--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লুকাই চুৰকৈ আৰু প্ৰেম কৰিব নালাগে। এতিয়া প্ৰেম কৰিবৰ বাবে এসপ্তাহৰ ছুটীয়েই দিব চৰকাৰে। অৱশ্যে ভাৰতত এই ব্যৱস্থা কৰা হোৱা নাই।  এই সুবিধা দিব চীনৰ জিনপিং চৰকাৰে।  জনসংখ্যা দিক দিনে কমি যাবলৈ ধৰা চীনৰ চৰকাৰে এনে আশা কৰিছে যে   দেশখনৰ যুৱক-যুৱতীসকলে এনেদৰে ছুটী লৈ প্ৰেম কৰিলে  সোনকালে প্ৰেমত পৰিব আৰু পিছলৈ সোনকালে বিয়াও পাতিব।ফলত জনসংখ্যা বৃদ্ধিত সহায়ক হ’ব।

 দৰাচলতে ১৯৭৮ চনত দেশখনৰ অৰ্থনৈতিক দুৰৱস্থাৰ বাবে বেইজিং জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল।  কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। বেইজিঙে ২০২০ চনৰ পৰা জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। জিনপিঙৰ ৰাজনৈতিক উপদেষ্টাসকলেও এই বিষয়ত বিভিন্ন প্ৰস্তাৱ দিছে। ইমানৰ পিছতো পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ গৈ আছে। এইবাৰ চীনৰ কিছুসংখ্যক মহাবিদ্যালয়ে সমস্যাটোৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে। তেওঁলোকে দিয়া আকৰ্ষণীয় প্ৰস্তাৱটো হ'ল মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক এসপ্তাহৰ ছুটী দিয়া হ’ব, যাতে  তেওঁলোকে প্ৰেমত পৰিব পাৰে! এটা আন্তৰ্জাতিক সংবাদ মাধ্যমে এই দাবী কৰিছে।সংবাদ মাধ্যমৰ খবৰ অনুসৰি মিয়ায়াং ফ্লাইং বৃত্তিমূলক মহাবিদ্যালয় হৈছে এপ্ৰিল মাহত ছাত্ৰ-ছাত্ৰীক এসপ্তাহৰ ছুটী দিয়া নখন মহাবিদ্যালয়ৰ ভিতৰৰে  এখন। শিক্ষানুষ্ঠানখন ১ ৰ পৰা ৭ এপ্ৰিললৈ বন্ধ ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলক প্ৰকৃতি আৰু জীৱনৰ প্ৰেমত বসন্তৰ বন্ধ উপভোগ কৰিবলৈ কোৱা হৈছে।

মন কৰিব লগীয়া যে ঝি  জিনপিঙৰ চৰকাৰে  চীনৰ জন্মহাৰ বৃদ্ধি কৰিবলৈ ব্যাকুল হৈ পৰিছে। ২০২১-২৫ বৰ্ষৰ বাবে পাঁচ বছৰীয়া পৰিকল্পনা ইতিমধ্যে কৰা হৈছিল। কিন্তু ফলাফল এতিয়াও ভাল হ’ব বুলি ক’ব পৰা হোৱা নাই। দেশ খনত  জন্মৰ হাৰ এতিয়াও বৃদ্ধি হোৱা নাই। উল্লেখ্য কিছুদিন আগতেও কমিউনিষ্ট পাৰ্টিৰ মুখপত্ৰ পিপলছ ডেইলী হেল্থত কোৱা হৈছিল যে চীনে তিনি দিনৰ  দৰমহাসহ  সাধাৰণ বিবাহ ছুটিৰ সলনি  এতিয়াৰে পৰা   নৱদম্পতিয়ে ৩০ দিনৰ দৰমহাসহ বিবাহৰ পিছত ছুটি লাভ কৰিব।

দম্পতীসকলক বিবাহৰ পিছত  সন্তান জন্ম দিবলৈ উৎসাহিত কৰিবলৈয়েই এনে ব্যৱস্থা কৰা হৈছিল। গানচু আৰু চাংচি প্ৰদেশত বিয়াৰ পিছত নৱ দম্পতীক  ৩০ দিনৰ ছুটী দিয়া হৈছে৷   আনহাতে ছাংহাইত  ১০ দিন  আৰু চিচুয়ানত  তিনিদিনেই লাভ কৰিছে । দক্ষিণ-পশ্চিম বিশ্ববিদ্যালয়ৰ সামাজিক বিকাশ গৱেষণা প্ৰতিষ্ঠানৰ ডিন য়াং হাইয়াঙে কয় , "বিবাহৰ ছুটি বৃদ্ধি কৰাটো উৰ্বৰতাৰ হাৰ বৃদ্ধি কৰাৰ এক কাৰ্যকৰী উপায়"। উল্লেখ্য চীনে ১৯৮০  চনৰ পৰা ২০১৫  চনলৈ  কঠোৰ এক সন্তান নীতি প্ৰয়োগ কৰাৰ বাবে চীনৰ জনসংখ্যা হ্ৰাস পাইছে। 

২০২০ চনত চীনত প্ৰতি ১,০০০ গৰাকী লোকত ইয়াৰ সৰ্বনিম্ন ৬.৭৭ জন্মৰ হাৰ নথিভুক্ত কৰা হৈছিল৷  ফলত দেশৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পৰিছে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে। ইপিনে চীনক চেৰ পেলাই বিশ্বৰ  আটাইতকৈ জনবহুল দেশত পৰিণত হোৱাৰ দিশে ভাৰত৷চীনৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা ব্যুৰোৱে  শেহতীয়াকৈ  ঘোষণা কৰিছে যে দেশ খনত সম্প্ৰতি  নথিভুক্ত কৰা  মৃত্যুৰ সংখ্যা ১০.৪১  নিযুত জন্মৰ সংখ্যা ৯.৫৬  নিযুততকৈ অধিক৷ ফলত ২০২২  চনত চীনৰ জনসংখ্যা ৮৫০,০০০হ্ৰাস হৈ ১.৪১১৭৫  বিলিয়নত উপনীত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস