--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত এক কৰুণ ঘটনা সংঘটিত হৈছে। কাম কৰি থকা অৱস্থাতে মৃত্যুক সাবটি লয় এগৰাকী মহিলা বেংক কৰ্মচাৰীয়ে। এইচ ডি এফ চি বেংকত কৰ্মৰত আছিল সাদাফ ফাতিমা নামৰ ৪৫ বৰ্ষীয় মহিলাগৰাকী।

কাম কৰি থকা অৱস্থাত হঠাতে তেওঁ চকীখনৰ পৰা সৰি পৰে আৰু তেওঁৰ মৃত্যু হয়। কোৱা হৈছে যে তেওঁৰ হাৰ্ট এটেক হৈছিল। সহকৰ্মীসকলে কয় যে অত্যধিত কামৰ হেঁচাৰ বাবেই সাদাফ ফাতিমাৰ মৃত্যু হৈছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পৰাহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব। কিন্তু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই মৃত্যুতো বিজেপিৰ দোষ দেখি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিক দোষাৰোপ কৰে।

সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে এনে খবৰ দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক চাপৰ প্ৰতীক। এই পৰিপ্ৰেক্ষিতত সকলো কোম্পানী আনকি চৰকাৰী বিভাগেও গুৰুত্বসহকাৰে চিন্তা কৰিব লাগিব। এয়া দেশৰ মানৱ সম্পদৰ অপূৰণীয় ক্ষতি। এনে আকস্মিক মৃত্যুৱে কৰ্ম পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। যিকোনো দেশৰ প্ৰকৃত প্ৰগতিৰ পৰিমাপ সেৱা বা সামগ্ৰীৰ সংখ্যা বৃদ্ধি নহয় বৰঞ্চ এজন ব্যক্তি কিমান মানসিকভাৱে মুক্ত, সুস্থ আৰু সুখী সেয়াহে। বিজেপি চৰকাৰৰ বিফল অৰ্থনৈতিক নীতিৰ বাবে কোম্পানীসমূহৰ ব্যৱসায় ইমানেই কমিছে যে তেওঁলোকৰ ব্যৱসায় বচাবলৈ বহু কম লোকক কাম কৰিবলৈ নিয়োগ কৰে। তেওঁলোকৰ ওপৰত বহুত কামৰ হেঁচা বৃদ্ধি পায়। এনে আকস্মিক মৃত্যুৰ বাবে বিজেপি চৰকাৰ যিমানেই দায়ী, বিজেপি নেতাৰ বক্তব্যই জনসাধাৰণক মানসিকভাৱে মনোবলহীন কৰাৰ সমানেই দায়ী। এই সমস্যা দূৰ কৰিবলৈ কোম্পানী আৰু চৰকাৰী বিভাগসমূহে ‘তাৎক্ষণিক উন্নতি’ৰ বাবে সক্ৰিয় আৰু অৰ্থপূৰ্ণ প্ৰচেষ্টা চলাব লাগে।”

উল্লেখ্য যে ছাদাফ ফাতিমাই মঙলবাৰে কাম কৰি দুপৰীয়াৰ আহাৰ খাবলৈ বহা অৱস্থাত অচেতন হৈ পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে চিকিৎসকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু