--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকাশলংঘী, মুঠতে বৰ্তমান সময়ত যদি আমি নিত্য ব্যৱহাৰ্য বস্তুৰ ভিতৰত সবাতোকৈ দামী সামগ্ৰীবিধৰ নাম লওঁ, সেয়া নিশ্চিতভাৱে প্ৰথমে পেট্ৰ’ল-ডিজেলৰ কথাকে মনলৈ আহিব। দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধিয়ে এতিয়া জনতাৰ মুৰত মাধমাৰ দিছে। পেট্ৰ’ল-ডিজেলৰ এতিয়া দৈনন্দিন মূল্যবৃদ্ধি হ’ব লৈছে। আলু-পিঁয়াজৰ দাম বজাৰত বঢ়া-টুটা হৈ থকাৰ দৰে পেট্ৰল আৰু ডিজেলৰ দামো উঠা-নমা হৈ থকাটো আজিৰ দিনত সাধাৰণ কথা হৈ পৰিছে। 

পেট্ৰলৰ দাম যোৱাকালি যদি এটকা বাঢ়িছে আজি আকৌ চাৰি টকা বাঢ়িছে, মুঠতে মূল্যবৃদ্ধিৰ এই গ্ৰাফডাল যেন এতিয়া ৰোৱাৰ নামে লোৱা নাই। বিগত ১৫দিনত ১৩বাৰ দাম বৃদ্ধি হৈ ৯.৫ টকা বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। আজিৰ তাৰিখত পেট্ৰ’লৰ দাম ১০৪.৭৭ টকা হোৱাৰ বিপৰীতে ডিজেলত দাম হৈছেগৈ ৯০.৫৬ টকা।

 উল্লেখ্য যে, ভূ-ৰাজনৈতিক ক্ৰাইচিচৰ বাবে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰতো। মাৰ্চ মাহৰ প্ৰথম ভাগতে অনুমান কৰা হৈছিল যে দেশত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত প্ৰায় ১৫ৰ পৰা ২২ টকালৈকে বৃদ্ধি পাব।

 কমোডিটিজ এণ্ড মুদ্ৰা কেপিটেলভিয়া গ্লোবেল ৰিচাৰ্ছৰ মুখ্য ক্ষিতিজ পুৰোহিতে কয় যে ব্ৰেণ্ট অইলে ১২০ ডলাৰপৰ্যন্ত এতিয়া প্ৰত্যাহ্বান জনাইছে। কিন্তু আমি এই মুহূৰ্তত পুনৰ বিকল্প সন্ধান কৰিবলৈ চিন্তা-চৰ্চা কৰিছো।

 ইফালে সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ শেষৰ ফালে কিছু হ্ৰাস পাব পাৰে যদিও ১০০ টকাৰ তললৈ অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু ছমাহৰ ভিতৰত পেট্ৰ'ল-ডিজেলৰ মূল্যত এতিয়াৰ তুলনাত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।

ইফালে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুও সমাগত। এই সময়তো সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া ৰাইজৰ মাজত পানীত হাঁহ নচৰা অৱস্থা এটাৰ সৃষ্টি হৈছে। আলু-পিঁয়াজ, মিঠাতেলৰ পৰা আদি কৰি সকলো সামগ্ৰী এতিয়া আকাশলংঘী মূল্যবৃদ্ধি হৈছে। এনে পৰিপ্ৰেক্ষিতত এতিয়া বাপতিসাহোন ৰঙালী বিহুটো এতিয়া কঙালী হ’বলৈ গৈ আছে সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'