--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালি মুম্বাইৰ শিৱাজী পাৰ্কত লতা মংগেশকাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বলীউডৰ বহুতো লোকে এই মহান শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলী অনুষ্ঠানলৈ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানো আহিছিল, তেওঁৰ মেনেজাৰ পূজা দাদলানিৰ সৈতে। কিং খানে শেষ শ্ৰদ্ধা জনোৱাৰ এখন বিশেষ ফটো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই ভাইৰেল ফটোখনত শ্বাহৰুখ খানক লতা মংগেশকাৰৰ নশ্বৰদেহৰ সন্মুখত হাত দাঙি প্ৰাৰ্থনা কৰা দেখা গৈছিল আৰু তাৰ কাষত পূজাই প্ৰণামৰ ভংগিমাত প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনাৰ শেষত শ্বাহৰুখ খানে ফুলেৰে শেষ প্ৰণাম জনায়। নেটিজেনসকলে শ্বাহৰুখ খানে লতাজীলৈ দেখুওৱা এই শ্ৰদ্ধাঞ্জলিৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছে। নেটিজেনসকলে কয় যে, এয়া হৈছে ধৰ্মনিৰপেক্ষ ভাৰতৰ প্ৰকৃত ছবি। আন কোনোবাই সামাজিক মাধ্যমত লিখিছে, “সঁচাকৈয়ে, লতা মংগেশকাৰ এনে এগৰাকী ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে সকলো মানুহক একতাৰ জৰীয়ে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।” আনকি লতাজীৰ বিদায়তো শ্বাহৰুখৰ এই শ্ৰদ্ধাঞ্জলিৰ ভংগীমাই তাকেই কথাই প্ৰমাণ কৰি গ’ল। শ্বাহৰুখ খান সেইজন মানুহ যিয়ে কেৱল প্ৰেম বিলাব পাৰে। আন এজন নেটিজেনে সামাজিক মাধ্যমত লিখিছে, শ্বাহৰুখ খানৰ নিচিনা আন কোনো দ্বিতীয় এজন থাকিব নোৱাৰে। অনুৰাগীসকলে শ্বাহৰুখৰ খানে লতাজীৰ শ্ৰদ্ধাঞ্জলিত দেখুওৱা অভিব্যক্তিত ক্ষুব্ধ হোৱাসকলক সঁহাৰি জনাইছে। তেওঁ লিখিছিল, “একাংশৰ ঘৃণাই আমাক এই ব্যক্তিজনৰ প্ৰতি আৰু অধিক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকালে।” শ্বাহৰুখ খানৰ এই ছবি আৰু ভিডিঅ’বোৰ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে নেটিজেন আৰু ধৰ্মীয় এটা অংশই তেওঁক সমালোচনা কৰে। তেওঁলোকৰ মতে, নিজৰ ঘৰত শ্বাহৰূখে পৰিয়ালৰ সদস্যসকলৰ বাবে এই ভংগীমাত প্ৰাৰ্থনা কৰিব, ৰাজহুৱা স্থানত নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা