--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মালয়েছিয়াৰ পৰা পোহৰলৈ ওলাইছে এক আচৰিত গোচৰ। এবিধ সাগৰীয় মাছ খোৱাৰ বাবেই এগৰাকী মহিলাই প্ৰাণ হেৰুৱালে। ঘটনা মালয়েছিয়াৰ। য'ত এগৰাকী ৮৩ বছৰীয়া মহিলাৰ মৃত্যু হয়। ইয়াৰ লগে লগে তেওঁৰ স্বামীকো আইচিইউ লৈ নিব লগা অৱস্থাৰ সৃষ্টি হয় । তথ্য অনুসৰি যোৱা সপ্তাহত তেওঁ পাফাৰ মাছ খাইছিল। উল্লেখযোগ্য যে এই মাছত বিষাক্ত পদাৰ্থ থাকে। মাছ খোৱাৰ পাছত মহিলাগৰাকী অসুস্থ হৈ পৰে, যাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বাটতে মৃত্যু হয়।

মহিলাগৰাকীৰ কন্যা এন জি আই লীয়ে জনোৱা মতে, ২৫ মাৰ্চত তেওঁৰ পিতৃয়ে ওচৰৰ দোকান এখনৰ পৰা পাফাৰ মাছ কিনিছিল। তেওঁ কয় যে দুপৰীয়াৰ আহাৰত সেই মাছ ৰান্ধিছিল, ভাত খোৱাৰ অলপ পাছতে মহিলাগৰাকী কঁপিবলৈ ধৰিলে আৰু উশাহ লোৱাত অসুবিধা হ’ল। লীয়ে কয় যে খাদ্য খোৱাৰ এঘণ্টাৰ ভিতৰতে পিতৃৰ ক্ষেত্ৰতো একে লক্ষণ দেখা দিয়ে। তেওঁ কয় যে দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত বাটতে মাকৰ মৃত্যু হয়।

মহিলাগৰাকীৰ কন্যাই কয় যে তেওঁৰ পিতৃ এতিয়াও ক’মাত আছে। তেওঁ কয় যে চিকিৎসকে পিতৃক চিকিৎসা কৰি আছে। ইয়াৰ লগতে ডাক্তৰে কয় যে মানুহজনৰ বয়স বহুত বেছি, যাৰ বাবে সুস্থ হৈ উঠিলেও তেওঁ পূৰ্বৰ দৰে নাথাকিব। তথ্য অনুসৰি খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি জাপানীজ ডিচ পাফাৰ মাছত এটা মাৰাত্মক বিষাক্ত পদাৰ্থ পোৱা যায়।

লগতে তেওঁ কয় যে পাফাৰ মাছত টেট্ৰ’ড’টক্সিন আৰু চেক্সিটক্সিন পোৱা যায়। যিটো বিষাক্ত পদাৰ্থক ঠাণ্ডা বা গৰম কৰিও ধ্বংস কৰিব নোৱাৰি। ইয়াৰ বাহিৰেও তেওঁ কয় যে দক্ষ চেফসকলেহে ইয়াক বনাব পাৰে আৰু তেওঁলোকেহে ইয়াৰ মাৰাত্মক বিষাক্ত পদাৰ্থ নিৰ্মূল কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন