--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ মহান ত্যাগৰ কথা শুনিলে চকু সেমেকিব আপোনাৰ। কৰ্ণাটকৰ সেই সাহসী মহিলাগৰাকীৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ। নাম অৰ্চনা কামাথ। এখন ঘৰৰ মৰমৰ বোৱাৰী আছিল অৰ্চনা। 

শহুৰেকৰ ঘৰৰ লগত তেওঁৰ সম্পৰ্ক ইমানেই ভাল আছিল যে তেওঁ কৰিলে এক মহান ত্যাগ। যি ত্যাগ কৰি মৃত্যুক সাবটি ললে অৰ্চনাই।  

শাহুৱেকৰ ভনীয়েক অৰ্থাৎ স্বামীৰ নিজৰ মাহীৰ বাবে নিজৰ লিভাৰ দান কৰিবলৈ সন্মত হৈছিল। পৰিয়ালৰ লোকে অলপ দ্বিধাবোধ কৰিছিল যদিও অৰ্চনাই এই কামত একেবাৰেই দ্বিধাবোধ কৰা নাছিল। মাহীৰ বয়স আছিল ৬৩ বছৰতকৈও অধিক। তেওঁ লিভাৰৰ সমস্যাত ভুগিছিল, সেয়েহে তেওঁৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰাটো জৰুৰী আছিল। পৰিয়ালে দাতা বিচাৰিবলৈ ধৰিলে।

অৰ্চনাই মাহীশাহুক লিভাৰ দান কৰিবলৈ আগবাঢ়ি আহে। ৪ ছেপ্টেম্বৰত বেংগালুৰুৰ এখন চিকিৎসালয়ত অৰ্চনাৰ অস্ত্ৰোপচাৰ কৰি লিভাৰ দানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। মাহীশাহুক অৰ্চনাই ৬০ শতাংশ লিভাৰ দান দিয়ে।

সাত দিন হাস্পতালতে থাকিব লগা হৈছিল অৰ্চনা। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ দিনা তেওঁৰ শৰীৰৰ সমস্যা হ’বলৈ ধৰিলে। অলপ পাছতে তেওঁক হাস্পতালত আকৌ ভৰ্তি কৰাব লগা হ’ল। সংক্ৰমণ বাঢ়ি গৈ তেওঁৰ মৃত্যু হয়।

তেওঁৰ সুখী সোণৰ সংসাৰখন ধ্বংস হৈ গ’ল। অৰ্চনাৰ পুত্ৰৰ বয়স মাত্ৰ ৪ বছৰ। স্বামী আৰু অৰ্চনাৰ সম্পৰ্ক আছিল অতি মধুৰ। মৰমী পত্নীক অকালতে হেৰুৱাই দুখত ভাগি পৰিছে স্বামী। অৰ্চনাই স্বেচ্ছাই নিজৰ আত্মীয়ক সহায় কৰিছিল যদিও অস্ত্ৰোপচাৰৰ পাছত হোৱা জটিলতাই তেওঁক আপোনজনৰ পৰা আঁতৰাই ৰাখিছিল।

অপাৰেচন প্ৰক্ৰিয়াটো সুচাৰুৰূপে চলিছিল যদিও পিছলৈ জটিলতা আহিছিল। চিকিৎসালয়ৰ পৰা ৰিলিজ পোৱাৰ পিছত অৰ্চনাই সমস্যা অনুভৱ কৰিবলৈ ধৰিলে। তেওঁক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সংক্ৰমণ বিয়পিবলৈ ধৰিলে।

অৰ্চনাক হেৰুৱাই পৰিয়ালৰ লোকৰ অৱস্থা বেয়া হৈ পৰিছে। পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি লিভাৰ ড’নাৰ বিচাৰি আছিল, তাৰ পিছত এদিন অৰ্চনা নিজে আগবাঢ়ি আহিছিল সহায় কৰিবলৈ। মাহীশাহুৰ পুত্ৰই অৰ্চনাক সুধিছিল যে তেওঁ এই কাম কৰিবলৈ সম্পূৰ্ণৰূপে সাজু নে? অৰ্চনাই একেষাৰতে সাজু বুলি ক’লে।

৯ বছৰ আগতে বিয়া হৈছিল অৰ্চনাৰ। এতিয়া মানুহে ছ’চিয়েল মিডিয়াত লিখিছে যে তেওঁ আছিল এগৰাকী এঞ্জেল যিয়ে আনৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৰাইজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু