--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা। অশেষ কষ্টৰ ফলত উদ্ধাৰ কৰে যাত্ৰী সকলক। দেওবাৰে বিয়লি দিল্লী অভিমুখী স্পাইচজেটৰ এখন বিমানত জুই লাগে। জানিব পৰা মতে, পাটনাৰ পৰা দিল্লী অভিমুখে স্পাইচজেটৰ এখন বিমান উৰা মৰাৰ পাছতে আকাশৰ মাজত অগ্নিকাণ্ড সংঘটিত হয়। বিমানখনত মুঠ ১৭৫ জন যাত্ৰী আছিল। কিন্তু পাইলটৰ কাৰ্যদক্ষতাৰ বাবে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছে বিমানখন। পাছত পাটনা বিমান বন্দৰত নিৰাপদে বিমানখন অৱতৰণ কৰা হয়। বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই। জানিব পৰা মতে ইঞ্জিনৰ যান্ত্ৰিক বিজুতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছিল।

পাটনা বিমানবন্দৰৰ এজন বিষয়াই জনোৱা মতে, প্ৰতিজন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰা হৈছে।  বিমানৰ ইঞ্জিনৰ সমস্যাৰ মাজআকাশত এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে পাইলটে ক্ষিপ্ৰতাৰে এটিচিৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছতে বিমানখনে জৰুৰীভাৱে অৱতৰণ কৰে। বিমানখন পুনৰ পাটনা বিমানবন্দৰলৈ অনা হয়। জিলা দণ্ডাধীশ চন্দ্ৰশেখৰ সিঙে কয় যে, "বিমানখন উৰা মৰাৰ পিছত স্থানীয় ৰাইজে আকাশমাৰ্গত বিমানখনৰ পৰা ধোঁৱা ওপৰলৈ অহা দেখিছিল। তেওঁলোকে স্থানীয় প্ৰশাসন আৰু বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে। ঘটনাটো যান্ত্ৰিক বিসংগতিৰ বাবে হব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাটো সন্দৰ্ভত বৰ্তমানলৈকে তদন্ত চলি আছে। "

স্পাইচজেট এছ জি ৭২৩ বিমানখনে আজি দিনৰ ১২:০৪ বজাত উৰা মাৰে। তাৰ পিছত হঠাতে আকাশ মাৰ্গত দুৰ্যোগৰ সৃষ্টি হ’ল। ৰোগী আৰু তেওঁৰ পৰিয়ালক চৰম হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। বাতিল হ’ল চেন্নাইৰ পৰা আন্দালুছিয়ালৈ স্পাইচজেটৰ বিমান। কোনো আগতীয়া জাননী দিয়া হোৱা নাছিল সংস্থাটোৱে। ফলত দুৰ্গাপুৰকে ধৰি একাংশ অঞ্চলৰ ২০ জন যাত্ৰী চেন্নাই বিমানবন্দৰত আবদ্ধ হৈ পৰে। ইয়াৰে অধিকাংশই ৰোগী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু