--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি মূকবধিৰ সন্তানক লৈ স্বামী-স্ত্ৰীৰ মাজত সদায় লাগে কাজিয়া। অৱশেষত অতীষ্ঠ হৈ মহিলাগৰাকীয়ে নিজ মূকবধিৰ সন্তানক ঘঁৰিয়াল ভৰি থকা নদীলৈ দলিয়াই দিয়ে। এনে নিৰ্মম তথা নিদাৰুণ ঘটনাত সন্তানটিৰ মৃত্যু হয়। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকত।

এগৰাকী ৩২ বছৰীয়া মহিলাই স্বামীৰ সৈতে হোৱা কাজিয়াত নিজৰ ৬ বছৰীয়া বিশেষভাৱে সক্ষম পুত্ৰক ঘঁৰিয়াল ভৰি থকা নদীলৈ দলিয়াই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি জন্মৰ পৰাই ডাঙৰ পুত্ৰৰ অক্ষমতাক লৈ পতি-পত্নীয়ে প্ৰায়ে কাজিয়া কৰিছিল। দুয়োৰে সৰু ল’ৰা এটাও আছে যাৰ বয়স ২ বছৰ।

মানুহৰ ঘৰত সহায়িকা হিচাপে কাম কৰা সাবিত্ৰীৰ বৰ পুত্ৰ বিনোদ জন্মৰ পৰাই কলা-বোবা। ইয়াকে লৈ ৩৬ বছৰীয়া স্বামী ৰবি কুমাৰৰ সৈতে সদায় কাজিয়া লাগে সাবিত্ৰীৰ। বৰ পুত্ৰ বিনোদৰ বয়স আছিল ৬ বছৰ। 

সাবিত্ৰীয়ে পুলিচক জনোৱা মতে, স্বামীয়ে তেওঁক সদায় ঠাট্টা-মস্কৰা কৰে আৰু তেওঁ কিয় কলা-বোবা সন্তান জন্ম দিলে তাকে লৈ প্ৰশ্ন কৰি থাকে। সাবিত্ৰীয়ে কয় যে, "এই ঘটনাৰ বাবে মোৰ স্বামী দায়ী। তেওঁ বাৰে বাৰে কৈছিল যে ল’ৰাটোক মাৰি পেলাব লাগে, ই কেৱল খাবলৈহে জানে। মই কৈছিলো, আমাৰ সন্তানটিক জীয়াই থাকিবলৈ দিয়ক। যদি মোৰ স্বামীয়ে একেটা কথাকে বাৰে বাৰে কৈ থাকে তেন্তে মই কিমান সহ্য কৰিম।’’ 

শনিবাৰেও একেধৰণৰ কাজিয়াৰ অন্তত খঙতে হিতাহিত জ্ঞান হেৰুৱাই উত্তৰ কানাড়া জিলাৰ ঘঁৰিয়াল থকা নদীত ৬ বছৰীয়া পুত্ৰ বিনোদক দলিয়াই দিয়ে সাবিত্ৰীয়ে।

এই ঘটনাৰ বিষয়ে চুবুৰীয়াই আৰক্ষীক খবৰ দিলে। স্থানীয় লোক আৰু ডুবাৰুৰ সহযোগত শিশুটিক বচাবলৈ আৰক্ষীয়ে অভিযান চলায় যদিও আন্ধাৰৰ বাবে শিশুটিক বিচাৰি পোৱা নগ’ল। দেওবাৰে পুৱা তেওঁলোকে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। শিশুটিৰ দেহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছিল, কামোৰৰ চিন আছিল আৰু এখন হাত নাছিল। ইয়াকে দেখি আৰক্ষী নিশ্চিত হয় যে শিশুটি ঘঁৰিয়ালৰ আক্ৰমণৰ বলি হৈছিল।

ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে স্বামী-স্ত্ৰী দুয়োকে গ্ৰেপ্তাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ