--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে টোপনিতে গিলি পেলালে তেওঁৰ কৃত্ৰিম দাঁত। সেই দাঁত গৈ আৱদ্ধ হৈ পৰিল তেওঁৰ হাওঁফাওঁত। অন্ধ্ৰ প্ৰদেশত ঘটিছে এই ঘটনা। ব্যক্তিজনৰ বয়স ৫২ বছৰ। বিশাখাপট্টনমৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকে সফলতাৰে আঁতৰাই পেলাইছে ব্যক্তিজনৰ হাওঁফাওঁৰ পৰা কৃত্ৰিম দাঁত। ব্যক্তিজনে বহু বছৰ ধৰি ফিক্সড কৃত্ৰিম দাঁত ব্যৱহাৰ কৰি আহিছিল। 

তেওঁ সপোনতো কল্পনা কৰা নাছিল যে সেই দাঁতে তেওঁক বিপদত পেলাব। মানুহজনে কয় যে কৃত্ৰিম দাঁতৰ চেটটো ঢিলা হৈ পৰিছিল আৰু তেওঁ শুই থকা অৱস্থাত অজানিতে গিলি পেলাইছিল। ডেণ্টেল চেটটো তেওঁৰ সোঁ হাওঁফাওঁত আবদ্ধ হৈ পৰিছিল।

কিমছ আইকন হাস্পতালৰ কনচালটেণ্ট ইন্টাৰভেনচনেল পালমোন’লজিষ্ট ডাঃ চি এইচ ভাৰতে কয় যে ব্যক্তিজনৰ বাওঁ হাওঁফাওঁ আৰু সোঁ হাওঁফাওঁৰ কিছু অংশই স্বাভাৱিকভাৱে কাম কৰি থকাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত গুৰুতৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল। তেওঁ অবিৰতভাৱে কাহ মাৰি আছিল আৰু উশাহ-নিশাহ লোৱাত অলপ সমস্যাৰ সন্মুখীন হৈছিল।

এক্স-ৰে আৰু চিটি স্কেনৰ পিছত চিকিৎসকে হাওঁফাওঁত ডেণ্টেল চেটৰ উপস্থিতি নিশ্চিত কৰে। চিকিৎসকৰ দলটোৱে বস্তুটো আঁতৰাবলৈ সাধাৰণ এনাস্থেচিয়াৰ অধীনত কঠোৰ ব্ৰংকোস্কপি পদ্ধতিৰ পথ বাছি লৈছিল। ডাঃ ভাৰতে কয় যে এই পদ্ধতিত হাওঁফাওঁ বা বায়ুপথৰ আঘাতৰ আশংকা আছিল যদিও অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল।

তেওঁ আৰু কয়, ‘ডেন্টাল চেটৰ দুয়োফালে থকা ধাতুৰ উপাদানসমূহৰ প্ৰতি লক্ষ্য ৰাখি আঁতৰোৱাৰ সময়ত হাওঁফাওঁ বা বায়ুপথত আঘাত পোৱাৰ যথেষ্ট আশংকা আছিল, যাৰ ফলত ৰক্তক্ষৰণ হ’ব পাৰে। সৌভাগ্যক্ৰমে এই পদ্ধতি বহুলাংশে সফল হৈছিল। ব্যক্তিগৰাকী এতিয়া সুস্থ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু