--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশজুৰি তোলপাৰ লগোৱা পেগাছাছ চোৰাংচোৱাগিৰি কাণ্ডই পুনৰ ৰাজনীতি উত্তাল কৰি তুলিছে। শেহতীয়াকৈ এই সম্পৰ্কত প্ৰকাশ পোৱা এখন প্ৰতিবেদনে ভাৰত চৰকাৰৰ বিতৰ্কিত ভূমিকাৰ কথা পুনৰ প্ৰতীয়মান কৰি তোলাৰ পাছত বিতৰ্ক তুংগত উঠিছে পেগাছাছক লৈ। ইতিমধ্যে বিভিন্ন বিৰোধী ৰাজনৈতিক দল আৰু পেগাছাছ কাণ্ডৰ ভুক্তভোগীয়ে এই প্ৰতিবেদনক কেন্দ্ৰ কৰি সৰৱ ভূমিকা গ্ৰহণ কৰিছে। মাৰ্কিন সংবাদ পত্ৰ ‘নিউয়ৰ্ক টাইমছ’ত এই সম্পৰ্কীয় এখন অতি বিস্ফোৰক প্ৰতিবেদন প্ৰকাশ পাইছে যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ২০১৭ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজৰাইললৈ গৈছিল আৰু সেই সময়ত দেশখনৰ সৈতে ভাৰতে দুই বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তি সম্পাদনা কৰিছিল। এই চুক্তিতে পেগাছাছক লৈও চুক্তি সম্পাদিত হৈছিল। অৱশ্যে এই প্ৰতিবেদেনৰ সৈতে কোনো প্ৰমাণ সন্নিৱিষ্ট কৰা নাই সংবাদ পত্ৰখনে। কিন্তু বিশ্বৰ আগশাৰীৰ এই সংবাদ পত্ৰৰ প্ৰতিবেদনক লৈ কেন্দ্ৰ বিৰু্দ্ধে এতিয়া সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। ইজৰাইলৰ কোম্পানী এনএছঅ’ গ্ৰুপৰ পৰা ভাৰতে চোৰাংচোৱাগিৰিৰ বাবে এই ছফটৱেৰ ক্ৰয় কৰাটো প্ৰমাণিত হৈছিল। দেশৰ ভালেমান বিৰোধী দলৰ নেতা, সাংবাদিক, সমাজকৰ্মী আনকি বিজেপি নেতাৰ বিৰুদ্ধেও এই ছফটৱেৰ ব্যৱহাৰ কৰি চোৰাংচোৱাগিৰি কৰা হৈছিল। ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ হৰণৰ এই বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে সঠিক উত্তৰ দিব পৰা নাছিল। মন কৰিবলগীয়া যে, এনএছঅ’ গ্ৰুপে কোনো দেশৰ চৰকাৰকহে এই ছফটৱেৰ বিক্ৰী কৰে। নিউয়ৰ্ক টাইমছত প্ৰকাশিত প্ৰতিবেদনৰ পাছতে এতিয়া কংগ্ৰেছ দলে কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। কংগ্ৰেছ নেতা তথা সাংসদ শক্তি সিং গোৱেলে দাবী কৰে নিউয়ৰ্ক টাইমছে এতিয়া প্ৰমাণ কৰি দিলে যে কেন্দ্ৰীয় চৰাকাৰে ভাৰতীয় কৰদাতাৰ ৩০০কোটি টকা ইজৰাইলী এনএছঅ’ গ্ৰুপক দিছিল। এই সন্দৰ্ভত সঠিক তথ্য নিদি চৰকাৰে উচ্চতম ন্যায়ালয় আৰু সংসদকো বিপথে পৰিচালিত কৰিছিল। ইফালে, কেন্দ্ৰৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ তুলিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। উল্লেখ্য যে, ৰাহুল গান্ধী, প্রশান্ত কিশোৰকে ধৰি দেশৰ ৩০০ লোকৰ ওপৰত এই ছফটৱেৰৰ জৰিয়তে চোৰাংচোৱাগিৰি কৰিছিল চৰকাৰে। মোবাইল ফোনত অবৈধ নজৰদাৰিৰ জৰিয়তে এই বিতৰ্কত কাৰ্য কৰিছিল চৰকাৰে। ইয়াক লৈ হোৱা বিতৰ্কই এতিয়া নতুন তীব্ৰতা লাভ কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ