--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলটোত আছিল ২০ জন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু ১০ জন এনাস্থেটিষ্ট । প্ৰায় ১৮ ঘণ্টা ধৰি এই অস্ত্ৰোপচাৰ কৰা হয়। কেৰেলাৰ এখন চিকিৎসালয়ত হোৱা এক বিৰল অস্ত্ৰোপচাৰত অমৰেশ নামৰ এজন যুৱকে তেওঁৰ হাত ঘূৰাই পালে। এই ধৰণৰ অস্ত্ৰোপচাৰ ভাৰতত প্ৰথম আৰু বিশ্বৰ ভিতৰতে তৃতীয়টো বুলি দাবী কৰিছে চিকিৎসকে।

২০১৭ চনত বিদ্যুতৰ তাঁৰ মেৰামতি কৰি থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অমৰেশ। দুয়োখন হাত ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে চিকিৎসকে সোঁ-বাওঁ দুয়োখন হাত কাটিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছত তেওঁ হেণ্ড ট্ৰান্সপ্লাণ্টৰ বাবে আবেদন জনায়। কিন্তু উপযুক্ত দাতা বিচাৰি পোৱা নগ’ল।শেহতীয়াকৈ বিনোদ নামৰ এজন ৫৪ বছৰীয়া ব্যক্তিয়ে তিৰুৱানন্তপুৰমত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। মৃত লোকজনৰ অংগ দান কৰিবলৈ সন্মত হয় পৰিয়ালৰ লোকে। ইয়াৰ পিছতে অমৃতা হাস্পতালৰ চিকিৎসকে মৃতদেহৰ পৰা হাতখন লৈ অমৰেশৰ দেহত সংৰোপন কৰাৰ সিদ্ধান্ত লয়।

ককালৰ অংশৰ পৰা কাটি পেলোৱা সোঁ  হাতখন পুনৰ সংলগ্ন কৰিবলৈ বেছি সময় নালাগিল বুলি চিকিৎসকসকলে জনায়। আচল পৰীক্ষাটো আছিল কান্ধৰ পৰা আঁতৰোৱা বাহুটোৰ ঠাইত নতুন বাহু এটা লগোৱা। এই অস্ত্ৰোপচাৰ ইমানেই বিৰল আছিল যে কোনো এজন চিকিৎসকৰ পূৰ্বৰ কোনো বিশেষ অভিজ্ঞতা নাছিল। লগতে যেতিয়া কোনো দুৰ্ঘটনা সংঘটিত হয় তেতিয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত অমৰেশৰ স্নায়ুবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। গতিকে অস্ত্ৰোপচাৰটো অধিক জটিল হৈ পৰে। মুঠতে মাৰাথন অস্ত্ৰোপচাৰৰ পিছত অমৰেশক নতুন হাত দি সুখী চিকিৎসক সকল।

চিকিৎসকে আশা কৰিছে যে যদি সকলো ঠিকে থাকে তেন্তে নতুন হাতখনেৰে ভাত খোৱা, দাঁত ব্ৰাছ কৰা আদি কাম-কাজ কৰিবলৈ সক্ষম হ’ব অমৰেশে। কিন্তু আৰোগ্যৰ পথ দীঘল। কেইবাদিনো তেওঁ অতিৰিক্ত যত্নৰ অধীনত থাকিব লাগিব। ১৮ মাহলৈকে প্ৰতিদিনে পাঁচ ঘণ্টা ফিজিঅ’থেৰাপী কৰিব লাগে। কোনো গধুৰ বস্তু টানিবলৈও বাধা প্ৰদান কৰিছে চিকিৎসকে। কোনো ধৰণৰ আঘাত হ’লে তৎক্ষণাত চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰি  চিকিৎসকৰ পৰামৰ্শ ল’বলৈ অনুৰোধ জনায় চিকিৎসক দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু