--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়া অভিমুখী এছিয়ানা এয়াৰলাইন্সৰ এখন উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি গ্ৰেপ্তাৰ হৈছে এজন লোক। বিমানখন ডিয়েগো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তো দুৱাৰখন খোলা আছিল।

আকাশৰ মাজত হঠাতে জৰুৰীকালীন দুৱাৰখন খোলাৰ ফলত বিমানখনৰ ভিতৰৰ বহু যাত্ৰী প্ৰচণ্ড বতাহৰ বাবে অজ্ঞান হৈ পৰিছিল।কিছুমান যাত্ৰীৰ উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়। অসুস্থ আটাইকেইজন যাত্ৰীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনৰ বয়স ৩০ বছৰ। জেজু দ্বীপৰ পৰা উৰা মৰা বিমানখন ভূপৃষ্ঠৰ পৰা ২৫০ মিটাৰ উচ্চতাত থকা সময়ত সংঘটিত হৈছিল এই ঘটনা।

বিমানখনৰ দায়িত্বত থকা কৰ্মীসকলে অৱতৰণৰ সময়ত লোকজনক ৰখাবলৈ চেষ্টা কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ব্যক্তিজনে বিমানখনৰ পৰা জপিয়াই যাবলৈ চেষ্টা কৰিছিল।এজন যাত্ৰীয়ে কয়, “দুৱাৰৰ ওচৰৰ যাত্ৰীসকল এজন এজনকৈ অজ্ঞান হৈ পৰিছিল।”

আৰক্ষীয়ে জনোৱা মতে, বিমানখনৰ দুৱাৰ খোলাৰ কোনো ধৰণৰ ব্যাখ্যা দিয়া নাই অভিযুক্তই। গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁ মদ্যপান কৰাৰ প্ৰমান নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ