--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাই সোমবাৰে ফৌজদাৰী প্ৰক্ৰিয়া (চিনাক্তকৰণ) বিধেয়ক, ২০২২ গৃহীত কৰে। বিধেয়কখনে এজন দোষী বা অভিযুক্ত ব্যক্তি চিনাক্ত কৰিবলৈ জৈৱিক নমুনা, আঙুলিৰ প্ৰিণ্ট, ভৰিৰ প্ৰিণ্ট আৰু অন্যান্য প্ৰকাৰৰ নমুনা লোৱাৰ ব্যৱস্থা কৰিছে। বিৰোধীক পতিয়ন নিয়াবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখন বৰ্তমান সময়ত প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছত এতিয়া ৰাজ্যসভালৈ প্ৰেৰণ কৰা হৈছে।

বিধেয়কখনক লৈ  লোকসভাত তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছিল। বিৰোধীয়ে বিধেয়কখন মৌলিক অধিকাৰ আৰু মানৱ অধিকাৰৰ বিৰোধী বুলি অভিহিত কৰিছে। বিৰোধীয়ে আইন প্ৰণেতাসকলক এই বুলিও কৰ্টাক্ষ কৰিছে যে,বিধেয়কখন গোপনীয়তাৰ অধিকাৰ ভংগ কৰিছে। এইসকলো প্ৰশ্নৰ উত্তৰত গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰত্যুত্তৰ দি কয় যে চৰকাৰ সদায়  ভুক্তভোগীৰ মানৱ অধিকাৰৰ দিশটোক লৈ অধিক চিন্তিত।  .



১৯২০ চনৰ বন্দী চিনাক্তকৰণ আইন বাতিল কৰিবলৈ আৰু এখন নতুন আইন প্ৰণয়ন কৰিবলৈ এই নতুন বিধেয়কখন উত্থাপন কৰা হৈছে। বিৰোধীয়ে আশংকা কৰিছিল যে জৈৱিক নমুনা লোৱাৰ অজুহাতত, চৰকাৰে ডিএনএ নমুনা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব যি আইন বিৰোধী। চৰকাৰে কৈছে যে অপৰাধৰ তদন্ত আৰু প্ৰতিৰোধৰ বাবে বিধেয়কখনত দিয়া ব্যৱস্থাবোৰ অতি গুৰুত্বপূৰ্ণ।

যেতিয়া অমিত শ্বাহে বিধেয়কখন সন্দৰ্ভত আলোচনাৰ আৰম্ভণিতে নিজৰ বক্তৃতা দি আছিল, তৃণমূল কংগ্ৰেছৰ সাংসদজনে তেওঁক কৈছিল যে অমিত শ্বাহে যিধৰণে কথা কয় তাক লৈ তেওঁলোকে ভয় খাইছে। ইয়াৰ উত্তৰত অমিত শ্বাহে তীক্ষ্ণ উত্তৰ দি কৈছিল যে তেওঁ কেতিয়াও ভয় নকৰে কিন্তু তেওঁৰ কণ্ঠস্বৰ অলপ ডাঙৰ। অমিত শ্বাহে ধেমেলীয়াকৈ কৈছিল যে তেওঁৰ উৎপাদনৰে কিবা  ত্ৰুটি ৰৈ গল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ