--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বুলধনা জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখনকৈ যাত্ৰীবাহী বাছৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা। হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৬ গৰাকী যাত্ৰী। আনহাতে আহত হৈছে ২৫ গৰাকীকৈ যাত্ৰী।

মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হৈছে দুৰ্ঘটনাটো। এই দুৰ্ঘটনাটোৰ ভয়াৱহতা আৰু আহতসকলৰ সংকটজনক অৱস্থালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাত পতিত হোৱা এখন বাছত আছিল তীৰ্থ যাত্ৰী। এই তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছখনত আছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ MH 08 9458।

তেওঁলোকে অমৰনাথ যাত্ৰা সামৰি হিংগোলীলৈ ঘূৰি অহাৰ সময়তে এই দুৰ্ঘটনাৰ সন্মুখীন হয়। 
আনহাতে দুৰ্ঘটনাত পতিত হোৱা আনখন বাছ নাগপুৰৰ পৰা নাচিক অভিমুখে যাত্ৰা কৰিছিল। এই বাছখনৰ নম্বৰ আছিল  MH 27 BX 4466। বাছখনত আছিল প্ৰায় ৩০ গৰাকী যাত্ৰী।

শনিবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষীসহ উদ্ধাৰকাৰী দল উপস্থিত হয়। তেওঁলোকে দুয়োখন বাছৰ যাত্ৰীকে উদ্ধাৰ কৰে। ঘটনাত আহত ২৫ গৰাকীৰ ভিতৰত বহু কেইজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে