ডিজিটেল ডেস্ক : ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বুধবাৰে আকস্মিকভাৱে চুবুৰীয়া দেশখনৰ বিৰুদ্ধে সামৰিক অভিযান ঘোষণা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। তাৰ পাছতে বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ক’ভিড সৃষ্ট পৰিৱেশে কোঙা কৰি পেলোৱা বিশ্বত যুদ্ধৰ দৰে ক্ষয়ংকৰ এক পদেক্ষপৰ বোজা কিমান গধুৰ হ’ব পাৰে সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু বিশ্ব সম্প্ৰদায়ৰ বাধাৰ ওচৰত হাৰ মানিবলৈ নাৰাজ ৰাছিয়াই তীব্ৰ আক্ৰমণ আৰম্ভ কৰিলে ইউক্ৰেইনত। প্ৰকৃততে নিজৰ গৰ্ভৰ পৰাই জন্ম লোৱা এই দেশখনক একপ্ৰকাৰ ঘেৰি ধৰি সামৰিকভাৱে দমন কৰাৰ চেষ্টা চলাইছে ৰাছিয়াই। কিন্তু কিহৰ বাবে এই সামৰিক অভিযান চলাবলগীয়া হ’ল দেশখনে? কিহৰ বাবে নিজৰ গাৰে অংশ দেশখন ৰাছিয়াৰ বাবে হৈ পৰিল চকুৰ কুটা দাঁতৰ শাল?
ছ’ভিয়েন ইউনিয়নৰ অংশ হিচাপে মিত্ৰতাৰ মাজেৰে অগ্ৰসৰ হোৱা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত এদিনতে হোৱা নাই। ইতিহাসে কয়, দুয়ো দেশৰ মাজৰ সংঘাতৰ আঁৰত আছে আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে দৰে দেশৰ উচতনিমূলক ভূমিকা। ৰাছিয়াৰ শৰীৰৰে অংগসদৃশ এই সৰু দেশখনৰ একাংশ লোকক প্ৰভাৱিত কৰাৰ জৰিয়তে আমেৰিকাৰ দৰে দেশে উচতাই জোল খোৱা নীতি গ্ৰহণ কৰাৰ বাবেই এনে বিষয় পৰিণতিৰ সৃষ্টি হৈছে। ২১৩চনৰ পৰা দুয়োখন দেশৰ মাজৰ সংঘাতে ব্যপকত্ব লাভ কৰা বুলি জনা যায়। যাৰ আঁৰত আছিল ইংলেণ্ড-আমেৰিকাৰ অদৃশ্য প্ৰভাৱ।
২০১৩চনত ৰাছিয়াই সমৰ্থন দিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভিক্টৰ ইউনাক’ভিচৰ বিৰুদ্ধে দেশখনৰ ৰাজধানী কিয়েভত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল। দুয়োখন দেশৰ প্ৰৰোচনাত এই বিক্ষোভে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছতে ৰাষ্ট্ৰপতি ইউনাক’ভিচে দেশ এৰি পলায়ন কৰিবলগীয়া হয়। তাৰ পাছতে ইউক্ৰেইনৰ প্ৰতি বিতুষ্ট হৈ পৰে ৰাছিয়া। তেওঁলোকে নিজডৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ দক্ষিণ ইউক্ৰেইনৰ ক্ৰিমিয়া দখল কৰে আৰু ইউক্ৰেইনৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা অব্যাহত ৰাখে। ইয়াৰ উপৰি ইউক্ৰেইনৰ বিভিন্ন বিদ্ৰোহী সংগঠনক সমৰ্থন আৰু সাহায্য প্ৰদানেৰেও অস্থিৰ পৰিস্থিতি অব্যাহত ৰাখে ৰাছিয়াই। ২০১৫ চনত বিবদমান ডনবাছত শান্তি ঘূৰাই অনাৰ বাবে মিনস্ক প্ৰট’কল স্বাক্ষৰিত হয় যদিও সংঘাত আৰু অস্থিৰতা অব্যাহত থাকে দেশ দুখনৰ মাজত। ইয়াৰ মাজতে আমেৰিকা আৰু ব্ৰিটেইন নেতৃত্বাধীন নাটো বাহিনীয়ে ইউক্ৰেইনক সহায় কৰাক লৈ দেশ দুখনৰ মাজৰ সংঘাতে অধিক তীব্ৰ ৰূপ ধাৰণ কৰে।
নাটোৰ সহযোগিতা গ্ৰহণেৰে ইউক্ৰেইনে ৰাছিয়াৰৱ বিৰুদ্ধে মইমতালি কৰিবলৈ চেষ্টা কৰা তথা আমেৰিকা-ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী মানসিকতাক কাষ চপাই অনাৰ বিৰুদ্ধে গৰজি উঠে ৰাছিয়া। যাৰ অৱধাৰিত পৰিণতিতে এতিয়া বিশ্বই এই ৰক্তক্ষয়ী সংঘাতৰ সাক্ষী হ’বলগীয়া হৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে এতিয়া ইউক্ৰেইনক অকলশৰীয়া কৰি আঁতৰি আছে নাটো বাহিনী। আমেৰিকাৰ ভূমিকাও এতিয়াও গা এৰা দিয়া ধৰণৰ। কিন্তু নাটো চামিল হ’লেই এই যুদ্ধই এধিক সৰ্বনশীয়া ৰূপ গ্ৰহণ কৰাৰ আশংকা আছে। যিটো সমগ্ৰ বিশ্বৰ বাবেই ভয়ংকৰ হৈ উঠিব পাৰে। এই যুঁজখনৰ আটাইতকৈ ভয়ংকৰ কুফল ভুগিব লাগিব ইউক্ৰেইনৰ সাধাৰণ জনগণে। সকলো যুদ্ধৰে কুফল সদায় সাধাৰণ নাগৰিকেই ভুগিবলগীয়া হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। কিন্তু আমেৰিকাৰ গছত উঠাই গুৰিত কাটি দিয়া এই নীতিয়ে এখন দেশক ভয়ংকৰ বিপৰ্যয়ৰ মাজলৈ থেলি দিয়াৰ এই উদাহৰণ অতি বিপদজনক বিবেচিত হৈছে।