--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ জুনত সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ হয়। ইয়াৰ পাছত এই দম্পতীয়ে মুম্বাইতে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰে। য’ত দেখা গ’ল বলীউডৰ বহু বিখ্যাত তাৰকা। সোণাক্ষী আৰু জাহিৰৰ বিবাহৰ খবৰ আহিছিল চলিত মাহৰ আৰম্ভণিতে।

সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে দীৰ্ঘদিন ধৰি ডেটিং কৰি আছিল। সাত বছৰ ডেটিং কৰি দুয়োৰে বিয়া হৈছিল। অৱশ্যে এই সিদ্ধান্ত দুয়োৰে বাবে সহজ নাছিল। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল দুয়োজনেই বেলেগ বেলেগ ধৰ্মৰ। সোণাক্ষী সিনহা হিন্দু, জাহিৰ মুছলমান।

বিয়াৰ পূৰ্বে সোণাক্ষী আৰু জাহিৰে ভিন্ন ধৰ্মৰ হোৱাৰ বাবে মানুহৰ পৰা ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে দুয়োজনে নিজৰ ধৰ্মক প্ৰেমৰ বাটত বাধা আহিবলৈ নিদিলে। বিশেষ বিবাহ আইনৰ অধীনত দুয়োজনে ২৩ জুনত আদালতত বিবাহপাশত আবদ্ধ হয়। কিন্তু এতিয়া সোণাক্ষী সিনহাই পাইছে ভাবুকি।


সোণাক্ষী আৰু জাহিৰৰ বিবাহৰ পাছতে সোণাক্ষী আৰু তেওঁৰ পিতৃ শত্ৰুঘ্ন সিনহাই ভাবুকি লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ভাবুকিমূলক পোষ্ট দিয়া হৈছে। 

হিন্দু শিৱ ভৱনী সেনাই পাটনাত পোষ্টাৰ লগাই প্ৰতিবাদ ব্যক্ত কৰিছে। তাত লিখা আছে – শত্ৰুঘ্ন সিনহাৰ কন্যাক বিহাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন পোষ্টাৰ য’ত অভিনেত্ৰীগৰাকীক ভাবুকি দিয়া হৈছে। তাত লিখা আছে যে সোণাক্ষীক বিহাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। হিন্দু শিৱভৱনী সেনাই সোণাক্ষী আৰু জাহিৰৰ বিবাহক লাভ জেহাদক প্ৰচাৰ কৰা বুলি অভিহিত কৰিছে।

পোষ্টাৰখনত লিখা আছে, "সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহে লাভ জেহাদক প্ৰসাৰিত কৰিছে! সমগ্ৰ দেশক ইছলামকৰণ কৰাৰ প্ৰয়াস। শত্ৰুঘ্ন সিনহাই নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক অন্যথা পুত্ৰ লৱ আৰু কুশৰ নাম সলনি কৰক, ঘৰৰ নাম ৰামায়ণ সলনি কৰক। এয়া হিন্দু ধৰ্মক অপমান কৰা হৈছে৷ 

ইয়াত আৰু লিখা আছে, "সোণাক্ষীৰ বিবাহ হিন্দু ধৰ্মক দুৰ্বল আৰু ক্ষতি কৰাৰ লক্ষ্যৰে ধৰ্মৰ নামত অবৈধ ধৰ্মান্তৰকৰণ। ইয়াৰ দ্বাৰা লাভ জেহাদক প্ৰসাৰিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ