--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অধিক পৰিমাণৰ ওমেগা-৬ আৰু ওমেগা-৩ ফেটি এচিড থকা খাদ্য অতি প্ৰয়োজনীয় বুলি এক অধ্যয়নত পোহৰলৈ আহিছে। এই ফেটি এচিডসমূহে  কেইবাবিধো কেন্সাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে৷  

জৰ্জিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ১০ বছৰ ধৰি ২,৫০,০০০ৰো অধিক লোকৰ ওপৰত কৰা  অধ্যয়নৰ পাছত তেজত থকা ওমেগা-৩ আৰু ওমেগা-৬ ১৯টা নিৰ্দিষ্ট প্ৰকাৰৰ কৰ্কট ৰোগৰ নিৰ্দিষ্ট প্ৰকাৰৰ কৰ্কট ৰোগৰ প্ৰতিকাৰ কৰে বুলি প্ৰকাশ কৰিছে।

মানুহৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য "স্বাস্থ্যকৰ চৰ্বি" নামেৰে পৰিচিত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড৷চৰ্বিযুক্ত মাছ, বাদাম, এভোকেডো আনকি কিছুমান উদ্ভিদজাত তেল যেনে কেন’লা তেলত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড পৰ্যাপ্ত পৰিমাণে থাকে৷

অধ্যয়নৰ সময়ছোৱাত প্ৰায় ৩০ হাজাৰ অংশগ্ৰহণকাৰীৰ কিছু প্ৰকাৰৰ কৰ্কট ৰোগ হৈছিল। গুৰুত্বপূৰ্ণ যে উচ্চ মাত্ৰাৰ ফেটি এচিডৰ সুফল অন্যান্য বিপদজনক কাৰক যেনে বিএমআই(বডি মাছ ইনডেক্স), শাৰীৰিক কাৰ্যকলাপ বা মদ্যপানৰ ওপৰত নিৰ্ভৰ নকৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে৷

গৱেষকসকলে কয় যে মাছৰ তেলৰ পৰিপূৰক সেৱন কৰিলে শৰীৰত এই স্বাস্থ্যকৰ চৰ্বি বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু এইবোৰ গ্ৰহণ কৰাটো সকলোৰে বাবে বা সকলো পৰিস্থিতিৰ বাবে লাভদায়ক হ’ব এনে নহয় বুলি উল্লে কৰে গৱেষক সকলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক