--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ মিছাইলৰ আক্ৰমণত ইউক্ৰেইনত স্তব্ধ জন-জীৱন৷ বিনিদ্ৰ ৰজনী কটাইছে ইউক্ৰেইনবাসীয়ে৷ বিভিন্ন ৰাজহুৱা স্থানক আবদ্ধ হৈ পৰিছে লক্ষাধিক জনতা৷ ইখনৰ পাছৰ সিখনকৈ চহৰ দখল কৰিছে ৰাছিয়াই৷ বোমাৰ ভয়ত আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে অসহায় জনতাই৷ ইউক্ৰেইনে গঢ়া দলং-সাঁকো এফালৰ পৰা ভাঙি গৈছে ৰাছিয়াই৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে অন্তহীন দুৰ্দশা, কাৰু্ণ্য মাতিছে সাধাৰণ নাগৰিকলৈ৷ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছতে হাংগেৰীৰ দৰে চুবুৰীয়া দেশলৈ জাকে জাকে লোকে পলায়ন কৰাৰ দৃশ্যই কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা তেনে এটা ভিডিঅ'ত এজন ব্যক্তিয়ে ইউক্ৰেইনৰ কিয়েভত তেওঁৰ জীয়েকক বিদায় জনোৱা আৱেগিক মুহূৰ্ত প্ৰতিফলিত হৈছে৷ ভিডিঅ'টোত অশ্ৰুভৰা দুচকুৰে ব্যক্তিগৰাকীয়ে তেওঁৰ ছোৱালীক চুম্বন কৰা দেখা যায়। কিয়েভৰ পৰা বাহিৰলৈ উদ্ধাৰকাৰী দলে লোকসকলক বাছত উঠাৰ পূৰ্বে আলিংগন কৰি কান্দোনত ভাঙি পৰে৷ আন এটা ভিডিঅ'ত ইউক্ৰেইনৰ এজন সৈন্যই কৈছে, 'আমি প্ৰচণ্ড বোমাবর্ষণৰ সন্মুখীন হৈছোঁ।" মা.. দেউতা.. মই তোমাক ভাল পাওঁ।' পৰিয়ালক পুনৰ চাব পাৰিব নে নাই সেই বিষয়ে নিশ্চিত নহয়। ৰাছিয়াই বৃহস্পতিবাৰে বিশ্বৰ বিভিন্ন দেশৰ বাধা-নিষেধ নস্যাৎ কৰি ইউক্ৰেইন আক্ৰমণ কৰিছিল। আমেৰিকাই ৰাছিয়াৰ আক্ৰমণৰ ফলত ইউক্ৰেইনৰ পৰা পলায়ন কৰা শৰণাৰ্থীসকলক প্ৰৱেশ কৰিবলৈ দিয়াৰ সিদ্ধান্ত লৈছে। ৰাছিয়াই দেশখনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছৰে পৰা ইউক্ৰেইন চৰম বিশৃংখলতাৰ মাজত আছে। ৰাছিয়াৰ সৈন্যৰ দ্বাৰা প্ৰচণ্ড বিমান আক্ৰমণ , চাইৰেন, বিস্ফোৰণ আৰু মিছাইল আক্ৰমণে ইউক্ৰেইনৰ নাগৰিকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে। এই পৰিস্থিতিত, ৰাছিয়াৰ নিয়মীয়া আক্ৰমণৰ পৰা নিজকে বচাবলৈ মেট্ৰ' ষ্টেচন আৰু বোমা প্ৰতিৰোধী আশ্ৰয় স্থললৈ দৌৰি গৈছে ইউক্ৰেইনৰ বহু লোক। ৰাজধানী নগৰ কিয়েভত লুকাই থকা লোকসকলৰ অৱস্থাও যথেষ্ট বেদনাদায়ক হৈ পৰা পৰিলক্ষিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক