--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অসমীয়া সমাজত মাছ খুবেই প্ৰিয়। কিন্তু বহু এনে লোক আছে কাঁইটৰ বাবে মাছ খাবলৈ ভয় কৰে, কাৰণ ডিঙিত কাঁইট লাগি ধৰাৰ অভিজ্ঞতা হয়তো কম-বেছি পৰিমাণে সকলোৰে আছে। আনন্দেৰে ভাত খোৱাৰ সময়তে ডিঙিত কাঁইট লাগিলে এটা ডাঙৰ দুৰ্যোগৰ দৰেই হৈ পৰে।

 দৰাচলতে বহু লোকে শুকান ভাত খালেও মাছৰ কাঁইট এৰাই যায় বুলি কয় যদিও ইয়াৰ পৰা কাঁইট সহজে এৰাই নাযায়। সেয়েহে মাছৰ কাঁইট ডিঙিত লাগি ধৰিলে সেই কাঁইট অনায়াসে আঁতৰাবলৈ আছে কেইবাটাও ঘৰুৱা দিহা।

১. ডিঙিত মাছৰ কাঁইট লাগিলে অলিভ অইল অলপ খাই দিব লাগে। যিহেতু অলিভ অইল আন তেলতকৈ পিচল সেয়েহে অলিভ অইলে ডিঙিত লাগি থকা মাছ কাঁইট পিচলি যোৱাত সহায়ক কৰে।

২. কুহুমীয়া গৰম পানীত নেমুৰ ৰস মিহলাই সেৱন কৰিলেও মাছৰ কাঁইট ডিঙিৰ পৰা এৰাই যায়। এনে কৰিলে মাছৰ কাঁইটডাল কোমল হৈ পৰে।

আকৌ পানীৰ লগত কিছু পৰিমাণৰ ভিনেগাৰ মিহলাই খালেও মাছৰ কাঁইট সহজেই ডিঙিৰ পৰা আঁতৰি যায়।

৩. নিমখেও মাছৰ কাঁইট কোমল কৰি তোলাত সহায় কৰে। কিন্তু কেৱল নিমখ খোৱাৰ পৰিৱৰ্তে পানীত নিমখ মিহলাই খাব লাগে। এই গৰম নিমখীয়া পানী খালে কাঁইট সহজেই ওলায় যায়।

৪. কাঁইটে ডিঙিত বিন্ধিলে কিছু ভাত বা ৰুটি সৰু সৰুকৈ কাটি লওক। গোটেইখিনি একেলগে গিলি পেলাওক। ইয়াৰ ফলত ডিঙিত আদ্ধ হৈ থকা কাঁইটত ভাতৰ লদা বা ৰুটিৰ টুকুৰা খুন্দা মাৰিলে সহজেই এৰি যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ