়ে একেটা কথাকে বাৰে বাৰে কৈ থাকে তেন্তে মই কিমান সহ্য কৰিম।’’ 

শনিবাৰেও একেধৰণৰ কাজিয়াৰ অন্তত খঙতে হিতাহিত জ্ঞান হেৰুৱাই উত্তৰ কানাড়া জিলাৰ ঘঁৰিয়াল থকা নদীত ৬ বছৰীয়া পুত্ৰ বিনোদক দলিয়াই দিয়ে সাবিত্ৰীয়ে।

এই ঘটনাৰ বিষয়ে চুবুৰীয়াই আৰক্ষীক খবৰ দিলে। স্থানীয় লোক আৰু ডুবাৰুৰ সহযোগত শিশুটিক বচাবলৈ আৰক্ষীয়ে অভিযান চলায় যদিও আন্ধাৰৰ বাবে শিশুটিক বিচাৰি পোৱা নগ’ল। দেওবাৰে পুৱা তেওঁলোকে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। শিশুটিৰ দেহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছিল, কামোৰৰ চিন আছিল আৰু এখন হাত নাছিল। ইয়াকে দেখি আৰক্ষী নিশ্চিত হয় যে শিশুটি ঘঁৰিয়ালৰ আক্ৰমণৰ বলি হৈছিল।

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে স্বামী-স্ত্ৰী দুয়োকে গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু