--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দলটোত আছিল ২০ জন অস্ত্ৰোপচাৰ বিশেষজ্ঞ আৰু ১০ জন এনাস্থেটিষ্ট । প্ৰায় ১৮ ঘণ্টা ধৰি এই অস্ত্ৰোপচাৰ কৰা হয়। কেৰেলাৰ এখন চিকিৎসালয়ত হোৱা এক বিৰল অস্ত্ৰোপচাৰত অমৰেশ নামৰ এজন যুৱকে তেওঁৰ হাত ঘূৰাই পালে। এই ধৰণৰ অস্ত্ৰোপচাৰ ভাৰতত প্ৰথম আৰু বিশ্বৰ ভিতৰতে তৃতীয়টো বুলি দাবী কৰিছে চিকিৎসকে।

২০১৭ চনত বিদ্যুতৰ তাঁৰ মেৰামতি কৰি থকা অৱস্থাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অমৰেশ। দুয়োখন হাত ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে চিকিৎসকে সোঁ-বাওঁ দুয়োখন হাত কাটিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছত তেওঁ হেণ্ড ট্ৰান্সপ্লাণ্টৰ বাবে আবেদন জনায়। কিন্তু উপযুক্ত দাতা বিচাৰি পোৱা নগ’ল।শেহতীয়াকৈ বিনোদ নামৰ এজন ৫৪ বছৰীয়া ব্যক্তিয়ে তিৰুৱানন্তপুৰমত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে। মৃত লোকজনৰ অংগ দান কৰিবলৈ সন্মত হয় পৰিয়ালৰ লোকে। ইয়াৰ পিছতে অমৃতা হাস্পতালৰ চিকিৎসকে মৃতদেহৰ পৰা হাতখন লৈ অমৰেশৰ দেহত সংৰোপন কৰাৰ সিদ্ধান্ত লয়।

ককালৰ অংশৰ পৰা কাটি পেলোৱা সোঁ  হাতখন পুনৰ সংলগ্ন কৰিবলৈ বেছি সময় নালাগিল বুলি চিকিৎসকসকলে জনায়। আচল পৰীক্ষাটো আছিল কান্ধৰ পৰা আঁতৰোৱা বাহুটোৰ ঠাইত নতুন বাহু এটা লগোৱা। এই অস্ত্ৰোপচাৰ ইমানেই বিৰল আছিল যে কোনো এজন চিকিৎসকৰ পূৰ্বৰ কোনো বিশেষ অভিজ্ঞতা নাছিল। লগতে যেতিয়া কোনো দুৰ্ঘটনা সংঘটিত হয় তেতিয়া বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত অমৰেশৰ স্নায়ুবোৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। গতিকে অস্ত্ৰোপচাৰটো অধিক জটিল হৈ পৰে। মুঠতে মাৰাথন অস্ত্ৰোপচাৰৰ পিছত অমৰেশক নতুন হাত দি সুখী চিকিৎসক সকল।

চিকিৎসকে আশা কৰিছে যে যদি সকলো ঠিকে থাকে তেন্তে নতুন হাতখনেৰে ভাত খোৱা, দাঁত ব্ৰাছ কৰা আদি কাম-কাজ কৰিবলৈ সক্ষম হ’ব অমৰেশে। কিন্তু আৰোগ্যৰ পথ দীঘল। কেইবাদিনো তেওঁ অতিৰিক্ত যত্নৰ অধীনত থাকিব লাগিব। ১৮ মাহলৈকে প্ৰতিদিনে পাঁচ ঘণ্টা ফিজিঅ’থেৰাপী কৰিব লাগে। কোনো গধুৰ বস্তু টানিবলৈও বাধা প্ৰদান কৰিছে চিকিৎসকে। কোনো ধৰণৰ আঘাত হ’লে তৎক্ষণাত চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰি  চিকিৎসকৰ পৰামৰ্শ ল’বলৈ অনুৰোধ জনায় চিকিৎসক দলটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ