--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ মহান ত্যাগৰ কথা শুনিলে চকু সেমেকিব আপোনাৰ। কৰ্ণাটকৰ সেই সাহসী মহিলাগৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ। নাম অৰ্চনা কামাথ। এখন ঘৰৰ মৰমৰ বোৱাৰী আছিল অৰ্চনা। 

শহুৰেকৰ ঘৰৰ লগত তেওঁৰ সম্পৰ্ক ইমানেই ভাল আছিল যে তেওঁ কৰিলে এক মহান ত্যাগ। যি ত্যাগ কৰি মৃত্যুক সাবটি ললে অৰ্চনাই।  

শাহুৱেকৰ ভনীয়েক অৰ্থাৎ স্বামীৰ নিজৰ মাহীৰ বাবে নিজৰ লিভাৰ দান কৰিবলৈ সন্মত হৈছিল। পৰিয়ালৰ লোকে অলপ দ্বিধাবোধ কৰিছিল যদিও অৰ্চনাই এই কামত একেবাৰেই দ্বিধাবোধ কৰা নাছিল। মাহীৰ বয়স আছিল ৬৩ বছৰতকৈও অধিক। তেওঁ লিভাৰৰ সমস্যাত ভুগিছিল, সেয়েহে তেওঁৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাটো জৰুৰী আছিল। পৰিয়ালে দাতা বিচাৰিবলৈ ধৰিলে।

অৰ্চনাই মাহীশাহুক লিভাৰ দান কৰিবলৈ আগবাঢ়ি আহে। ৪ ছেপ্টেম্বৰত বেংগালুৰুৰ এখন চিকিৎসালয়ত অৰ্চনাৰ অস্ত্ৰোপচাৰ কৰি লিভাৰ দানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। মাহীশাহুক অৰ্চনাই ৬০ শতাংশ লিভাৰ দান দিয়ে।

সাত দিন হাস্পতালতে থাকিব লগা হৈছিল অৰ্চনা। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ দিনা তেওঁৰ শৰীৰৰ সমস্যা হ’বলৈ ধৰিলে। অলপ পাছতে তেওঁক হাস্পতালত আকৌ ভৰ্তি কৰাব লগা হ’ল। সংক্ৰমণ বাঢ়ি গৈ তেওঁৰ মৃত্যু হয়।

তেওঁৰ সুখী সোণৰ সংসাৰখন ধ্বংস হৈ গ’ল। অৰ্চনাৰ পুত্ৰৰ বয়স মাত্ৰ ৪ বছৰ। স্বামী আৰু অৰ্চনাৰ সম্পৰ্ক আছিল অতি মধুৰ। মৰমী পত্নীক অকালতে হেৰুৱাই দুখত ভাগি পৰিছে স্বামী। অৰ্চনাই স্বেচ্ছাই নিজৰ আত্মীয়ক সহায় কৰিছিল যদিও অস্ত্ৰোপচাৰৰ পাছত হোৱা জটিলতাই তেওঁক আপোনজনৰ পৰা আঁতৰাই ৰাখিছিল।

অপাৰেচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলিছিল যদিও পিছলৈ জটিলতা আহিছিল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত অৰ্চনাই সমস্যা অনুভৱ কৰিবলৈ ধৰিলে। তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সংক্ৰমণ বিয়পিবলৈ ধৰিলে।

অৰ্চনাক হেৰুৱাই পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে। পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি লিভাৰ ড’নাৰ বিচাৰি আছিল, তাৰ পিছত এদিন অৰ্চনা নিজে আগবাঢ়ি আহিছিল সহায় কৰিবলৈ। মাহীশাহুৰ পুত্ৰই অৰ্চনাক সুধিছিল যে তেওঁ এই কাম কৰিবলৈ সম্পূৰ্ণৰূপে সাজু নে? অৰ্চনাই একেষাৰতে সাজু বুলি ক’লে।

৯ বছৰ আগতে বিয়া হৈছিল অৰ্চনাৰ। এতিয়া মানুহে ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ আছিল এগৰাকী এঞ্জেল যিয়ে আনৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৰাইজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু