--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম। সেইখন দেশ মোৰ দূৰণিৰ দেশ, তথাপি চিনাকি শুৱনি নাম’। জীৱন্ত কিম্বদন্তীলৈ পৰিণত হোৱা কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ ওপজা ভূমিৰ পৰা ভাৰতৰ সূৰ্য উঠা দেশ অসমলৈ বহু দূৰ। তথাপি অসমৰ সৈতে লতাজীৰ আছিল এটা বিশেষ তান। দূৰণিৰ দেশ হ’লেও অসম তেওঁৰ বাবে এটা আজন্ম সুৱদী-শুৱনি নাম। সেয়ে গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁৰ অপূৰ্ব কণ্ঠেৰে জনাইছিল প্ৰণাম। আজি অশেষ যন্ত্ৰণা আৰু পীড়াত চিকিৎসালয়ৰ কোঠৰিত জীৱনৰ কঠিন সময় অতিবাহিত কৰিছে। সমগ্ৰ দেশৰ লগতে অসমবাসীও আজি তেওঁৰ যন্ত্ৰণাত কাতৰ। সুস্থ হৈ উঠাৰ আশাৰে আতুৰ অসমবাসী। অসমৰ পৰা প্ৰায় ২ হাজাৰ কিলোমিটাৰ দূৰত থকা মাৰাঠী জীয়ৰী লতাজীৰ বাবে কেনেকৈ আজন্ম চিনাকী হৈ পৰিছিল অসমৰ নাম? অসমৰ সংগীত জগতৰ মহীৰূহ ড০ ভূপেন হাজৰিকাও আছিল লতাজীৰ দৰেই এগৰাকী জীৱন্ত কিম্বদন্তী। এক সুমধুৰ আত্মিক সম্পৰ্কৰে দুয়ো গৰাকীয়ে সংগীত জগতৰ বাবে কাম কৰিছিল। লতাজীৰ বাবে সুধাকণ্ঠ আছিল দাদা। এই আপোন সম্বন্ধৰেই ভূপেন দাক সম্বোধন কৰিছিল লতা মংগেশকাৰে। ভূপেন দাৰ লগতে বহু কেইজন সংস্কৃতিৱানৰ সৈতেও অসমৰ সংগীত আৰু বোলছবিৰ বাবে কাম কৰিছিল লতাজীয়ে। ১৯৫৬ চনত এই গৰাকী কোকিল কণ্ঠী গায়িকাই ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলছবিৰ বাবে গীত গাইছিল। তাত লতাজীৰ কণ্ঠত সাৰ পাই উঠিছিল অসমৰ এখন মনোমোহা ছবিয়ে। সুৰৰ গাগৰিত প্ৰাণৱন্ত হৈ পৰিছিল অসমৰ গাঁৱৰ স্নিগ্ধ জোনাকৰ ৰাতিৰ এক মনোমোহা ছবি। গানৰ ছন্দ আৰু সুৰৰ লয়লায়ত উদ্ভাসিত হৈছিল প্ৰতিজন চহা মানুহৰ চিনাকি এটা পৰিৱেশ। অতি সোনকালেই সেই গীতটি সোমাই গৈছিল সৌন্দৰ্য পিয়াসী শ্ৰোতাৰ আঁহে-আঁহে, কোঁহে-কোঁহে। তাৰ পাছৰ পৰা এতিয়ালৈ অসমীয়া মানুহৰ অন্তৰত এক নিগাজী স্থান দখল কৰিলে লতাজীয়ে। অসম আৰু মহাৰাষ্ট্ৰ, অসমীয়া আৰু মাৰাঠীৰ মাজত আগৰে পৰাই বহু সাদৃশ্য আছে। মোগলৰ বিৰুদ্ধে অসমীয়া বীৰ লাচিত বৰফুকনৰ দৰেই মাৰাঠী বীৰ শিৱাজীয়েও যুদ্ধ দিছিল। দুয়ো জাতিৰে আছিল অকুণ্ঠ জাতীয় স্বাভিমান। লতাজী আৰু ভূপেন দাৰ যোগেদি সাদৃশ্য বহনকাৰী দুই জাতিয়ে পৰস্পৰৰ ওচৰ চাপি আহিবলৈ এক সুযোগ পালে। এনেদৰেই লাহে লাহে দুই জাতিৰ মাজত দূৰত্ব ভেদ কৰিব পৰা এখন দলঙৰ তৈয়াৰ হৈছিল। লতাজীৰ কণ্ঠেৰে অমীয়া আৰু মাৰাঠা সংস্কৃতিক দুই জাতিয়ে পৰস্পৰে অনুভৱ কৰাৰ সুযোগ পালে। বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া জাতিৰ সাংস্কৃতিক ভঁড়াল চহকী কৰা লতাজী অসমবাসীৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু