--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান। কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ’ল ভাৰতৰ গৌৰৱ লতা মংগেশকাৰ। আজি সমগ্ৰ দেশ শোকত স্তব্ধ হৈ পৰিছে। যাৰ কণ্ঠই ভাৰতক দিছিল বিশেষ মৰ্যাদা সেই কণ্ঠ আজি ৰুদ্ধ হ’ল। কিংবদন্তী গায়িকা লতা মংগেশকাৰৰ আজি ৯২ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত কুকিল কণ্ঠী গায়িকাগৰাকীৰ মৃত্যু হয়। মুম্বাইৰ চৰকাৰৰ লগতে প্ৰশাসনে চিকিৎসালয়ত মৃত্যু হোৱা প্ৰবীণ গায়িকা লতা মংগেশকাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে দাদৰ অঞ্চলৰ শিৱাজী উদ্যানখন বাছনি কৰিছে আৰু ইয়াৰ বাবে উদ্যানখনৰ আশা-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে। চলচ্চিত্ৰ জগতৰ বহুটো বিশিষ্ট ব্যক্তি, ৰাজনীতিবিদ আৰু প্ৰয়াত গায়িকাগৰাকীৰ অসংখ্য শুভাকাংক্ষীসকলে তেওঁক যিহেতু শ্ৰদ্ধাঞ্জলি জনাবলৈ তাত উপস্থিত হ'ব সেয়েহে মুখ্য পথৰ যান-বাহনৰ পথ সলনি কৰা হ'ব বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিছে। দক্ষিণ মুম্বাইৰ পেড্ডাৰ ৰোড আৰু শিৱাজী পাৰ্কত থকা তেওঁৰ বাসগৃহত ভিআইপিসকলৰ আগমনৰ কথা মনত ৰাখি, সেই অঞ্চলবোৰৰ কিছুমান গুৰুত্বপূৰ্ণ স্থানত বেৰিকেডিং ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱা ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ৯২ বছৰীয়া গায়িকাগৰাকীৰ মৃত্যুৰ পিছত মুম্বাইৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে তেওঁৰ বাসগৃহ আৰু শিৱাজী উদ্যান পৰিদৰ্শন কৰে। যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে যান-বাহন আৰক্ষীয়ে দাদৰ অঞ্চলত অতিৰিক্ত আৰক্ষী কৰ্মচাৰীক নিযুক্তি কৰিছে। শিৱাজী উদ্যানত অতিৰিক্ত আৰক্ষী বাহিনী আৰু কুকুৰ দলও মোতায়েন কৰা হৈছে। দিনটোৰ আৰম্ভণিতে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে এক বিবৃতিত কৈছিল যে মংগেশকাৰক ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে যে মহান গায়িকাগৰাকীৰ বিয়োগত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ৬ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হ'ব আৰু এই সময়ছোৱাত কোনো আনুষ্ঠানিক চৰকাৰী সভা বা সমাৱেশ অনুষ্ঠিত কৰা নহব

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ