--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ পৰা আহিছে এক দুঃসংবাদ। অৰুণাচল প্ৰদেশৰ কামেং খণ্ডৰ উচ্চ অঞ্চলত হিমস্খলনৰ ফলত ভাৰতীয় সেনাৰ সাতজন জোৱান সন্ধানহীন হৈছে। সেনাৰ চৰকাৰী সূত্ৰই কথা সদৰী কৰিছে এই কথা। তেওঁলোকৰ সন্ধান উলিওৱাৰ বাবে অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই থকা হৈছে। দেওবাৰে অৰুণাচল প্ৰদেশত সংঘটিত হয় এই হিমস্খলনৰ ঘটনা। এই অঘটনৰ ফলত সন্ধানহীন হোৱা এই সাতজন জোৱান এটা টহলদাৰী দলৰ অংশ আছিল বুলি জানিবলৈ দিয়ে ৰক্ষণাবেক্ষণ মন্ত্ৰালয়ৰ জনসংযোগ বিষয়া লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই। সন্ধানহীন জোৱান কেইজনৰ উদ্ধাৰ অভিযানত সহায় কৰিবলৈ বিশেষ দলসমূহক বিমানযোগে প্ৰেৰণ কৰা হৈছে। ইটানগৰৰ ওচৰৰ ডাৰিয়া পাহাৰত ৩৪ বছৰৰ পিছত তুষাৰপাত হৈছে। অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা চহৰত দুটা দশকৰ পিছত তুষাৰপাত হৈছে। সীমান্ত ৰাজ্যখনৰ কেইবাটাও উচ্চতাৰ অঞ্চলত এই মাহত প্ৰচণ্ড তুষাৰপাত হৈছে, যি কথাই চিন্তিত কৰি তুলিছে অৰুণাচলবাসীক। আৰু পঢ়কঃ নৱাজুদ্দিনৰ নতুন বিলাসী ঘৰত কংগনা; কেৱল কংগনাই হে নিমন্ত্ৰণ পালে কিয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম