--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ মিছাইলৰ আক্ৰমণত ইউক্ৰেইনত স্তব্ধ জন-জীৱন৷ বিনিদ্ৰ ৰজনী কটাইছে ইউক্ৰেইনবাসীয়ে৷ বিভিন্ন ৰাজহুৱা স্থানক আবদ্ধ হৈ পৰিছে লক্ষাধিক জনতা৷ ইখনৰ পাছৰ সিখনকৈ চহৰ দখল কৰিছে ৰাছিয়াই৷ বোমাৰ ভয়ত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে অসহায় জনতাই৷ ইউক্ৰেইনে গঢ়া দলং-সাঁকো এফালৰ পৰা ভাঙি গৈছে ৰাছিয়াই৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে অন্তহীন দুৰ্দশা, কাৰু্ণ্য মাতিছে সাধাৰণ নাগৰিকলৈ৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছতে হাংগেৰীৰ দৰে চুবুৰীয়া দেশলৈ জাকে জাকে লোকে পলায়ন কৰাৰ দৃশ্যই কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা তেনে এটা ভিডিঅ'ত এজন ব্যক্তিয়ে ইউক্ৰেইনৰ কিয়েভত তেওঁৰ জীয়েকক বিদায় জনোৱা আৱেগিক মুহূৰ্ত প্ৰতিফলিত হৈছে৷ ভিডিঅ'টোত অশ্ৰুভৰা দুচকুৰে ব্যক্তিগৰাকীয়ে তেওঁৰ ছোৱালীক চুম্বন কৰা দেখা যায়। কিয়েভৰ পৰা বাহিৰলৈ উদ্ধাৰকাৰী দলে লোকসকলক বাছত উঠাৰ পূৰ্বে আলিংগন কৰি কান্দোনত ভাঙি পৰে৷ আন এটা ভিডিঅ'ত ইউক্ৰেইনৰ এজন সৈন্যই কৈছে, 'আমি প্ৰচণ্ড বোমাবর্ষণৰ সন্মুখীন হৈছোঁ।" মা.. দেউতা.. মই তোমাক ভাল পাওঁ।' পৰিয়ালক পুনৰ চাব পাৰিব নে নাই সেই বিষয়ে নিশ্চিত নহয়। ৰাছিয়াই বৃহস্পতিবাৰে বিশ্বৰ বিভিন্ন দেশৰ বাধা-নিষেধ নস্যাৎ কৰি ইউক্ৰেইন আক্ৰমণ কৰিছিল। আমেৰিকাই ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ পৰা পলায়ন কৰা শৰণাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিয়াৰ সিদ্ধান্ত লৈছে। ৰাছিয়াই দেশখনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছৰে পৰা ইউক্ৰেইন চৰম বিশৃংখলতাৰ মাজত আছে। ৰাছিয়াৰ সৈন্যৰ দ্বাৰা প্ৰচণ্ড বিমান আক্ৰমণ , চাইৰেন, বিস্ফোৰণ আৰু মিছাইল আক্ৰমণে ইউক্ৰেইনৰ নাগৰিকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত, ৰাছিয়াৰ নিয়মীয়া আক্ৰমণৰ পৰা নিজকে বচাবলৈ মেট্ৰ' ষ্টেচন আৰু বোমা প্ৰতিৰোধী আশ্ৰয় স্থললৈ দৌৰি গৈছে ইউক্ৰেইনৰ বহু লোক। ৰাজধানী নগৰ কিয়েভত লুকাই থকা লোকসকলৰ অৱস্থাও যথেষ্ট বেদনাদায়ক হৈ পৰা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক