--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই এতিয়া নিৰ্ণায়ক দিশৰ ফালে অগ্ৰসৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ক্ৰমাৎ ইউক্ৰেইনৰ প্ৰতিৰোধ উফৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। এইবাৰ দেশখনৰ বন্দৰ চহৰ মাৰিউপ’ল নিজৰ নিয়ন্ত্ৰণলৈ নিয়া বুলি ঘোষণা কৰিছে ৰাছিয়াই। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গে শ্ব’ইগুৱে মাৰিউপ’লৰ ‘স্বতন্ত্ৰতা’ৰ কথা ঘোষণা কৰিছিল। তাৰ পাছতে ইয়াক প্ৰশংসা কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে, এজ’ৱষ্টল ষ্টীল প্লাণ্টক বাদ দি সমগ্ৰ মাৰিউপ’ল এতিয়া মস্কোৰ দখললৈ গৈছে।

এজ’ভ সাগৰৰ পাৰৰ মাৰিউপ’লত ৰাছিয়াৰ নিয়ন্ত্ৰণ দেশখনৰ বাবে কৌশগত দিশৰ পৰা বৃহৎ বিজয় হিচাপে পৰিগণিত হৈছে। মন কৰিবলগীয়া যে, মাৰিউপ’লক লৈ ইউক্ৰেইনে নিশ্চৰ্তভাৱে ৰাছিয়াৰে আলোচনাত বহিবলৈ সাজু বুলি প্ৰকাশ কৰাৰ পাছতে দেশখন যে এতিয়া যুদ্ধক্ষেত্ৰত পশ্চাৎ অপসাৰিত হৈছে সেইকথা স্পষ্ট হৈ পৰিছে। মাৰিউপ’ল দখলৰ পাছত এতিয়া ৰাছিয়াই ইয়াক লৈ আলোচনাত বহাৰ সম্ভাৱনা নিশ্চয় নাই।

ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ব’ইগুৱে জনাইছিল যে, মাৰিউপ’লে স্বতন্ত্ৰতা অৰ্জন কৰিছে। এতিয়াও বশ্যতা স্বীকাৰ নকৰা কিছুসংখ্যকে ঔদ্যোগিক অঞ্চলৰ এজ’ৱষ্টল প্লাণ্টত থিতাপি লৈছে। প্লাণ্টটোৰ ভিতৰক প্ৰায় ২০০০ ইউক্ৰেইনী সৈনিক আছে বুলি প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে। তাক বাদ দি চহৰখনৰ পৰা ইউক্ৰেইনী প্ৰতিৰোধ সম্পূৰ্ণৰূপে ওফৰাই পেলোৱা হৈছে।

ইফালে, পুটিনে এই সাফল্যক লৈ উৎসাহ প্ৰকাশ কৰা লগতে ঔদ্যোগিক অঞ্চলটো সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰখাৰ নিৰ্দেশ দিছে যাতে এটা ‘মাখি’য়েও পলায়ন কৰিব নোৱাৰে। উল্লেখ্য যে, ৰাছিয়াৰ নিৰ্দশ আক্ৰমণত চহৰখনত হাজাৰ হাজাৰ সাধাৰণ লোকৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। খাদ্য, পানী আৰু বিজুলীৰ অভাৱত তাৰ লোকসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছিল বিগত দীঘলীয়া যুদ্ধৰ সময়ছোৱাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ