--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক কৰুণ ঘটনা সংঘটিত হৈছে। কাম কৰি থকা অৱস্থাতে মৃত্যুক সাবটি লয় এগৰাকী মহিলা বেংক কৰ্মচাৰীয়ে। এইচ ডি এফ চি বেংকত কৰ্মৰত আছিল সাদাফ ফাতিমা নামৰ ৪৫ বৰ্ষীয় মহিলাগৰাকী।

কাম কৰি থকা অৱস্থাত হঠাতে তেওঁ চকীখনৰ পৰা সৰি পৰে আৰু তেওঁৰ মৃত্যু হয়। কোৱা হৈছে যে তেওঁৰ হাৰ্ট এটেক হৈছিল। সহকৰ্মীসকলে কয় যে অত্যধিত কামৰ হেঁচাৰ বাবেই সাদাফ ফাতিমাৰ মৃত্যু হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পৰাহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব। কিন্তু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই মৃত্যুতো বিজেপিৰ দোষ দেখি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিক দোষাৰোপ কৰে।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে এনে খবৰ দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক চাপৰ প্ৰতীক। এই পৰিপ্ৰেক্ষিতত সকলো কোম্পানী আনকি চৰকাৰী বিভাগেও গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। এয়া দেশৰ মানৱ সম্পদৰ অপূৰণীয় ক্ষতি। এনে আকস্মিক মৃত্যুৱে কৰ্ম পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। যিকোনো দেশৰ প্ৰকৃত প্ৰগতিৰ পৰিমাপ সেৱা বা সামগ্ৰীৰ সংখ্যা বৃদ্ধি নহয় বৰঞ্চ এজন ব্যক্তি কিমান মানসিকভাৱে মুক্ত, সুস্থ আৰু সুখী সেয়াহে। বিজেপি চৰকাৰৰ বিফল অৰ্থনৈতিক নীতিৰ বাবে কোম্পানীসমূহৰ ব্যৱসায় ইমানেই কমিছে যে তেওঁলোকৰ ব্যৱসায় বচাবলৈ বহু কম লোকক কাম কৰিবলৈ নিয়োগ কৰে। তেওঁলোকৰ ওপৰত বহুত কামৰ হেঁচা বৃদ্ধি পায়। এনে আকস্মিক মৃত্যুৰ বাবে বিজেপি চৰকাৰ যিমানেই দায়ী, বিজেপি নেতাৰ বক্তব্যই জনসাধাৰণক মানসিকভাৱে মনোবলহীন কৰাৰ সমানেই দায়ী। এই সমস্যা দূৰ কৰিবলৈ কোম্পানী আৰু চৰকাৰী বিভাগসমূহে ‘তাৎক্ষণিক উন্নতি’ৰ বাবে সক্ৰিয় আৰু অৰ্থপূৰ্ণ প্ৰচেষ্টা চলাব লাগে।”

উল্লেখ্য যে ছাদাফ ফাতিমাই মঙলবাৰে কাম কৰি দুপৰীয়াৰ আহাৰ খাবলৈ বহা অৱস্থাত অচেতন হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে চিকিৎসকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু