--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ পৰা আহিছে এক দুঃসংবাদ। অৰুণাচল প্ৰদেশৰ কামেং খণ্ডৰ উচ্চ অঞ্চলত হিমস্খলনৰ ফলত ভাৰতীয় সেনাৰ সাতজন জোৱান সন্ধানহীন হৈছে। সেনাৰ চৰকাৰী সূত্ৰই কথা সদৰী কৰিছে এই কথা। তেওঁলোকৰ সন্ধান উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে। দেওবাৰে অৰুণাচল প্ৰদেশত সংঘটিত হয় এই হিমস্খলনৰ ঘটনা। এই অঘটনৰ ফলত সন্ধানহীন হোৱা এই সাতজন জোৱান এটা টহলদাৰী দলৰ অংশ আছিল বুলি জানিবলৈ দিয়ে ৰক্ষণাবেক্ষণ মন্ত্ৰালয়ৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই। সন্ধানহীন জোৱান কেইজনৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলসমূহক বিমানযোগে প্ৰেৰণ কৰা হৈছে। ইটানগৰৰ ওচৰৰ ডাৰিয়া পাহাৰত ৩৪ বছৰৰ পিছত তুষাৰপাত হৈছে। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা চহৰত দুটা দশকৰ পিছত তুষাৰপাত হৈছে। সীমান্ত ৰাজ্যখনৰ কেইবাটাও উচ্চতাৰ অঞ্চলত এই মাহত প্ৰচণ্ড তুষাৰপাত হৈছে, যি কথাই চিন্তিত কৰি তুলিছে অৰুণাচলবাসীক। আৰু পঢ়কঃ নৱাজুদ্দিনৰ নতুন বিলাসী ঘৰত কংগনা; কেৱল কংগনাই হে নিমন্ত্ৰণ পালে কিয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ