--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগ অশ্বিনৰ ছবি ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ এই সপ্তাহতে মুক্তি পাব। ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, কমল হাছান, প্ৰভাস, দীপিকা পাডুকনকে ধৰি বহু তাৰকা। কিন্তু, ছবিখন মুক্তি পোৱাৰ পূৰ্বে বিগ বিয়ে হঠাতে প্ৰভাসৰ অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে।

শেহতীয়াকৈ এই ছবিখনৰ অভিনেতাসকলে প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা এক আলোচনাত অংশ লৈছিল। তাতেই অমিতাভে ছবিখনৰ আৰম্ভণিতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰ ওপৰত পোহৰ পেলায়। বিগ বিয়ে কয়, "যেতিয়া নাগে মোৰ ওচৰলৈ প্ৰস্তাৱ লৈ আহিছিল, তেতিয়া তেওঁৰ হাতত মোৰ আৰু প্ৰভাসৰ চৰিত্ৰৰ স্কেচ আছিল।" ইয়াৰ লগতে অমিতাভে কয় যে ছবিখনত প্ৰভাসৰ সৈতে তেওঁৰ বহু একচন দৃশ্য আছে। তাত অমিতাভে প্ৰভাছক মাৰপিট কৰিছে।অমিতাভৰ ভাষাত "প্ৰভাছৰ অনুৰাগী সকলে মোক ক্ষমা কৰিব। হাত ভাঁজ কৰি ক্ষমা বিচাৰিছো। ছবিখনত মই যি কৰিলোঁ সেয়া দেখাৰ পিছত মোৰ ওপৰত খং নকৰিব।''"

এই ছবিখনত প্ৰভাছে ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে অমিতাভক অশ্বথামা হিচাপে দেখা যাব। প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ছবিখনে দেশৰ সৰ্বাধিক ব্যয়বহুল ছবি হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। এই ছবিখনে বক্স অফিচত নতুন নজিৰ গঢ়ি তুলিব পাৰে বুলিও উদ্যোগটোৰ এটা অংশই আশাবাদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ