--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই এতিয়া নিৰ্ণায়ক দিশৰ ফালে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ক্ৰমাৎ ইউক্ৰেইনৰ প্ৰতিৰোধ উফৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এইবাৰ দেশখনৰ বন্দৰ চহৰ মাৰিউপ’ল নিজৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি ঘোষণা কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গে শ্ব’ইগুৱে মাৰিউপ’লৰ ‘স্বতন্ত্ৰতা’ৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে ইয়াক প্ৰশংসা কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে, এজ’ৱষ্টল ষ্টীল প্লাণ্টক বাদ দি সমগ্ৰ মাৰিউপ’ল এতিয়া মস্কোৰ দখললৈ গৈছে।

এজ’ভ সাগৰৰ পাৰৰ মাৰিউপ’লত ৰাছিয়াৰ নিয়ন্ত্ৰণ দেশখনৰ বাবে কৌশগত দিশৰ পৰা বৃহৎ বিজয় হিচাপে পৰিগণিত হৈছে। মন কৰিবলগীয়া যে, মাৰিউপ’লক লৈ ইউক্ৰেইনে নিশ্চৰ্তভাৱে ৰাছিয়াৰে আলোচনাত বহিবলৈ সাজু বুলি প্ৰকাশ কৰাৰ পাছতে দেশখন যে এতিয়া যুদ্ধক্ষেত্ৰত পশ্চাৎ অপসাৰিত হৈছে সেইকথা স্পষ্ট হৈ পৰিছে। মাৰিউপ’ল দখলৰ পাছত এতিয়া ৰাছিয়াই ইয়াক লৈ আলোচনাত বহাৰ সম্ভাৱনা নিশ্চয় নাই।

ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ব’ইগুৱে জনাইছিল যে, মাৰিউপ’লে স্বতন্ত্ৰতা অৰ্জন কৰিছে। এতিয়াও বশ্যতা স্বীকাৰ নকৰা কিছুসংখ্যকে ঔদ্যোগিক অঞ্চলৰ এজ’ৱষ্টল প্লাণ্টত থিতাপি লৈছে। প্লাণ্টটোৰ ভিতৰক প্ৰায় ২০০০ ইউক্ৰেইনী সৈনিক আছে বুলি প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে। তাক বাদ দি চহৰখনৰ পৰা ইউক্ৰেইনী প্ৰতিৰোধ সম্পূৰ্ণৰূপে ওফৰাই পেলোৱা হৈছে।

ইফালে, পুটিনে এই সাফল্যক লৈ উৎসাহ প্ৰকাশ কৰা লগতে ঔদ্যোগিক অঞ্চলটো সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে যাতে এটা ‘মাখি’য়েও পলায়ন কৰিব নোৱাৰে। উল্লেখ্য যে, ৰাছিয়াৰ নিৰ্দশ আক্ৰমণত চহৰখনত হাজাৰ হাজাৰ সাধাৰণ লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। খাদ্য, পানী আৰু বিজুলীৰ অভাৱত তাৰ লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছিল বিগত দীঘলীয়া যুদ্ধৰ সময়ছোৱাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন