--°C
Loading...
Listen to Article
2 min read
80%
তেলেংগানা : মোদীৰ ছাঁটোও সহিব নিবিচাৰে দেশৰ একাংশ ৰাজনৈতিক নেতাই! এই তালিকাৰ শীৰ্ষত আছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিন্তু মমতাতে এই তালিকা সীমাবদ্ধ নহয়। জম্মু-কাশ্মীৰৰ বিভিন্নজন বিৰোধী ৰাজনৈতিক দলৰ নেতা, দেশৰ দক্ষিণাংশৰ বিজেপিৰ প্ৰভাৱমুক্ত ৰাজ্যবোৰতো মোদীৰ অৱস্থা এতিয়া ঠিক তেনেকুৱাই। এইবোৰ ৰাজ্যত মোদীয়ে প্ৰায়েই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। মোদীয়ে কিমান জাকজমকতাৰে একো একোটা অনু্ষ্ঠানত ভাগ লয় আৰু তেওঁৰ উপস্থিতি কিমান ৰাজকীয় হয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু দেশৰে একাধিক ৰাজ্যত মোদীৰ প্ৰতি কুহুমীয়া ভাব পোষণ কৰি আহিছে বিভিন্নজন মুখ্যমন্ত্ৰীয়ে। এইবাৰ মোদীয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈছে তেলেংগানাত। তেলেংগানাত এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰম্পৰা অনুসৰি কোনো এখন ৰাজ্যলৈ গ’লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে নিজেই বিমানবন্দৰৰপৰা আদৰি নিয়ে অভ্যাগত প্ৰধানমন্ত্ৰীক। কিন্তু তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে মোদীক আদৰিবলৈ বিমানবন্দৰলৈ অহাৰ পৰা বিৰত থাকিল। কেইমাহমানৰ ভিতৰতে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল। ইয়াকে লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিজেপি দল। ‘ষ্টেচু অব ইকুৱেলিটী’ উদ্বোধনৰ বাবে হায়দৰাবাদত উপস্থিত হৈছিল মোদী। কিন্তু তেওঁক মু্খ্যমন্ত্ৰী কেচিআৰ-এ বিমানবন্দৰলৈ আহি আদৰণি নজনালে। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ তেলেংগানা ভ্ৰমণৰ এদিনৰ পূ্ৰ্বে মুখ্যমন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছিল। মোদীয়ে নিৰ্বাচনক লক্ষ্য হিচাপে লৈ সাজ-পোছাক কৰা বুলি কটাক্ষ কৰাৰ লগতে মুখ্যমন্ত্ৰী কেচিআৰ-এ কেন্দ্ৰীয় বাজেটক লৈও সমালোচনা কৰিছিল চৰকাৰক। তাৰ পাছত এতিয়া নিজ ৰাজ্যলৈ অতিথি হৈ অহা প্ৰধানমন্ত্ৰী আদৰণি জনোৱাৰ পৰা বিৰত থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। তেলেংগানা বিজেপিয়ে কেচিআৰ-এ বিমানবন্দৰলৈ আহি প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা পৰম্পৰা ভংগ কৰাটো মূৰ্খামি আৰু লজ্জাজনক বুলি আখ্য দিছে। দলটোৱে অভিযোগ কৰিছে যেস মুখ্যমন্ত্ৰীয়ে নিয়মীয়াকৈ সংবিধানক অপমান কৰি আহিছে। কেচিআৰ-এ মোদীক আদৰিবলৈ বিমানবন্দৰলৈ নাহিলেও অৱশ্যে কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনাইছিল। ইফালে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰি কৰিছে যে, মুখ্যমন্ত্ৰীয়ে অসুস্থতাৰ কাৰণে বিমানবন্দৰলৈ আহিব নোৱাৰিলে। তেওঁ মোদীৰ সৈতে মূল কাৰ্যসূচীত ভাগ ল’ব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ দৰে এগৰাকী নেতাৰ বাবে এনে পৰিস্থিতি স্বাভাৱিক নিশ্চয় নহয়। বিৰোধী শিবিৰৰ বাবে মোদী একপ্ৰকাৰ সহনঅযোগ্য নেতাত পৰিণত হ’বলৈ গৈ থকাটো নিশ্চয় তাৎপৰ্যপূৰ্ণ বিষয় বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ