--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাধমাৰৰ উপৰি মাধমাৰ! পুনৰ বৃদ্ধি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ৫ এপ্ৰিল মঙ্গলবাৰে ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি কৰা হৈছে। মঙ্গলবাৰে পুনৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি কৰা হৈছে ৮০ পইচা। 

ইয়াৰ লগে লগে বিগত ১৫ টা দিনত মুঠ ১৩ বাৰ বৃদ্ধি কৰা হ’ল ইন্ধনৰ মূল্য। একেলগে একেবাৰতে মূল্য বৃদ্ধিৰ সলনি প্ৰায় প্ৰতিদিনেই বৃদ্ধি কৰাই গৈ আছে তেলৰ মূল্য। 

দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ কেইটামান দিনৰ পাছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য। প্ৰায় প্ৰতিদিনেই ৮০ পইচা মানকৈ বৃদ্ধি হৈ বিগত ১৫ টা দিনত পেট্ৰ’লৰ মূল্য বৃদ্ধি পাইছে ৯.২০ টকালৈ। ২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সোঁত। বিগত দুটা সপ্তাহৰ ১৩ বাৰকৈ বৃদ্ধি পাইছে মূল্য।আজি ৫ এপ্ৰিল তাৰিখেও পুৱা ৬ বজাত সদৰি কৰা অনুসৰি পেট্ৰ’ল আৰু ডিজেল দুয়োবিধতে বৃদ্ধি পাইছে ৮০ পইচাকৈ।

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যত ৮৯ পইচাকৈ বৃদ্ধি কৰাৰ লগতে ডিজেলত ৮৫ পইচা বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত মঙ্গলবাৰে দিনটোত গুৱাহাটীত পেট্র’লৰ মূল্য ১০৪.৭৭ টকা আৰু ডিজেলৰ মূল্য ৯০.৫৬ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ