--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহত নেচলে, পেপচিকো, ইউনিলিভাৰ আদি কোম্পানীসমূহে নিম্ন মানৰ খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এক্সেছ টু নিউট্ৰিচন ইনিচিয়েটিভ চমুকৈ এ টি এন আইয়ে প্ৰকাশ কৰা বিশ্বব্যাপী সূচকাংক অনুসৰি খাদ্য আৰু পানীয়ৰ বৃহত্তম এমএনচি কোম্পানীসমূহে গড়ে দৰিদ্ৰ দেশসমূহত অস্বাস্থ্যকৰ সামগ্ৰী বিক্ৰী কৰা বুলি এক প্ৰতিবেদন প্ৰকাশ কৰিছে৷

প্ৰথমবাৰৰ বাবে ২০২১ চনত এই সূচকাংক প্ৰকাশ কৰা হৈছিল যদিও চলিত বৰ্ষত প্ৰথম প্ৰতিবেদনৰ বাবে এই মূল্যায়নক নিম্ন আৰু উচ্চ আয়ৰ ভিত্তিত দেশসমূহক বিভক্ত কৰি আধ্যয়ন চলোৱা হৈছিল। এ টি এন আইয়ে প্ৰকাশ কৰা গ্ল’বেল ইনডেক্সত এনে কোম্পানীয়ে বিক্ৰী কৰা সামগ্ৰীৰ মান কম পোৱা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে।

এটিএনআই সূচকাংকত দেখা গৈছে যে কম আয়ৰ দেশ তথা তৃতীয় বিশ্বৰ দেশ সমূহত ৩০টা কোম্পানীয়ে বিক্ৰী কৰা সামগ্ৰীৰ মান, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত বিকাশ লাভ কৰা ষ্টাৰ ৰেটিং ব্যৱস্থাত উচ্চ আয়ৰ দেশত বিক্ৰী কৰা সামগ্ৰীতকৈ নিম্ন মানৰ বুলি প্ৰকাশ পাইছে।

উক্ত ৰেটিং ব্যৱস্থাৰ অধীনত ৩.৫ৰ ওপৰত ৰেটিং লাভ কৰা খাদ্য সামগ্ৰীক স্বাস্থ্যকৰ বুলি গণ্য কৰা হয় যদিওউচ্চ আয়ৰ দেশত বিক্ৰী হোৱা সামগ্ৰীৰ গড় ৰেটিং ৫ৰ ভিতৰত ২.৩ হোৱাৰ পৰিৱৰ্তে নিম্ন আয়ৰ দেশ সমূহত এই আয় আছিল ১.৮।

এটিএনআইৰ গৱেষণা সঞ্চালক মাৰ্ক উইজনে কয় যে এইটো অতি স্পষ্ট হৈ পৰিছে যে এই কোম্পানীসমূহে বিশ্বৰ আটাইতকৈ দৰিদ্ৰ দেশসমূহত নিম্নমানৰ সমগ্ৰী বিক্ৰী কৰিছে যিবিলাক স্বাস্থ্যসন্মত সামগ্ৰী নহয়। এই দেশসমূহৰ চৰকাৰৰ বাবেও তেওঁ ইয়াক সচেতন হ’বৰ বাবে আহ্বান জনাইছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি মেদবহুলতাত ভোগা এক বিলিয়ন লোকৰ ভিতৰত ৭০ শতাংশতকৈ অধিক লোক নিম্ম আৰু মধ্যম আয়ৰ দেশত বাস কৰে। শীতল পানীয়ৰ লগতে অন্যান্য পানীয়ৰ অত্যধিক সেৱনে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ