--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সংগীতসূৰ্য ডঃ ভূপেন হাজৰিকাৰ সৈতে লতা মংগেশকাৰৰ আছিল এক আন্তৰিক সম্পৰ্ক। নামবিহীন এই সম্পৰ্কক বান্ধি ৰখা সূতাডাল আছিল সংগীত। কিন্তু লাহে লাহে সংগীতৰ মায়াজালৰ মাজৰ পৰা ব্যক্তিগত পৰ্যায়লৈ তেওঁলোকৰ সম্পৰ্কই যেন বাট কাটি দিছিল। এই সম্পৰ্কক লৈ নানা চৰ্চা বিভিন্ন সময়ত চলিছিল। ভূপেন হাজৰিকা জীৱিত থকা অৱস্থাই নহয় তেওঁৰ মৃত্যুৰ পাছতো এই বিষয়ক চৰ্চাই ব্যপক ৰূপ লাভ কৰিছিল। তেওঁলোকৰ জীৱনৰ এই অঘোষিত আৰু নাম বিহীন সম্পৰ্কই ভাৰতীয় সংগীতক যে এক আপুৰুগীয়া বৈভৱ প্ৰদান কৰিছিল সেয়া কিন্তু নিশ্চিত। কেনেকৈ গঢ় লৈছিল এই সম্পৰ্ক? কিদৰে বাট কাটিছিল তেওঁলোকৰ বুকুত এই সম্পৰ্কৰ সোতে? ডঃ ভূপেন হাজৰিকাই নিজেই ঘোষণা কৰি থৈ গৈছে যে তেওঁক আজীৱন উৰণীয়া মৌ। কোনো এজোপা গছত চিৰকাল থিতাপি লোৱা লোক তেওঁ নহয়। জীৱনৰ দীঘলীয়া এছোৱা সময় তেওঁ উৰণীয়া মৌ হৈয়েই কটাই দিলে। প্ৰিয়ম হাজৰিকাৰে বিবাহপাশত আবদ্ধ হ’লেও বান্ধোন নমনা ভূপেনদাৰ জীৱনক সাংসাৰিক বান্ধোনে শিকলি লগাব পৰা নাছিল। কিন্তু উৰণীয়া এই জীৱনটোৱে কোনোবাটো মুহূৰ্তত সংগীত সম্প্ৰাজ্ঞীৰ জীৱনটো জুৰি ল’ব বিচাৰিছিল নেকি তাক লৈ আজিও ব্যাপক চৰ্চা চলে। ভূপেনদাৰ সংসাৰত ভাঙোন ধৰাৰ বিভিন্ন কাৰণৰ ভিতৰত এটা কাৰণ লতাজীৰ সৈতে তেওঁৰ অনামী সম্পৰ্কও আছিল নেকি বুলি আজিও প্ৰশ্ন উঠে। কিমান ওচৰ আছিল তেওঁলোকৰ সম্পৰ্ক? সংগীতে বান্ধি দিয়া সীমাৰেখা চেৰাই কিমান কাষ চাপি গৈছিল দুয়ো? সংগীতৰ জৰিয়তেই ভূপেনদাৰ সৈতে সম্পৰ্কই পোখা মেলিছিল লতা মংগেশকাৰৰ। লতাজীয়ে ভূপেন হাজৰিকাৰ বহু কালজয়ী গীতত কৰিছিল কণ্ঠদান। ‘দিল হুম হুম কৰে...’ৰ পৰা ‘জোনাকৰে ৰাতি...’, ‘দুয়ো মুখামুখি...’লৈ বহু যুগজয়ী গীত সৃষ্টি কৰিছিল এই সংগীত যুটীটোৱে। কিন্তু সংগীতে বন্ধা এই যুটীটো সংগোপনে যেন বান্ধ খাইছিল প্ৰেমৰ বান্ধোনতো। দুয়ো এই সম্পৰ্কত কাহিনীও কোনো কথা কৈ নগ’ল। প্ৰকাশ নকৰিলে কোনো কথা। কিন্তু তথাপি তেওঁলোকৰ লক্ষ্য লক্ষ্য অনুৰাগীয়ে যেন এই কথাৰ উমান নোপোৱাকৈ নাথাকিল। আনকি লতা-ভূপেনৰ সম্পৰ্কই ভূপেন হাজৰিকাৰ সাংসাৰতো ভাঙোন অনা বুলি চৰ্চা চলিছিল। আন নালাগে ভূপেন হাজৰিকাৰ পত্নী প্ৰিয়ম হাজৰিকাই ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত লতা মংগেশকাৰৰে ভূপেন হাজৰিকাৰ সম্পৰ্কৰ কথা মুকলিকৈ উত্থাপন কৰিছিল। তেওঁৰ এই মন্তব্যই সময়ত ব্যাপক বিতৰ্কৰো সূত্ৰপাত ঘটাইছিল। মন কৰিবলগীয়া কথাটো হ’ল লতা মংগেশকাৰে কিন্তু তেতিয়া এনে সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল। প্ৰিয়ম হাজৰিকাই আনকি লতাজী আৰু ভূপেন হাজৰিকাই নিবিড় মুহূৰ্ত কটোৱা ঘটনাৰো সাক্ষী হোৱা বুলি মন্তব্য কৰিছিল। আজীৱন উৰণীয়া মৌ ভূপেন হাজৰিকাই লতা মংগেশকাৰ নামৰ বিৰিখৰ ডালতো জিৰণী লোৱাৰ এই কাহিনীৰ সত্যতা স্বীকাৰ কৰিবলৈ এতিয়া কোনো এগৰাকীয়ে জীৱিত হৈ থকা নাই। কিন্তু তেওঁলোকৰ মাজৰ এই সম্পৰ্কই অসমীয়া তথা দেশৰ সংগীত জগতৰ সমৃদ্ধ কৰি তোলাত যে বিশেষ অৰিহণা যোগাইছিল তাক অস্বীকাৰ কৰাৰ উপায় নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement