--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বুলধনা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখনকৈ যাত্ৰীবাহী বাছৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৬ গৰাকী যাত্ৰী। আনহাতে আহত হৈছে ২৫ গৰাকীকৈ যাত্ৰী।

মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হৈছে দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটোৰ ভয়াৱহতা আৰু আহতসকলৰ সংকটজনক অৱস্থালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এখন বাছত আছিল তীৰ্থ যাত্ৰী। এই তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনত আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ MH 08 9458।

তেওঁলোকে অমৰনাথ যাত্ৰা সামৰি হিংগোলীলৈ ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। 
আনহাতে দুৰ্ঘটনাত পতিত হোৱা আনখন বাছ নাগপুৰৰ পৰা নাচিক অভিমুখে যাত্ৰা কৰিছিল। এই বাছখনৰ নম্বৰ আছিল  MH 27 BX 4466। বাছখনত আছিল প্ৰায় ৩০ গৰাকী যাত্ৰী।

শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীসহ উদ্ধাৰকাৰী দল উপস্থিত হয়। তেওঁলোকে দুয়োখন বাছৰ যাত্ৰীকে উদ্ধাৰ কৰে। ঘটনাত আহত ২৫ গৰাকীৰ ভিতৰত বহু কেইজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস