--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ কাণ্ডৰ স্মৃতি এতিয়া অতীত। আকৌ পাৰ্টী মুডত দেখিবলৈ পোৱা গৈছে শ্বাহৰূখ তনয় আৰিয়ান খানক। শেহতীয়াকৈ, নাইট ক্লাবত পাৰ্টী কৰা দেখা গৈছে শ্বাহৰূখ পুত্ৰক। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। পাৰ্টীত মজি থকা আৰিয়ানে পানীয়ত চুমুক দিয়াও দেখা গৈছে।

স্মৰ্তব্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ড্ৰাগছৰ গোচৰত জড়িত হৈ পৰিছিল আৰিয়ানৰ নাম। বিলাসী কৰ্ডেলিয়া ক্ৰুজৰ পৰা আৰিয়ান আৰু তেওঁৰ সংগীসকলক আটক কৰা হৈছিল। পৰবৰ্তী সময়ত শ্বাহৰূখপুত্ৰ দ্বাৰস্ত হয় আদালতত। প্ৰায় ২৬ দিন কাৰাগাৰত থাকিবলগীয়া হৈছিল আৰিয়ানে। পুত্ৰৰ এনে অৱস্থাত ভাঙি পৰিছিল শ্বাহৰূখ। শ্বুটিঙৰ কাম এৰি পুত্ৰৰ জামিনৰ বাবে উঠি পৰি লাগিছিল কিং খানে।

অৱশেষত, আৰিয়ানৰ জামিন মঞ্জুৰ কৰে বোম্বাই উচ্চ ন্যায়ালয়ে। চলিত বৰ্ষৰ মে’ মাহত নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰোৰ তৰফৰ পৰা আৰিয়ানক ক্লিন চিট দিয়া হৈছিল। এনচিবিয়ে শ্বাহৰূখপুত্ৰৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ লাভ নকৰা বুলি সদৰী কৰিছিল। ইয়াৰ পিছতে আৰিযয়ানে আদালতৰ কাষ চাপিছিল আৰু তেওঁৰ পাছপ’ৰ্ট ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল। আৰিয়ানৰ এই আবেদনৰ প্ৰতিও আদালতে অনুমোদন জনোৱা বুলি খবৰ আহিছিল।

সম্প্ৰতি, লণ্ডনত আছে শ্বাহৰূখ খান। ৰাজকুমাৰ হিৰাণী আৰু জিঅ’ ষ্টুডিঅ’ৰ সৈতে ৰেড চিলিছৰ প্ৰযোজনাৰ অধীনত ‘ডংকী’ ছবিখনৰ শ্বুটিঙত ব্যস্ত কিং খান। আৰিয়ানে পাছপ’ৰ্ট ঘূৰাই পোৱাৰ পিছতে পিতৃৰ সৈতে লণ্ডনলৈ গৈছিল বুলি অনুমান কৰা হৈছে। আৰু এইবাৰ নাইট ক্লাবত কটোৱা অন্তৰংগ মুহূৰ্তৰ ছবি বন্দী হৈছে কেমেৰাত। এতিয়া প্ৰশ্ন উঠিছে, আকৌ বিপদত পৰিব পাৰে নেকি শ্বাহৰূখ তনয়? সেয়া সময়তহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ