--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰাঅগ্নিপথআঁচনিৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে৷ অগ্নিপথৰ জুই বিয়পি পৰিছে দক্ষিণ ভাৰতলৈও৷ তেলেংগানাৰ চেকেন্দ্ৰাবাদতো সংঘটিত হৈছে হিংসাত্মক পৰিস্থিতি৷ তেলেংগানাৰ চেকেন্দ্ৰাবাদ ৰে ষ্টেচনত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত এজন প্ৰাক্তন সেনাকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে৷


তেলেংগানাৰ আৰক্ষী বিষয়াসকলে কয় যে আভুলা চুব্বা ৰাও হৈছে চেকেন্দ্ৰাবাদ হিংসাৰ আঁৰৰ মূল সূত্ৰধাৰ প্ৰতিবাদকাৰীসকলে কেইবাখনো ৰেলত জুই লগাই ছিল৷ আনহাতে জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰাত এজন লোক নিহত হৈছিল।

 

খবৰ অনুসৰি ৰাওৱে জনতাক একত্ৰিত কৰিবলৈ ৱাটছএপ গ্ৰুপ খুলিছিল আৰু চেকেন্দ্ৰাবাদত অগ্নিসংযোগ আৰু ভাংচুৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ৰাও অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ বাসিন্দা আৰু যোৱা কেইবছৰমানধৰি হায়দৰাবাদৰ নৰচাৰাওপেট আৰু কমেও সাতখন ঠাইত শাখা থকা সেনা প্ৰাৰ্থীসকলৰ বাবে এটা প্ৰশিক্ষণ একাডেমী চলাই আছে।

 

তেওঁক আৰক্ষীয়ে শনিবাৰে সোধা-পোছৰ বাবে আটক কৰিছিল। শুকুৰবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰে ষ্টেচনত কেইবাখনো যাত্ৰীবাহী ৰেলত আক্ৰমণ কৰি দবা জ্বলাই দিয়া আৰু ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ ফলত ৱাৰাংগলৰ ১৯ বছৰীয়া ৰাজেশ নিহত হোৱাৰ লগতে এক ডজনৰো অধিক লোক আহত হয়।

 

আৰক্ষীয়ে আদোনি, কুৰ্ণুল, গুন্টুৰ, নেল্লোৰ, আমাদালাভালাচা, বিশাখাপত্তনম আৰু য়ালামানছলিৰ হিংসাত্মক ঘটনাৰ সন্দৰ্ভত কেইবাজনো লোকক আটক কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ