--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৩ জুনত সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ হয়। ইয়াৰ পাছত এই দম্পতীয়ে মুম্বাইতে এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰে। য’ত দেখা গ’ল বলীউডৰ বহু বিখ্যাত তাৰকা। সোণাক্ষী আৰু জাহিৰৰ বিবাহৰ খবৰ আহিছিল চলিত মাহৰ আৰম্ভণিতে।

সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালে দীৰ্ঘদিন ধৰি ডেটিং কৰি আছিল। সাত বছৰ ডেটিং কৰি দুয়োৰে বিয়া হৈছিল। অৱশ্যে এই সিদ্ধান্ত দুয়োৰে বাবে সহজ নাছিল। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল দুয়োজনেই বেলেগ বেলেগ ধৰ্মৰ। সোণাক্ষী সিনহা হিন্দু, জাহিৰ মুছলমান।

বিয়াৰ পূৰ্বে সোণাক্ষী আৰু জাহিৰে ভিন্ন ধৰ্মৰ হোৱাৰ বাবে মানুহৰ পৰা ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। অৱশ্যে দুয়োজনে নিজৰ ধৰ্মক প্ৰেমৰ বাটত বাধা আহিবলৈ নিদিলে। বিশেষ বিবাহ আইনৰ অধীনত দুয়োজনে ২৩ জুনত আদালতত বিবাহপাশত আবদ্ধ হয়। কিন্তু এতিয়া সোণাক্ষী সিনহাই পাইছে ভাবুকি।


সোণাক্ষী আৰু জাহিৰৰ বিবাহৰ পাছতে সোণাক্ষী আৰু তেওঁৰ পিতৃ শত্ৰুঘ্ন সিনহাই ভাবুকি লাভ কৰিছে। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ভাবুকিমূলক পোষ্ট দিয়া হৈছে। 

হিন্দু শিৱ ভৱনী সেনাই পাটনাত পোষ্টাৰ লগাই প্ৰতিবাদ ব্যক্ত কৰিছে। তাত লিখা আছে – শত্ৰুঘ্ন সিনহাৰ কন্যাক বিহাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন পোষ্টাৰ য’ত অভিনেত্ৰীগৰাকীক ভাবুকি দিয়া হৈছে। তাত লিখা আছে যে সোণাক্ষীক বিহাৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। হিন্দু শিৱভৱনী সেনাই সোণাক্ষী আৰু জাহিৰৰ বিবাহক লাভ জেহাদক প্ৰচাৰ কৰা বুলি অভিহিত কৰিছে।

পোষ্টাৰখনত লিখা আছে, "সোণাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহে লাভ জেহাদক প্ৰসাৰিত কৰিছে! সমগ্ৰ দেশক ইছলামকৰণ কৰাৰ প্ৰয়াস। শত্ৰুঘ্ন সিনহাই নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক অন্যথা পুত্ৰ লৱ আৰু কুশৰ নাম সলনি কৰক, ঘৰৰ নাম ৰামায়ণ সলনি কৰক। এয়া হিন্দু ধৰ্মক অপমান কৰা হৈছে৷ 

ইয়াত আৰু লিখা আছে, "সোণাক্ষীৰ বিবাহ হিন্দু ধৰ্মক দুৰ্বল আৰু ক্ষতি কৰাৰ লক্ষ্যৰে ধৰ্মৰ নামত অবৈধ ধৰ্মান্তৰকৰণ। ইয়াৰ দ্বাৰা লাভ জেহাদক প্ৰসাৰিত কৰা হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু