--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত নেচলে, পেপচিকো, ইউনিলিভাৰ আদি কোম্পানীসমূহে নিম্ন মানৰ খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এক্সেছ টু নিউট্ৰিচন ইনিচিয়েটিভ চমুকৈ এ টি এন আইয়ে প্ৰকাশ কৰা বিশ্বব্যাপী সূচকাংক অনুসৰি খাদ্য আৰু পানীয়ৰ বৃহত্তম এমএনচি কোম্পানীসমূহে গড়ে দৰিদ্ৰ দেশসমূহত অস্বাস্থ্যকৰ সামগ্ৰী বিক্ৰী কৰা বুলি এক প্ৰতিবেদন প্ৰকাশ কৰিছে৷

প্ৰথমবাৰৰ বাবে ২০২১ চনত এই সূচকাংক প্ৰকাশ কৰা হৈছিল যদিও চলিত বৰ্ষত প্ৰথম প্ৰতিবেদনৰ বাবে এই মূল্যায়নক নিম্ন আৰু উচ্চ আয়ৰ ভিত্তিত দেশসমূহক বিভক্ত কৰি আধ্যয়ন চলোৱা হৈছিল। এ টি এন আইয়ে প্ৰকাশ কৰা গ্ল’বেল ইনডেক্সত এনে কোম্পানীয়ে বিক্ৰী কৰা সামগ্ৰীৰ মান কম পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে।

এটিএনআই সূচকাংকত দেখা গৈছে যে কম আয়ৰ দেশ তথা তৃতীয় বিশ্বৰ দেশ সমূহত ৩০টা কোম্পানীয়ে বিক্ৰী কৰা সামগ্ৰীৰ মান, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিকাশ লাভ কৰা ষ্টাৰ ৰেটিং ব্যৱস্থাত উচ্চ আয়ৰ দেশত বিক্ৰী কৰা সামগ্ৰীতকৈ নিম্ন মানৰ বুলি প্ৰকাশ পাইছে।

উক্ত ৰেটিং ব্যৱস্থাৰ অধীনত ৩.৫ৰ ওপৰত ৰেটিং লাভ কৰা খাদ্য সামগ্ৰীক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় যদিওউচ্চ আয়ৰ দেশত বিক্ৰী হোৱা সামগ্ৰীৰ গড় ৰেটিং ৫ৰ ভিতৰত ২.৩ হোৱাৰ পৰিৱৰ্তে নিম্ন আয়ৰ দেশ সমূহত এই আয় আছিল ১.৮।

এটিএনআইৰ গৱেষণা সঞ্চালক মাৰ্ক উইজনে কয় যে এইটো অতি স্পষ্ট হৈ পৰিছে যে এই কোম্পানীসমূহে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহত নিম্নমানৰ সমগ্ৰী বিক্ৰী কৰিছে যিবিলাক স্বাস্থ্যসন্মত সামগ্ৰী নহয়। এই দেশসমূহৰ চৰকাৰৰ বাবেও তেওঁ ইয়াক সচেতন হ’বৰ বাবে আহ্বান জনাইছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি মেদবহুলতাত ভোগা এক বিলিয়ন লোকৰ ভিতৰত ৭০ শতাংশতকৈ অধিক লোক নিম্ম আৰু মধ্যম আয়ৰ দেশত বাস কৰে। শীতল পানীয়ৰ লগতে অন্যান্য পানীয়ৰ অত্যধিক সেৱনে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক