--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লতা মংগেশকাৰ নামৰ সোণালী অধ্যায়টোক বাদ দিলে ভাৰতীয় সংগীতৰ ইতিহাস হৈ পৰিব প্ৰায় শূন্য। দশকৰ পাছত দশক ভাৰতীয় সংগীত জগতক সমৃদ্ধি প্ৰদান কৰি অহা লতা মংগেশকাৰে সমগ্ৰ জীৱন অতিবাহিত কৰিছিল সংগীত সাধনাতে। দেওবাৰে তেওঁ কায়িক জীৱনৰ অৱসান ঘটে আৰু তেওঁ এটা মহাজীৱন আকোৱালি ল’লে। সংগীতৰ নামত জীৱন পাত কৰি লতাজীয়ে ভাৰতক উপহাৰ দিছে ৩০ সহস্ৰাধিক গীত। যিবোৰ গীতৰ প্ৰতিধ্বনি দেশ-বিদেশৰ অগণন লোকৰ অন্তৰে অন্তৰে ধ্বনিত হৈ আছে। কিন্তু লতাজীয়ে বাণীবদ্ধ কৰা তেওঁৰ জীৱনৰ শেষ গীতটো কি আছিল জানেনে? লতাজীৰ জীৱনাৱসানৰ লগে লগে সেই কথা আজি পুনৰ চৰ্চা হৈছে। মাৰাঠী ছবি ‘কিটি হাছাল’ (Kiti Hasaal)ৰ বাবে ১৯৪২ চনত লতাজীয়ে তেওঁৰ জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল। এই গীতটো আছিল “Naachu Yaa Gade, Khelu Saari Mani Haus Bhaari”। এই গীতটোৰ জৰিয়তে ভাৰতীয় সংগীতৰ আটাইতকৈ বৰ্ণাঢ্য শিল্পীগৰাকীৰ সংগীত জীৱন আৰম্ভ হৈছিল। ভাৰতৰত্নপ্ৰাপক লতাজীয়ে বাণীবদ্ধ কৰা তেওঁৰ জীৱনৰ শেষৰটো গীত কি আছিল? সেই প্ৰশ্নই কেতিয়াবা তেওঁৰ অনুৰাগীৰ অন্তৰত ভুমুকি মাৰে। তেওঁ শেষবাৰৰ বাবে বাণীবদ্ধ কৰা গীতটো আছিল? তেওঁ শেষবাৰৰ কাৰণে বাণীবদ্ধ কৰা গীতটো আন একো নহয় ‘গায়ত্ৰী মন্ত্ৰ’ আছিল। দেশৰ আটাইতকৈ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীৰ বিয়াৰ বাবে এই গায়ত্ৰী মন্ত্ৰ ৰেকৰ্ড কৰিছিল সুৰ সম্ৰাজ্ঞীয়ে। গায়ত্ৰী মন্ত্ৰটোৰ সৈতে এটা অভিনন্দন বাৰ্তাও বাণীবদ্ধ কৰা হৈছিল। ঈশা আম্বানী আৰু আনন্দ পিৰামলৰ বিবাহৰ দিনা লতাজীৰ কণ্ঠৰ এই গায়ত্ৰী মন্ত্ৰ বজোৱা হৈছিল। ২০১৮ চনৰ ১২ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল ঈশা। সেইদিনাই কিংবদন্তী শিল্পীগৰাকীৰ কণ্ঠৰ গায়ত্ৰী মন্ত্ৰই বিবাহ বাহৰত সৰগীয় স্বৰৰ প্ৰতিধ্বনি তুলিছিল। লতাজীৰ ঘনিষ্ঠ এগৰাকী লোকে প্ৰকাশ কৰা অনুসৰি লতাজীয়ে এবাৰতে নিপুন-নিখুঁটভাৱে এই গীত বাণীবদ্ধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ