--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ জ্বলিল জুই। অশান্ত হৈ আছে মণিপুৰ। দেশ জোকাৰি গৈছে মণিপুৰৰ হিংসাই। মঙলবাৰে পুনৰ হিংসাত্মক ৰূপ লয় মণিপুৰত। একাংশ অঞ্চলত পুনৰ হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত মৃত্যু হয় ৯জন লোকৰ। মঙলবাৰে সন্ধিয়া মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৰ খবৰ অনুসৰি কমেও ৯ জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৫ জনকৈ লোক আহত হয়।আনহাতে খামেনলোক গাঁৱতো দুস্কৃতিকাৰীয়ে কেইবাটাও ঘৰ জ্বলাই দিয়ে।

সবিশেষ তথ্য অনুসৰি, মেইটেই প্ৰধান ইম্ফল পূব জিলা আৰু জনজাতীয় সংখ্যাগৰিষ্ঠ কাংপকপি জিলাৰ সীমান্তৰ খামেনলক অঞ্চলৰ পৰা গুলীচালনাৰ খবৰ পোৱা গৈছে। ইতিমধ্যে হিংসাত আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

আৰক্ষীয়ে পিটিআইক জনোৱা তথ্য অনুসৰি মাজনিশা প্ৰায় ১ মান বজাত অত্যাধুনিক অস্ত্ৰৰে উগ্ৰপন্থীয়ে ইম্ফল পূৱ জিলা আৰু কাংপকপি জিলাৰ সীমান্তৱৰ্তী খামেলোক অঞ্চলৰ গাঁওবাসীক ঘেৰাও কৰি আক্ৰমণ চলায়। ইফালে ইম্ফলত কাৰ্ফিউৰ শিথিলতা হ্ৰাস কৰা হয়, এতিয়া পুৱা ৫ বজাৰ পৰা ৯ বজালৈ পুনৰ কাৰ্যকৰী হ’ব। ইয়াৰ পূৰ্বে সোমবাৰে খামেনলক অঞ্চলত উগ্ৰপন্থী আৰু গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত হোৱা গুলীবৰ্ষণত ৯ জন লোক আহত হয়।


বিষ্ণুপুৰ জিলাৰ ফৌগাকচাও ইখাইতো কুকি উগ্ৰপন্থীৰ সৈতে গুলীচালনা কৰা বুলি জানিবলৈ দিয়ে নিৰাপত্তাৰক্ষীয়ে। কুকি উগ্ৰপন্থীয়ে মেইটেই স্থানীয় অঞ্চলৰ ওচৰত বাংকাৰ বনাবলৈ চেষ্টা কৰি থকাৰ সময়তে নিৰাপত্তা বাহিনীয়ে তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ ফলত গুলীচালনা সংঘটিত হয়। 

এমাহ পূৰ্বে মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘটিত হোৱা জাতিগত হিংসাত কমেও ১০০ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩১০ জন লোক আহত হৈছিল। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে সেনা আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰা হৈছিল। 

• আচলতে কিয় জ্বলিছে মণিপুৰ?

এই হিংসাৰ কাৰণ হ’ল মণিপুৰৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ।মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰ উচ্চ ন্যায়ালয়ে এই বিষয়টোত মনোনিৱেশ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি ৰাজপথত নামিছিল ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’। তেওঁলোকৰ আন্দোলনৰ বাবে  উত্তপ্ত হৈ পৰে মণিপুৰ।

উল্লেখ্য যে মণিপুৰৰ হিংসাই মেঘালয়কো চুইছিলগৈ। মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে কিছুদিন পূৰ্বে মেঘালয়ৰ শ্বিলঙত কুকি  আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকি আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

তাৰ পাছতেই কালি পুনৰ অশান্ত হৈ পৰে মণিপুৰ। আকৌ হিংসাৰ দিশে ঢাল খালে মণিপুৰ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ