--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজধানী দিল্লীৰ চিৰাগ অঞ্চলত ৰামলীলা মঞ্চস্থ হৈ থাকোতে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটানা৷ কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰে এগৰাকী ৬০ বছৰীয়া শিল্পী ।

তেওঁক আকাশ হাস্পতাললৈ লৈ যোৱা হয় তাৰ পৰা তেওঁক পি এছ আৰ আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় শিল্পী গৰাকীৰ৷

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, শনিবাৰে চিকিৎসাৰ সময়তে শিল্পী গৰাকীৰ মৃত্যু হয়। মৃতশিল্পী গৰাকীৰ নাম বিক্ৰম তানেজা বুলি জানিব পৰা গৈছে৷

ইয়াৰ পূৰ্বে দিল্লীৰ শ্বাহদৰা অঞ্চলৰ বিশ্বকৰ্মা নগৰত ৰামলীলাত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা ৪৫ বছৰীয়া এজন ব্যক্তিৰো মঞ্চতে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসকে পৰীক্ষা কৰাৰ পাছত তেওঁক মৃত বুলি ঘোষণা কৰে। নিহত ব্যক্তিজন পেছাত সম্পত্তিৰ ব্যৱসায়ী সুশীল কৌশিক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছিল। 

উল্লেখযোগ্য যে ৰামলীলা দশেৰা উৎসৱৰ সময়ত প্ৰদৰ্শন কৰা হয়, সাধাৰণতে এই উৎসৱ হিন্দু পৰম্পৰা অনুসৰি আশ্বিন মাহত পালন কৰে৷ 

এই উৎসৱে সত্যৰ বিজয়ক উদযাপন কৰে, য'ত ৰাৱণৰ পুতলা জ্বলাই দিয়া হয়। দুৰ্ভাগ্যৰ কথা যে এই উৎসৱৰ মাজত এনে ঘটনাই উৎসৱৰ অনন্দ ম্লান কৰি তুলাৰ লগতে শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ