--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা ১২ অক্টোবৰৰ নিশা ৩ জন আক্ৰমণকাৰীৰ দ্বাৰা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি দলৰ নেতা বাবা ছিদ্দিকীৰ ওপৰত গুলীচালনা হয়৷ তেওঁক সংকটজনক অৱস্থাত লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বুকু আৰু পেটত আঘাত প্ৰাপ্ত হৈ এন চি পিৰ নেতাগৰাকীৰ মৃত্যু হয়৷  

জানিব পৰা মতে তেওঁৰ পুত্ৰ জীছান ছিদ্দিকিৰ অফিচলৈ গৈ থকা আৱস্থাত হঠাতে তেওঁৰ ওপৰত গুলীচালনা হয়৷আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি দুজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। আৰক্ষীয়ে পেছাগত  হত্যাকাৰীৰ দ্বাৰা এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে৷

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বাবা ছিদ্দিকীয়ে কংগ্ৰেছ ত্যাগ কৰি এন চি পিত যোগদান কৰিছিল।বগিত ৪৮ বছৰ ধৰি তেওঁ কংগ্ৰেছ দলত আছিল। সেই সময়ত তেওঁ পদত্যাগ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত লিখিছিল যে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত ডেকা কালত যোগদান কৰিছিল৷আৰু ই ৪৮ বছৰ ধৰি চলা এক ৰোমান্সকৰ যাত্ৰা আছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যপদৰ পৰা তাৎক্ষণিকভৱে কাৰ্যকৰী হোৱা কৈ পদত্যাগ কৰা বুলি সদৰি কৰিছিল।

তেওঁ ছাত্ৰ নেতা হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰি তেওঁ প্ৰথমবাৰৰ বাবে বিএমচিত কৰ্পৰেটৰ নিৰ্বাচিত হয় আৰু ১৯৯৯, ২০০৪ আৰু ২০০৯ চনত পশ্চিম বান্দ্ৰাৰ  পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছিল।অৱশ্যে ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।ইয়াৰোপৰি মহাৰাষ্ট্ৰ হাউছিং এণ্ড এৰিয়া ডেভেলপমেণ্ট অথৰিটি মুম্বাইৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল বাবা ছিদ্দিকীয়ে।

আৰক্ষীয়ে এই গুলীচালনা তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীক লক্ষ্য কৰি লৈছিল বুলি সন্দেহ কৰিছে, কাৰণ জীছান ছিদ্দিকীয়েও দেউতাকৰ লগত একে লগে যাবলা ওলাইছিল  জৰুৰী ফোন অহাৰ বাবে তেওঁ অফিচতে থাকিব লগা হয়।আৰু ইফালে এই ঘটনা সংঘটিত হয়।

এই গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰী দুজন উত্তৰ প্ৰদেশৰ আৰু আনজন হাৰিয়ানাৰ বুলি সদৰি কৰিছে। এই গোচৰৰ তৃতীয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে বস্তি পুনৰ্বাসন কৰ্তৃপক্ষ (এছ আৰ এ) প্ৰকল্পক লৈ হোৱা বিতৰ্কৰ সম্পৰ্ক থাকিব পাৰে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ