--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাধমাৰৰ উপৰি মাধমাৰ! পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ৫ এপ্ৰিল মঙ্গলবাৰে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে। মঙ্গলবাৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি কৰা হৈছে ৮০ পইচা। 

ইয়াৰ লগে লগে বিগত ১৫ টা দিনত মুঠ ১৩ বাৰ বৃদ্ধি কৰা হ’ল ইন্ধনৰ মূল্য। একেলগে একেবাৰতে মূল্য বৃদ্ধিৰ সলনি প্ৰায় প্ৰতিদিনেই বৃদ্ধি কৰাই গৈ আছে তেলৰ মূল্য। 

দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কেইটামান দিনৰ পাছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য। প্ৰায় প্ৰতিদিনেই ৮০ পইচা মানকৈ বৃদ্ধি হৈ বিগত ১৫ টা দিনত পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে ৯.২০ টকালৈ। ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সোঁত। বিগত দুটা সপ্তাহৰ ১৩ বাৰকৈ বৃদ্ধি পাইছে মূল্য।আজি ৫ এপ্ৰিল তাৰিখেও পুৱা ৬ বজাত সদৰি কৰা অনুসৰি পেট্ৰ’ল আৰু ডিজেল দুয়োবিধতে বৃদ্ধি পাইছে ৮০ পইচাকৈ।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যত ৮৯ পইচাকৈ বৃদ্ধি কৰাৰ লগতে ডিজেলত ৮৫ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত মঙ্গলবাৰে দিনটোত গুৱাহাটীত পেট্র’লৰ মূল্য ১০৪.৭৭ টকা আৰু ডিজেলৰ মূল্য ৯০.৫৬ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন