--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ষ্টাইলৰ বিয়া নহয়। সোণাক্ষী সিনহাই নিজৰ ঘৰতে, ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমিক জহীৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

ৰাতিপুৱা আইনীভাৱে বিয়া কৰাইছে। দুপৰীয়া নৃত্য-গায়ন, বলীউডৰ বন্ধু-বান্ধৱীৰ সৈতে অভ্যৰ্থনা। কাজল, টাবু, ছাইৰা বানুৰ পৰা ৰেখালৈকে — বলীউডৰ এটা বৃহৎ অংশই শত্ৰুঘ্ন সিনহাৰ কন্যাৰ বিয়াত উপস্থিত হৈছিল। কিন্তু সকলোৱে ৰৈ আছিল, কেতিয়া আহিব ‘দবাং’ৰ নায়ক সোনাক্ষীৰ নায়ক চুলবুল পাণ্ডে! ছলমান খান তেওঁ। তেওঁ কেৱল সোণাক্ষীৰ নায়ক নহয়, সোণাক্ষী-জহিৰৰ প্ৰেমৰ ‘ঘটক’ও। গতিকে তেওঁ নাহিব, কি হ’ব! অতি গভীৰ নিশা অভ্যৰ্থনা অনুষ্ঠানৰ কক্ষত উপস্থিত হ’ল ছলমান।

বিগত কেইমাহমানৰ পৰা অহৰহ মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে অভিনেতাগৰাকীক। গতিকে য’তেই নাযাওক কিয়, নিৰাপত্তাৰ বিষয়টো বিবেচনা কৰিব লাগিব। আজিৰ দিনটোতে তেওঁ কটকটীয়া নিৰাপত্তাৰ অধীনত সোনাক্ষী-জাহিৰৰ বিবাহ অনুষ্ঠানলৈ আহিছিল ক’লা টাক্সেডো চুট পিন্ধি, মুখত গম্ভীৰ ভাব।

ছলমানক দেখি ফটোগ্ৰাফাৰসকলে চিঞৰিবলৈ আৰম্ভ কৰে। কিন্তু কোনো গুৰুত্ব নিদিয়াকৈ পোনে পোনে আগবাঢ়ি গ’ল। কিন্তু তাত বেছি সময় নাথাকিল। নৱবিবাহিনীক শুভেচ্ছা জনোৱাৰ লগতে সোণাক্ষীৰ পিতৃ-মাতৃৰ সৈতে শুভেচ্ছা আদান-প্ৰদান কৰাৰ পিছত ছলমানে অনুষ্ঠানৰ পৰা আঁতৰি যায়। অৱশ্যে সোনাক্ষী আৰু জহীৰৰ বিয়াত ছলমানে বিশেষ সময় নাপালেও ভতিজী আলিজেহক লৈ আহিছিল ছলমানৰ ভাতৃ অৰবাজ খানে। স্বামী আয়ুষ শৰ্মাৰ সৈতে অৰ্পিতা খান আহিছিল। তেওঁ জহীৰৰ স্কুলৰ সহপাঠী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু