--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মালয়েছিয়াৰ পৰা পোহৰলৈ ওলাইছে এক আচৰিত গোচৰ। এবিধ সাগৰীয় মাছ খোৱাৰ বাবেই এগৰাকী মহিলাই প্ৰাণ হেৰুৱালে। ঘটনা মালয়েছিয়াৰ। য'ত এগৰাকী ৮৩ বছৰীয়া মহিলাৰ মৃত্যু হয়। ইয়াৰ লগে লগে তেওঁৰ স্বামীকো আইচিইউ লৈ নিব লগা অৱস্থাৰ সৃষ্টি হয় । তথ্য অনুসৰি যোৱা সপ্তাহত তেওঁ পাফাৰ মাছ খাইছিল। উল্লেখযোগ্য যে এই মাছত বিষাক্ত পদাৰ্থ থাকে। মাছ খোৱাৰ পাছত মহিলাগৰাকী অসুস্থ হৈ পৰে, যাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু বাটতে মৃত্যু হয়।

মহিলাগৰাকীৰ কন্যা এন জি আই লীয়ে জনোৱা মতে, ২৫ মাৰ্চত তেওঁৰ পিতৃয়ে ওচৰৰ দোকান এখনৰ পৰা পাফাৰ মাছ কিনিছিল। তেওঁ কয় যে দুপৰীয়াৰ আহাৰত সেই মাছ ৰান্ধিছিল, ভাত খোৱাৰ অলপ পাছতে মহিলাগৰাকী কঁপিবলৈ ধৰিলে আৰু উশাহ লোৱাত অসুবিধা হ’ল। লীয়ে কয় যে খাদ্য খোৱাৰ এঘণ্টাৰ ভিতৰতে পিতৃৰ ক্ষেত্ৰতো একে লক্ষণ দেখা দিয়ে। তেওঁ কয় যে দুয়োকে চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত বাটতে মাকৰ মৃত্যু হয়।

মহিলাগৰাকীৰ কন্যাই কয় যে তেওঁৰ পিতৃ এতিয়াও ক’মাত আছে। তেওঁ কয় যে চিকিৎসকে পিতৃক চিকিৎসা কৰি আছে। ইয়াৰ লগতে ডাক্তৰে কয় যে মানুহজনৰ বয়স বহুত বেছি, যাৰ বাবে সুস্থ হৈ উঠিলেও তেওঁ পূৰ্বৰ দৰে নাথাকিব। তথ্য অনুসৰি খাদ্য আৰু ঔষধ প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি জাপানীজ ডিচ পাফাৰ মাছত এটা মাৰাত্মক বিষাক্ত পদাৰ্থ পোৱা যায়।

লগতে তেওঁ কয় যে পাফাৰ মাছত টেট্ৰ’ড’টক্সিন আৰু চেক্সিটক্সিন পোৱা যায়। যিটো বিষাক্ত পদাৰ্থক ঠাণ্ডা বা গৰম কৰিও ধ্বংস কৰিব নোৱাৰি। ইয়াৰ বাহিৰেও তেওঁ কয় যে দক্ষ চেফসকলেহে ইয়াক বনাব পাৰে আৰু তেওঁলোকেহে ইয়াৰ মাৰাত্মক বিষাক্ত পদাৰ্থ নিৰ্মূল কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস