--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজধানী দিল্লীৰ চিৰাগ অঞ্চলত ৰামলীলা মঞ্চস্থ হৈ থাকোতে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটানা৷ কুম্ভকৰ্ণৰ চৰিত্ৰত অভিনয় কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰে এগৰাকী ৬০ বছৰীয়া শিল্পী ।

তেওঁক আকাশ হাস্পতাললৈ লৈ যোৱা হয় তাৰ পৰা তেওঁক পি এছ আৰ আই হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়তে মৃত্যু হয় শিল্পী গৰাকীৰ৷

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, শনিবাৰে চিকিৎসাৰ সময়তে শিল্পী গৰাকীৰ মৃত্যু হয়। মৃতশিল্পী গৰাকীৰ নাম বিক্ৰম তানেজা বুলি জানিব পৰা গৈছে৷

ইয়াৰ পূৰ্বে দিল্লীৰ শ্বাহদৰা অঞ্চলৰ বিশ্বকৰ্মা নগৰত ৰামলীলাত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা ৪৫ বছৰীয়া এজন ব্যক্তিৰো মঞ্চতে অসুস্থ হৈ পৰে আৰু ইয়াৰ পাছত চিকিৎসালয়লৈ লৈ যোৱা হয়৷ চিকিৎসকে পৰীক্ষা কৰাৰ পাছত তেওঁক মৃত বুলি ঘোষণা কৰে। নিহত ব্যক্তিজন পেছাত সম্পত্তিৰ ব্যৱসায়ী সুশীল কৌশিক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছিল। 

উল্লেখযোগ্য যে ৰামলীলা দশেৰা উৎসৱৰ সময়ত প্ৰদৰ্শন কৰা হয়, সাধাৰণতে এই উৎসৱ হিন্দু পৰম্পৰা অনুসৰি আশ্বিন মাহত পালন কৰে৷ 

এই উৎসৱে সত্যৰ বিজয়ক উদযাপন কৰে, য'ত ৰাৱণৰ পুতলা জ্বলাই দিয়া হয়। দুৰ্ভাগ্যৰ কথা যে এই উৎসৱৰ মাজত এনে ঘটনাই উৎসৱৰ অনন্দ ম্লান কৰি তুলাৰ লগতে শিল্পী গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু