--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অশেষ কষ্টৰ ফলত উদ্ধাৰ কৰে যাত্ৰী সকলক। দেওবাৰে বিয়লি দিল্লী অভিমুখী স্পাইচজেটৰ এখন বিমানত জুই লাগে। জানিব পৰা মতে, পাটনাৰ পৰা দিল্লী অভিমুখে স্পাইচজেটৰ এখন বিমান উৰা মৰাৰ পাছতে আকাশৰ মাজত অগ্নিকাণ্ড সংঘটিত হয়। বিমানখনত মুঠ ১৭৫ জন যাত্ৰী আছিল। কিন্তু পাইলটৰ কাৰ্যদক্ষতাৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে বিমানখন। পাছত পাটনা বিমান বন্দৰত নিৰাপদে বিমানখন অৱতৰণ কৰা হয়। বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। জানিব পৰা মতে ইঞ্জিনৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিল।

পাটনা বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, প্ৰতিজন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হৈছে।  বিমানৰ ইঞ্জিনৰ সমস্যাৰ মাজআকাশত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পাইলটে ক্ষিপ্ৰতাৰে এটিচিৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছতে বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে। বিমানখন পুনৰ পাটনা বিমানবন্দৰলৈ অনা হয়। জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কয় যে, "বিমানখন উৰা মৰাৰ পিছত স্থানীয় ৰাইজে আকাশমাৰ্গত বিমানখনৰ পৰা ধোঁৱা ওপৰলৈ অহা দেখিছিল। তেওঁলোকে স্থানীয় প্ৰশাসন আৰু বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে। ঘটনাটো যান্ত্ৰিক বিসংগতিৰ বাবে হব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাটো সন্দৰ্ভত বৰ্তমানলৈকে তদন্ত চলি আছে। "

স্পাইচজেট এছ জি ৭২৩ বিমানখনে আজি দিনৰ ১২:০৪ বজাত উৰা মাৰে। তাৰ পিছত হঠাতে আকাশ মাৰ্গত দুৰ্যোগৰ সৃষ্টি হ’ল। ৰোগী আৰু তেওঁৰ পৰিয়ালক চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বাতিল হ’ল চেন্নাইৰ পৰা আন্দালুছিয়ালৈ স্পাইচজেটৰ বিমান। কোনো আগতীয়া জাননী দিয়া হোৱা নাছিল সংস্থাটোৱে। ফলত দুৰ্গাপুৰকে ধৰি একাংশ অঞ্চলৰ ২০ জন যাত্ৰী চেন্নাই বিমানবন্দৰত আবদ্ধ হৈ পৰে। ইয়াৰে অধিকাংশই ৰোগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ