--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোদাবৰী নৈৰে পাৰৰে পৰা, অসমী আইলৈ যাচোঁ প্ৰণাম। সেইখন দেশ মোৰ দূৰণিৰ দেশ, তথাপি চিনাকি শুৱনি নাম’। জীৱন্ত কিম্বদন্তীলৈ পৰিণত হোৱা কোকিল কণ্ঠী গায়িকা লতা মংগেশকাৰৰ ওপজা ভূমিৰ পৰা ভাৰতৰ সূৰ্য উঠা দেশ অসমলৈ বহু দূৰ। তথাপি অসমৰ সৈতে লতাজীৰ আছিল এটা বিশেষ তান। দূৰণিৰ দেশ হ’লেও অসম তেওঁৰ বাবে এটা আজন্ম সুৱদী-শুৱনি নাম। সেয়ে গোদাবৰী নৈৰ পাৰৰ পৰাই অসমলৈ তেওঁৰ অপূৰ্ব কণ্ঠেৰে জনাইছিল প্ৰণাম। আজি অশেষ যন্ত্ৰণা আৰু পীড়াত চিকিৎসালয়ৰ কোঠৰিত জীৱনৰ কঠিন সময় অতিবাহিত কৰিছে। সমগ্ৰ দেশৰ লগতে অসমবাসীও আজি তেওঁৰ যন্ত্ৰণাত কাতৰ। সুস্থ হৈ উঠাৰ আশাৰে আতুৰ অসমবাসী। অসমৰ পৰা প্ৰায় ২ হাজাৰ কিলোমিটাৰ দূৰত থকা মাৰাঠী জীয়ৰী লতাজীৰ বাবে কেনেকৈ আজন্ম চিনাকী হৈ পৰিছিল অসমৰ নাম? অসমৰ সংগীত জগতৰ মহীৰূহ ড০ ভূপেন হাজৰিকাও আছিল লতাজীৰ দৰেই এগৰাকী জীৱন্ত কিম্বদন্তী। এক সুমধুৰ আত্মিক সম্পৰ্কৰে দুয়ো গৰাকীয়ে সংগীত জগতৰ বাবে কাম কৰিছিল। লতাজীৰ বাবে সুধাকণ্ঠ আছিল দাদা। এই আপোন সম্বন্ধৰেই ভূপেন দাক সম্বোধন কৰিছিল লতা মংগেশকাৰে। ভূপেন দাৰ লগতে বহু কেইজন সংস্কৃতিৱানৰ সৈতেও অসমৰ সংগীত আৰু বোলছবিৰ বাবে কাম কৰিছিল লতাজীয়ে। ১৯৫৬ চনত এই গৰাকী কোকিল কণ্ঠী গায়িকাই ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ বোলছবিৰ বাবে গীত গাইছিল। তাত লতাজীৰ কণ্ঠত সাৰ পাই উঠিছিল অসমৰ এখন মনোমোহা ছবিয়ে। সুৰৰ গাগৰিত প্ৰাণৱন্ত হৈ পৰিছিল অসমৰ গাঁৱৰ স্নিগ্ধ জোনাকৰ ৰাতিৰ এক মনোমোহা ছবি। গানৰ ছন্দ আৰু সুৰৰ লয়লায়ত উদ্ভাসিত হৈছিল প্ৰতিজন চহা মানুহৰ চিনাকি এটা পৰিৱেশ। অতি সোনকালেই সেই গীতটি সোমাই গৈছিল সৌন্দৰ্য পিয়াসী শ্ৰোতাৰ আঁহে-আঁহে, কোঁহে-কোঁহে। তাৰ পাছৰ পৰা এতিয়ালৈ অসমীয়া মানুহৰ অন্তৰত এক নিগাজী স্থান দখল কৰিলে লতাজীয়ে। অসম আৰু মহাৰাষ্ট্ৰ, অসমীয়া আৰু মাৰাঠীৰ মাজত আগৰে পৰাই বহু সাদৃশ্য আছে। মোগলৰ বিৰুদ্ধে অসমীয়া বীৰ লাচিত বৰফুকনৰ দৰেই মাৰাঠী বীৰ শিৱাজীয়েও যুদ্ধ দিছিল। দুয়ো জাতিৰে আছিল অকুণ্ঠ জাতীয় স্বাভিমান। লতাজী আৰু ভূপেন দাৰ যোগেদি সাদৃশ্য বহনকাৰী দুই জাতিয়ে পৰস্পৰৰ ওচৰ চাপি আহিবলৈ এক সুযোগ পালে। এনেদৰেই লাহে লাহে দুই জাতিৰ মাজত দূৰত্ব ভেদ কৰিব পৰা এখন দলঙৰ তৈয়াৰ হৈছিল। লতাজীৰ কণ্ঠেৰে অমীয়া আৰু মাৰাঠা সংস্কৃতিক দুই জাতিয়ে পৰস্পৰে অনুভৱ কৰাৰ সুযোগ পালে। বহু কেইখন অসমীয়া চিনেমা আৰু এলবামৰ গীতত কণ্ঠদান কৰি অসমীয়া জাতিৰ সাংস্কৃতিক ভঁড়াল চহকী কৰা লতাজী অসমবাসীৰ বাবে সদায়ে স্মৰণীয় হৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ