--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ’ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ’ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কুকিল কণ্ঠী গায়িকাগৰাকীৰ মৃত্যু হয়। মুম্বাইৰ চৰকাৰৰ লগতে প্ৰশাসনে চিকিৎসালয়ত মৃত্যু হোৱা প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দাদৰ অঞ্চলৰ শিৱাজী উদ্যানখন বাছনি কৰিছে আৰু ইয়াৰ বাবে উদ্যানখনৰ আশা-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে। চলচ্চিত্ৰ জগতৰ বহুটো বিশিষ্ট ব্যক্তি, ৰাজনীতিবিদ আৰু প্ৰয়াত গায়িকাগৰাকীৰ অসংখ্য শুভাকাংক্ষীসকলে তেওঁক যিহেতু শ্ৰদ্ধাঞ্জলি জনাবলৈ তাত উপস্থিত হ'ব সেয়েহে মুখ্য পথৰ যান-বাহনৰ পথ সলনি কৰা হ'ব বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিছে। দক্ষিণ মুম্বাইৰ পেড্ডাৰ ৰোড আৰু শিৱাজী পাৰ্কত থকা তেওঁৰ বাসগৃহত ভিআইপিসকলৰ আগমনৰ কথা মনত ৰাখি, সেই অঞ্চলবোৰৰ কিছুমান গুৰুত্বপূৰ্ণ স্থানত বেৰিকেডিং ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱা ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ৯২ বছৰীয়া গায়িকাগৰাকীৰ মৃত্যুৰ পিছত মুম্বাইৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে তেওঁৰ বাসগৃহ আৰু শিৱাজী উদ্যান পৰিদৰ্শন কৰে। যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে যান-বাহন আৰক্ষীয়ে দাদৰ অঞ্চলত অতিৰিক্ত আৰক্ষী কৰ্মচাৰীক নিযুক্তি কৰিছে। শিৱাজী উদ্যানত অতিৰিক্ত আৰক্ষী বাহিনী আৰু কুকুৰ দলও মোতায়েন কৰা হৈছে। দিনটোৰ আৰম্ভণিতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে এক বিবৃতিত কৈছিল যে মংগেশকাৰক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে মহান গায়িকাগৰাকীৰ বিয়োগত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ৬ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব আৰু এই সময়ছোৱাত কোনো আনুষ্ঠানিক চৰকাৰী সভা বা সমাৱেশ অনুষ্ঠিত কৰা নহব

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু