--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ষ্টাইলৰ বিয়া নহয়। সোণাক্ষী সিনহাই নিজৰ ঘৰতে, ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমিক জহীৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

ৰাতিপুৱা আইনীভাৱে বিয়া কৰাইছে। দুপৰীয়া নৃত্য-গায়ন, বলীউডৰ বন্ধু-বান্ধৱীৰ সৈতে অভ্যৰ্থনা। কাজল, টাবু, ছাইৰা বানুৰ পৰা ৰেখালৈকে — বলীউডৰ এটা বৃহৎ অংশই শত্ৰুঘ্ন সিনহাৰ কন্যাৰ বিয়াত উপস্থিত হৈছিল। কিন্তু সকলোৱে ৰৈ আছিল, কেতিয়া আহিব ‘দবাং’ৰ নায়ক সোনাক্ষীৰ নায়ক চুলবুল পাণ্ডে! ছলমান খান তেওঁ। তেওঁ কেৱল সোণাক্ষীৰ নায়ক নহয়, সোণাক্ষী-জহিৰৰ প্ৰেমৰ ‘ঘটক’ও। গতিকে তেওঁ নাহিব, কি হ’ব! অতি গভীৰ নিশা অভ্যৰ্থনা অনুষ্ঠানৰ কক্ষত উপস্থিত হ’ল ছলমান।

বিগত কেইমাহমানৰ পৰা অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে অভিনেতাগৰাকীক। গতিকে য’তেই নাযাওক কিয়, নিৰাপত্তাৰ বিষয়টো বিবেচনা কৰিব লাগিব। আজিৰ দিনটোতে তেওঁ কটকটীয়া নিৰাপত্তাৰ অধীনত সোনাক্ষী-জাহিৰৰ বিবাহ অনুষ্ঠানলৈ আহিছিল ক’লা টাক্সেডো চুট পিন্ধি, মুখত গম্ভীৰ ভাব।

ছলমানক দেখি ফটোগ্ৰাফাৰসকলে চিঞৰিবলৈ আৰম্ভ কৰে। কিন্তু কোনো গুৰুত্ব নিদিয়াকৈ পোনে পোনে আগবাঢ়ি গ’ল। কিন্তু তাত বেছি সময় নাথাকিল। নৱবিবাহিনীক শুভেচ্ছা জনোৱাৰ লগতে সোণাক্ষীৰ পিতৃ-মাতৃৰ সৈতে শুভেচ্ছা আদান-প্ৰদান কৰাৰ পিছত ছলমানে অনুষ্ঠানৰ পৰা আঁতৰি যায়। অৱশ্যে সোনাক্ষী আৰু জহীৰৰ বিয়াত ছলমানে বিশেষ সময় নাপালেও ভতিজী আলিজেহক লৈ আহিছিল ছলমানৰ ভাতৃ অৰবাজ খানে। স্বামী আয়ুষ শৰ্মাৰ সৈতে অৰ্পিতা খান আহিছিল। তেওঁ জহীৰৰ স্কুলৰ সহপাঠী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ