--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকাশলংঘী, মুঠতে বৰ্তমান সময়ত যদি আমি নিত্য ব্যৱহাৰ্য বস্তুৰ ভিতৰত সবাতোকৈ দামী সামগ্ৰীবিধৰ নাম লওঁ, সেয়া নিশ্চিতভাৱে প্ৰথমে পেট্ৰ’ল-ডিজেলৰ কথাকে মনলৈ আহিব। দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী পেট্ৰ’ল-ডিজেলৰ মুল্যবৃদ্ধিয়ে এতিয়া জনতাৰ মুৰত মাধমাৰ দিছে। পেট্ৰ’ল-ডিজেলৰ এতিয়া দৈনন্দিন মূল্যবৃদ্ধি হ’ব লৈছে। আলু-পিঁয়াজৰ দাম বজাৰত বঢ়া-টুটা হৈ থকাৰ দৰে পেট্ৰল আৰু ডিজেলৰ দামো উঠা-নমা হৈ থকাটো আজিৰ দিনত সাধাৰণ কথা হৈ পৰিছে। 

পেট্ৰলৰ দাম যোৱাকালি যদি এটকা বাঢ়িছে আজি আকৌ চাৰি টকা বাঢ়িছে, মুঠতে মূল্যবৃদ্ধিৰ এই গ্ৰাফডাল যেন এতিয়া ৰোৱাৰ নামে লোৱা নাই। বিগত ১৫দিনত ১৩বাৰ দাম বৃদ্ধি হৈ ৯.৫ টকা বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ দাম। আজিৰ তাৰিখত পেট্ৰ’লৰ দাম ১০৪.৭৭ টকা হোৱাৰ বিপৰীতে ডিজেলত দাম হৈছেগৈ ৯০.৫৬ টকা।

 উল্লেখ্য যে, ভূ-ৰাজনৈতিক ক্ৰাইচিচৰ বাবে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য বিশ্বজুৰি বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰতো। মাৰ্চ মাহৰ প্ৰথম ভাগতে অনুমান কৰা হৈছিল যে দেশত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলত প্ৰায় ১৫ৰ পৰা ২২ টকালৈকে বৃদ্ধি পাব।

 কমোডিটিজ এণ্ড মুদ্ৰা কেপিটেলভিয়া গ্লোবেল ৰিচাৰ্ছৰ মুখ্য ক্ষিতিজ পুৰোহিতে কয় যে ব্ৰেণ্ট অইলে ১২০ ডলাৰপৰ্যন্ত এতিয়া প্ৰত্যাহ্বান জনাইছে। কিন্তু আমি এই মুহূৰ্তত পুনৰ বিকল্প সন্ধান কৰিবলৈ চিন্তা-চৰ্চা কৰিছো।

 ইফালে সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ শেষৰ ফালে কিছু হ্ৰাস পাব পাৰে যদিও ১০০ টকাৰ তললৈ অহাৰ কোনো সম্ভাৱনা নাই। কিন্তু ছমাহৰ ভিতৰত পেট্ৰ'ল-ডিজেলৰ মূল্যত এতিয়াৰ তুলনাত যথেষ্ট পাৰ্থক্য দেখিবলৈ পাব বুলি অনুমান কৰিছে বিশেষজ্ঞসকলে।

ইফালে, অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুও সমাগত। এই সময়তো সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া ৰাইজৰ মাজত পানীত হাঁহ নচৰা অৱস্থা এটাৰ সৃষ্টি হৈছে। আলু-পিঁয়াজ, মিঠাতেলৰ পৰা আদি কৰি সকলো সামগ্ৰী এতিয়া আকাশলংঘী মূল্যবৃদ্ধি হৈছে। এনে পৰিপ্ৰেক্ষিতত এতিয়া বাপতিসাহোন ৰঙালী বিহুটো এতিয়া কঙালী হ’বলৈ গৈ আছে সেয়া নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন