--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ কাণ্ডৰ স্মৃতি এতিয়া অতীত। আকৌ পাৰ্টী মুডত দেখিবলৈ পোৱা গৈছে শ্বাহৰূখ তনয় আৰিয়ান খানক। শেহতীয়াকৈ, নাইট ক্লাবত পাৰ্টী কৰা দেখা গৈছে শ্বাহৰূখ পুত্ৰক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। পাৰ্টীত মজি থকা আৰিয়ানে পানীয়ত চুমুক দিয়াও দেখা গৈছে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ড্ৰাগছৰ গোচৰত জড়িত হৈ পৰিছিল আৰিয়ানৰ নাম। বিলাসী কৰ্ডেলিয়া ক্ৰুজৰ পৰা আৰিয়ান আৰু তেওঁৰ সংগীসকলক আটক কৰা হৈছিল। পৰবৰ্তী সময়ত শ্বাহৰূখপুত্ৰ দ্বাৰস্ত হয় আদালতত। প্ৰায় ২৬ দিন কাৰাগাৰত থাকিবলগীয়া হৈছিল আৰিয়ানে। পুত্ৰৰ এনে অৱস্থাত ভাঙি পৰিছিল শ্বাহৰূখ। শ্বুটিঙৰ কাম এৰি পুত্ৰৰ জামিনৰ বাবে উঠি পৰি লাগিছিল কিং খানে।

অৱশেষত, আৰিয়ানৰ জামিন মঞ্জুৰ কৰে বোম্বাই উচ্চ ন্যায়ালয়ে। চলিত বৰ্ষৰ মে’ মাহত নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ তৰফৰ পৰা আৰিয়ানক ক্লিন চিট দিয়া হৈছিল। এনচিবিয়ে শ্বাহৰূখপুত্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ লাভ নকৰা বুলি সদৰী কৰিছিল। ইয়াৰ পিছতে আৰিযয়ানে আদালতৰ কাষ চাপিছিল আৰু তেওঁৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল। আৰিয়ানৰ এই আবেদনৰ প্ৰতিও আদালতে অনুমোদন জনোৱা বুলি খবৰ আহিছিল।

সম্প্ৰতি, লণ্ডনত আছে শ্বাহৰূখ খান। ৰাজকুমাৰ হিৰাণী আৰু জিঅ’ ষ্টুডিঅ’ৰ সৈতে ৰেড চিলিছৰ প্ৰযোজনাৰ অধীনত ‘ডংকী’ ছবিখনৰ শ্বুটিঙত ব্যস্ত কিং খান। আৰিয়ানে পাছপ’ৰ্ট ঘূৰাই পোৱাৰ পিছতে পিতৃৰ সৈতে লণ্ডনলৈ গৈছিল বুলি অনুমান কৰা হৈছে। আৰু এইবাৰ নাইট ক্লাবত কটোৱা অন্তৰংগ মুহূৰ্তৰ ছবি বন্দী হৈছে কেমেৰাত। এতিয়া প্ৰশ্ন উঠিছে, আকৌ বিপদত পৰিব পাৰে নেকি শ্বাহৰূখ তনয়? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু