--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগ অশ্বিনৰ ছবি ‘কলকী ২৮৯৮ খ্ৰীষ্টাব্দ’ এই সপ্তাহতে মুক্তি পাব। ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, কমল হাছান, প্ৰভাস, দীপিকা পাডুকনকে ধৰি বহু তাৰকা। কিন্তু, ছবিখন মুক্তি পোৱাৰ পূৰ্বে বিগ বিয়ে হঠাতে প্ৰভাসৰ অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিলে।

শেহতীয়াকৈ এই ছবিখনৰ অভিনেতাসকলে প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা এক আলোচনাত অংশ লৈছিল। তাতেই অমিতাভে ছবিখনৰ আৰম্ভণিতে সংঘটিত হোৱা বিভিন্ন ঘটনাৰ ওপৰত পোহৰ পেলায়। বিগ বিয়ে কয়, "যেতিয়া নাগে মোৰ ওচৰলৈ প্ৰস্তাৱ লৈ আহিছিল, তেতিয়া তেওঁৰ হাতত মোৰ আৰু প্ৰভাসৰ চৰিত্ৰৰ স্কেচ আছিল।" ইয়াৰ লগতে অমিতাভে কয় যে ছবিখনত প্ৰভাসৰ সৈতে তেওঁৰ বহু একচন দৃশ্য আছে। তাত অমিতাভে প্ৰভাছক মাৰপিট কৰিছে।অমিতাভৰ ভাষাত "প্ৰভাছৰ অনুৰাগী সকলে মোক ক্ষমা কৰিব। হাত ভাঁজ কৰি ক্ষমা বিচাৰিছো। ছবিখনত মই যি কৰিলোঁ সেয়া দেখাৰ পিছত মোৰ ওপৰত খং নকৰিব।''"

এই ছবিখনত প্ৰভাছে ভৈৰৱৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে অমিতাভক অশ্বথামা হিচাপে দেখা যাব। প্ৰায় ৬০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ছবিখনে দেশৰ সৰ্বাধিক ব্যয়বহুল ছবি হিচাপে পৰিগণিত হ’বলৈ গৈ আছে। এই ছবিখনে বক্স অফিচত নতুন নজিৰ গঢ়ি তুলিব পাৰে বুলিও উদ্যোগটোৰ এটা অংশই আশাবাদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু