--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
তেলেংগানা : মোদীৰ ছাঁটোও সহিব নিবিচাৰে দেশৰ একাংশ ৰাজনৈতিক নেতাই! এই তালিকাৰ শীৰ্ষত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিন্তু মমতাতে এই তালিকা সীমাবদ্ধ নহয়। জম্মু-কাশ্মীৰৰ বিভিন্নজন বিৰোধী ৰাজনৈতিক দলৰ নেতা, দেশৰ দক্ষিণাংশৰ বিজেপিৰ প্ৰভাৱমুক্ত ৰাজ্যবোৰতো মোদীৰ অৱস্থা এতিয়া ঠিক তেনেকুৱাই। এইবোৰ ৰাজ্যত মোদীয়ে প্ৰায়েই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। মোদীয়ে কিমান জাকজমকতাৰে একো একোটা অনু্ষ্ঠানত ভাগ লয় আৰু তেওঁৰ উপস্থিতি কিমান ৰাজকীয় হয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু দেশৰে একাধিক ৰাজ্যত মোদীৰ প্ৰতি কুহুমীয়া ভাব পোষণ কৰি আহিছে বিভিন্নজন মুখ্যমন্ত্ৰীয়ে। এইবাৰ মোদীয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈছে তেলেংগানাত। তেলেংগানাত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰম্পৰা অনুসৰি কোনো এখন ৰাজ্যলৈ গ’লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে নিজেই বিমানবন্দৰৰপৰা আদৰি নিয়ে অভ্যাগত প্ৰধানমন্ত্ৰীক। কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে মোদীক আদৰিবলৈ বিমানবন্দৰলৈ অহাৰ পৰা বিৰত থাকিল। কেইমাহমানৰ ভিতৰতে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল। ইয়াকে লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিজেপি দল। ‘ষ্টেচু অব ইকুৱেলিটী’ উদ্বোধনৰ বাবে হায়দৰাবাদত উপস্থিত হৈছিল মোদী। কিন্তু তেওঁক মু্খ্যমন্ত্ৰী কেচিআৰ-এ বিমানবন্দৰলৈ আহি আদৰণি নজনালে। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ তেলেংগানা ভ্ৰমণৰ এদিনৰ পূ্ৰ্বে মুখ্যমন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছিল। মোদীয়ে নিৰ্বাচনক লক্ষ্য হিচাপে লৈ সাজ-পোছাক কৰা বুলি কটাক্ষ কৰাৰ লগতে মুখ্যমন্ত্ৰী কেচিআৰ-এ কেন্দ্ৰীয় বাজেটক লৈও সমালোচনা কৰিছিল চৰকাৰক। তাৰ পাছত এতিয়া নিজ ৰাজ্যলৈ অতিথি হৈ অহা প্ৰধানমন্ত্ৰী আদৰণি জনোৱাৰ পৰা বিৰত থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তেলেংগানা বিজেপিয়ে কেচিআৰ-এ বিমানবন্দৰলৈ আহি প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা পৰম্পৰা ভংগ কৰাটো মূৰ্খামি আৰু লজ্জাজনক বুলি আখ্য দিছে। দলটোৱে অভিযোগ কৰিছে যেস মুখ্যমন্ত্ৰীয়ে নিয়মীয়াকৈ সংবিধানক অপমান কৰি আহিছে। কেচিআৰ-এ মোদীক আদৰিবলৈ বিমানবন্দৰলৈ নাহিলেও অৱশ্যে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনাইছিল। ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰি কৰিছে যে, মুখ্যমন্ত্ৰীয়ে অসুস্থতাৰ কাৰণে বিমানবন্দৰলৈ আহিব নোৱাৰিলে। তেওঁ মোদীৰ সৈতে মূল কাৰ্যসূচীত ভাগ ল’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ দৰে এগৰাকী নেতাৰ বাবে এনে পৰিস্থিতি স্বাভাৱিক নিশ্চয় নহয়। বিৰোধী শিবিৰৰ বাবে মোদী একপ্ৰকাৰ সহনঅযোগ্য নেতাত পৰিণত হ’বলৈ গৈ থকাটো নিশ্চয় তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াত আৰক্ষীক ১৪ বছৰৰ কাৰাদণ্ড
গান্ধী পৰিয়াল আঁতৰিলেহে কংগ্রেছ চাফা হ'ব: মুখ্যমন্ত্ৰী
বাক্সাৰ দীঘেলীত আজিও সোঁৱৰে ৰাভাৰ স্মৃতি
অধিক ভয়াৱহ ৰূপ লৈছে ইৰান-ইজৰাইলৰ যুদ্ধই
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত