--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাই সোমবাৰে ফৌজদাৰী প্ৰক্ৰিয়া (চিনাক্তকৰণ) বিধেয়ক, ২০২২ গৃহীত কৰে। বিধেয়কখনে এজন দোষী বা অভিযুক্ত ব্যক্তি চিনাক্ত কৰিবলৈ জৈৱিক নমুনা, আঙুলিৰ প্ৰিণ্ট, ভৰিৰ প্ৰিণ্ট আৰু অন্যান্য প্ৰকাৰৰ নমুনা লোৱাৰ ব্যৱস্থা কৰিছে। বিৰোধীক পতিয়ন নিয়াবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখন বৰ্তমান সময়ত প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত এতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে।

বিধেয়কখনক লৈ  লোকসভাত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিৰোধীয়ে বিধেয়কখন মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰৰ বিৰোধী বুলি অভিহিত কৰিছে। বিৰোধীয়ে আইন প্ৰণেতাসকলক এই বুলিও কৰ্টাক্ষ কৰিছে যে,বিধেয়কখন গোপনীয়তাৰ অধিকাৰ ভংগ কৰিছে। এইসকলো প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰত্যুত্তৰ দি কয় যে চৰকাৰ সদায়  ভুক্তভোগীৰ মানৱ অধিকাৰৰ দিশটোক লৈ অধিক চিন্তিত।  .



১৯২০ চনৰ বন্দী চিনাক্তকৰণ আইন বাতিল কৰিবলৈ আৰু এখন নতুন আইন প্ৰণয়ন কৰিবলৈ এই নতুন বিধেয়কখন উত্থাপন কৰা হৈছে। বিৰোধীয়ে আশংকা কৰিছিল যে জৈৱিক নমুনা লোৱাৰ অজুহাতত, চৰকাৰে ডিএনএ নমুনা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব যি আইন বিৰোধী। চৰকাৰে কৈছে যে অপৰাধৰ তদন্ত আৰু প্ৰতিৰোধৰ বাবে বিধেয়কখনত দিয়া ব্যৱস্থাবোৰ অতি গুৰুত্বপূৰ্ণ।

যেতিয়া অমিত শ্বাহে বিধেয়কখন সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে নিজৰ বক্তৃতা দি আছিল, তৃণমূল কংগ্ৰেছৰ সাংসদজনে তেওঁক কৈছিল যে অমিত শ্বাহে যিধৰণে কথা কয় তাক লৈ তেওঁলোকে ভয় খাইছে। ইয়াৰ উত্তৰত অমিত শ্বাহে তীক্ষ্ণ উত্তৰ দি কৈছিল যে তেওঁ কেতিয়াও ভয় নকৰে কিন্তু তেওঁৰ কণ্ঠস্বৰ অলপ ডাঙৰ। অমিত শ্বাহে ধেমেলীয়াকৈ কৈছিল যে তেওঁৰ উৎপাদনৰে কিবা  ত্ৰুটি ৰৈ গল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন