--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি মুম্বাইৰ শিৱাজী পাৰ্কত লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বলীউডৰ বহুতো লোকে এই মহান শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলী অনুষ্ঠানলৈ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানো আহিছিল, তেওঁৰ মেনেজাৰ পূজা দাদলানিৰ সৈতে। কিং খানে শেষ শ্ৰদ্ধা জনোৱাৰ এখন বিশেষ ফটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোখনত শ্বাহৰুখ খানক লতা মংগেশকাৰৰ নশ্বৰদেহৰ সন্মুখত হাত দাঙি প্ৰাৰ্থনা কৰা দেখা গৈছিল আৰু তাৰ কাষত পূজাই প্ৰণামৰ ভংগিমাত প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনাৰ শেষত শ্বাহৰুখ খানে ফুলেৰে শেষ প্ৰণাম জনায়। নেটিজেনসকলে শ্বাহৰুখ খানে লতাজীলৈ দেখুওৱা এই শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে। নেটিজেনসকলে কয় যে, এয়া হৈছে ধৰ্মনিৰপেক্ষ ভাৰতৰ প্ৰকৃত ছবি। আন কোনোবাই সামাজিক মাধ্যমত লিখিছে, “সঁচাকৈয়ে, লতা মংগেশকাৰ এনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে সকলো মানুহক একতাৰ জৰীয়ে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।” আনকি লতাজীৰ বিদায়তো শ্বাহৰুখৰ এই শ্ৰদ্ধাঞ্জলিৰ ভংগীমাই তাকেই কথাই প্ৰমাণ কৰি গ’ল। শ্বাহৰুখ খান সেইজন মানুহ যিয়ে কেৱল প্ৰেম বিলাব পাৰে। আন এজন নেটিজেনে সামাজিক মাধ্যমত লিখিছে, শ্বাহৰুখ খানৰ নিচিনা আন কোনো দ্বিতীয় এজন থাকিব নোৱাৰে। অনুৰাগীসকলে শ্বাহৰুখৰ খানে লতাজীৰ শ্ৰদ্ধাঞ্জলিত দেখুওৱা অভিব্যক্তিত ক্ষুব্ধ হোৱাসকলক সঁহাৰি জনাইছে। তেওঁ লিখিছিল, “একাংশৰ ঘৃণাই আমাক এই ব্যক্তিজনৰ প্ৰতি আৰু অধিক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকালে।” শ্বাহৰুখ খানৰ এই ছবি আৰু ভিডিঅ’বোৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে নেটিজেন আৰু ধৰ্মীয় এটা অংশই তেওঁক সমালোচনা কৰে। তেওঁলোকৰ মতে, নিজৰ ঘৰত শ্বাহৰূখে পৰিয়ালৰ সদস্যসকলৰ বাবে এই ভংগীমাত প্ৰাৰ্থনা কৰিব, ৰাজহুৱা স্থানত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম