--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ জ্বলিল জুই। অশান্ত হৈ আছে মণিপুৰ। দেশ জোকাৰি গৈছে মণিপুৰৰ হিংসাই। মঙলবাৰে পুনৰ হিংসাত্মক ৰূপ লয় মণিপুৰত। একাংশ অঞ্চলত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত মৃত্যু হয় ৯জন লোকৰ। মঙলবাৰে সন্ধিয়া মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ খবৰ অনুসৰি কমেও ৯ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৫ জনকৈ লোক আহত হয়।আনহাতে খামেনলোক গাঁৱতো দুস্কৃতিকাৰীয়ে কেইবাটাও ঘৰ জ্বলাই দিয়ে।

সবিশেষ তথ্য অনুসৰি, মেইটেই প্ৰধান ইম্ফল পূব জিলা আৰু জনজাতীয় সংখ্যাগৰিষ্ঠ কাংপকপি জিলাৰ সীমান্তৰ খামেনলক অঞ্চলৰ পৰা গুলীচালনাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে হিংসাত আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

আৰক্ষীয়ে পিটিআইক জনোৱা তথ্য অনুসৰি মাজনিশা প্ৰায় ১ মান বজাত অত্যাধুনিক অস্ত্ৰৰে উগ্ৰপন্থীয়ে ইম্ফল পূৱ জিলা আৰু কাংপকপি জিলাৰ সীমান্তৱৰ্তী খামেলোক অঞ্চলৰ গাঁওবাসীক ঘেৰাও কৰি আক্ৰমণ চলায়। ইফালে ইম্ফলত কাৰ্ফিউৰ শিথিলতা হ্ৰাস কৰা হয়, এতিয়া পুৱা ৫ বজাৰ পৰা ৯ বজালৈ পুনৰ কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে সোমবাৰে খামেনলক অঞ্চলত উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত হোৱা গুলীবৰ্ষণত ৯ জন লোক আহত হয়।


বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইতো কুকি উগ্ৰপন্থীৰ সৈতে গুলীচালনা কৰা বুলি জানিবলৈ দিয়ে নিৰাপত্তাৰক্ষীয়ে। কুকি উগ্ৰপন্থীয়ে মেইটেই স্থানীয় অঞ্চলৰ ওচৰত বাংকাৰ বনাবলৈ চেষ্টা কৰি থকাৰ সময়তে নিৰাপত্তা বাহিনীয়ে তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ ফলত গুলীচালনা সংঘটিত হয়। 

এমাহ পূৰ্বে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা জাতিগত হিংসাত কমেও ১০০ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩১০ জন লোক আহত হৈছিল। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে সেনা আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হৈছিল। 

• আচলতে কিয় জ্বলিছে মণিপুৰ?

এই হিংসাৰ কাৰণ হ’ল মণিপুৰৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ।মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰ উচ্চ ন্যায়ালয়ে এই বিষয়টোত মনোনিৱেশ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি ৰাজপথত নামিছিল ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’। তেওঁলোকৰ আন্দোলনৰ বাবে  উত্তপ্ত হৈ পৰে মণিপুৰ।

উল্লেখ্য যে মণিপুৰৰ হিংসাই মেঘালয়কো চুইছিলগৈ। মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে কিছুদিন পূৰ্বে মেঘালয়ৰ শ্বিলঙত কুকি  আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকি আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

তাৰ পাছতেই কালি পুনৰ অশান্ত হৈ পৰে মণিপুৰ। আকৌ হিংসাৰ দিশে ঢাল খালে মণিপুৰ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ