--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : লতা মংগেশকাৰ নামৰ সোণালী অধ্যায়টোক বাদ দিলে ভাৰতীয় সংগীতৰ ইতিহাস হৈ পৰিব প্ৰায় শূন্য। দশকৰ পাছত দশক ভাৰতীয় সংগীত জগতক সমৃদ্ধি প্ৰদান কৰি অহা লতা মংগেশকাৰে সমগ্ৰ জীৱন অতিবাহিত কৰিছিল সংগীত সাধনাতে। দেওবাৰে তেওঁ কায়িক জীৱনৰ অৱসান ঘটে আৰু তেওঁ এটা মহাজীৱন আকোৱালি ল’লে। সংগীতৰ নামত জীৱন পাত কৰি লতাজীয়ে ভাৰতক উপহাৰ দিছে ৩০ সহস্ৰাধিক গীত। যিবোৰ গীতৰ প্ৰতিধ্বনি দেশ-বিদেশৰ অগণন লোকৰ অন্তৰে অন্তৰে ধ্বনিত হৈ আছে। কিন্তু লতাজীয়ে বাণীবদ্ধ কৰা তেওঁৰ জীৱনৰ শেষ গীতটো কি আছিল জানেনে? লতাজীৰ জীৱনাৱসানৰ লগে লগে সেই কথা আজি পুনৰ চৰ্চা হৈছে। মাৰাঠী ছবি ‘কিটি হাছাল’ (Kiti Hasaal)ৰ বাবে ১৯৪২ চনত লতাজীয়ে তেওঁৰ জীৱনৰ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল। এই গীতটো আছিল “Naachu Yaa Gade, Khelu Saari Mani Haus Bhaari”। এই গীতটোৰ জৰিয়তে ভাৰতীয় সংগীতৰ আটাইতকৈ বৰ্ণাঢ্য শিল্পীগৰাকীৰ সংগীত জীৱন আৰম্ভ হৈছিল। ভাৰতৰত্নপ্ৰাপক লতাজীয়ে বাণীবদ্ধ কৰা তেওঁৰ জীৱনৰ শেষৰটো গীত কি আছিল? সেই প্ৰশ্নই কেতিয়াবা তেওঁৰ অনুৰাগীৰ অন্তৰত ভুমুকি মাৰে। তেওঁ শেষবাৰৰ বাবে বাণীবদ্ধ কৰা গীতটো আছিল? তেওঁ শেষবাৰৰ কাৰণে বাণীবদ্ধ কৰা গীতটো আন একো নহয় ‘গায়ত্ৰী মন্ত্ৰ’ আছিল। দেশৰ আটাইতকৈ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীৰ বিয়াৰ বাবে এই গায়ত্ৰী মন্ত্ৰ ৰেকৰ্ড কৰিছিল সুৰ সম্ৰাজ্ঞীয়ে। গায়ত্ৰী মন্ত্ৰটোৰ সৈতে এটা অভিনন্দন বাৰ্তাও বাণীবদ্ধ কৰা হৈছিল। ঈশা আম্বানী আৰু আনন্দ পিৰামলৰ বিবাহৰ দিনা লতাজীৰ কণ্ঠৰ এই গায়ত্ৰী মন্ত্ৰ বজোৱা হৈছিল। ২০১৮ চনৰ ১২ডিচেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল ঈশা। সেইদিনাই কিংবদন্তী শিল্পীগৰাকীৰ কণ্ঠৰ গায়ত্ৰী মন্ত্ৰই বিবাহ বাহৰত সৰগীয় স্বৰৰ প্ৰতিধ্বনি তুলিছিল। লতাজীৰ ঘনিষ্ঠ এগৰাকী লোকে প্ৰকাশ কৰা অনুসৰি লতাজীয়ে এবাৰতে নিপুন-নিখুঁটভাৱে এই গীত বাণীবদ্ধ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু