--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়া অভিমুখী এছিয়ানা এয়াৰলাইন্সৰ এখন উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি গ্ৰেপ্তাৰ হৈছে এজন লোক। বিমানখন ডিয়েগো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তো দুৱাৰখন খোলা আছিল।

আকাশৰ মাজত হঠাতে জৰুৰীকালীন দুৱাৰখন খোলাৰ ফলত বিমানখনৰ ভিতৰৰ বহু যাত্ৰী প্ৰচণ্ড বতাহৰ বাবে অজ্ঞান হৈ পৰিছিল।কিছুমান যাত্ৰীৰ উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ হয়। অসুস্থ আটাইকেইজন যাত্ৰীক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে।

আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ব্যক্তিজনৰ বয়স ৩০ বছৰ। জেজু দ্বীপৰ পৰা উৰা মৰা বিমানখন ভূপৃষ্ঠৰ পৰা ২৫০ মিটাৰ উচ্চতাত থকা সময়ত সংঘটিত হৈছিল এই ঘটনা।

বিমানখনৰ দায়িত্বত থকা কৰ্মীসকলে অৱতৰণৰ সময়ত লোকজনক ৰখাবলৈ চেষ্টা কৰে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ব্যক্তিজনে বিমানখনৰ পৰা জপিয়াই যাবলৈ চেষ্টা কৰিছিল।এজন যাত্ৰীয়ে কয়, “দুৱাৰৰ ওচৰৰ যাত্ৰীসকল এজন এজনকৈ অজ্ঞান হৈ পৰিছিল।”

আৰক্ষীয়ে জনোৱা মতে, বিমানখনৰ দুৱাৰ খোলাৰ কোনো ধৰণৰ ব্যাখ্যা দিয়া নাই অভিযুক্তই। গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁ মদ্যপান কৰাৰ প্ৰমান নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস