--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১২ অক্টোবৰৰ নিশা ৩ জন আক্ৰমণকাৰীৰ দ্বাৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি দলৰ নেতা বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা হয়৷ তেওঁক সংকটজনক অৱস্থাত লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বুকু আৰু পেটত আঘাত প্ৰাপ্ত হৈ এন চি পিৰ নেতাগৰাকীৰ মৃত্যু হয়৷  

জানিব পৰা মতে তেওঁৰ পুত্ৰ জীছান ছিদ্দিকিৰ অফিচলৈ গৈ থকা আৱস্থাত হঠাতে তেওঁৰ ওপৰত গুলীচালনা হয়৷আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে পেছাগত  হত্যাকাৰীৰ দ্বাৰা এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে৷

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বাবা ছিদ্দিকীয়ে কংগ্ৰেছ ত্যাগ কৰি এন চি পিত যোগদান কৰিছিল।বগিত ৪৮ বছৰ ধৰি তেওঁ কংগ্ৰেছ দলত আছিল। সেই সময়ত তেওঁ পদত্যাগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত লিখিছিল যে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ডেকা কালত যোগদান কৰিছিল৷আৰু ই ৪৮ বছৰ ধৰি চলা এক ৰোমান্সকৰ যাত্ৰা আছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদৰ পৰা তাৎক্ষণিকভৱে কাৰ্যকৰী হোৱা কৈ পদত্যাগ কৰা বুলি সদৰি কৰিছিল।

তেওঁ ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰি তেওঁ প্ৰথমবাৰৰ বাবে বিএমচিত কৰ্পৰেটৰ নিৰ্বাচিত হয় আৰু ১৯৯৯, ২০০৪ আৰু ২০০৯ চনত পশ্চিম বান্দ্ৰাৰ  পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল।অৱশ্যে ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।ইয়াৰোপৰি মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটি মুম্বাইৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল বাবা ছিদ্দিকীয়ে।

আৰক্ষীয়ে এই গুলীচালনা তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীক লক্ষ্য কৰি লৈছিল বুলি সন্দেহ কৰিছে, কাৰণ জীছান ছিদ্দিকীয়েও দেউতাকৰ লগত একে লগে যাবলা ওলাইছিল  জৰুৰী ফোন অহাৰ বাবে তেওঁ অফিচতে থাকিব লগা হয়।আৰু ইফালে এই ঘটনা সংঘটিত হয়।

এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰী দুজন উত্তৰ প্ৰদেশৰ আৰু আনজন হাৰিয়ানাৰ বুলি সদৰি কৰিছে। এই গোচৰৰ তৃতীয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে বস্তি পুনৰ্বাসন কৰ্তৃপক্ষ (এছ আৰ এ) প্ৰকল্পক লৈ হোৱা বিতৰ্কৰ সম্পৰ্ক থাকিব পাৰে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু