--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সদাব্যস্ত বলীউডৰ গেলেৰীত সীমাহীন খবৰৰ ভিৰ। বলীউড কাপলৰ বহু কথাই দি যায় ৰোমাঞ্চ। এইবাৰ চৰ্চা লাভ কৰিছে মালাইকাই । কেট-ভিকিৰ বিয়াৰ পৰা আদি কৰি আমিৰ-কিৰণ ৰাওলৈকে সকলো খবৰে চুই যায়হি বলীউডৰ মঞ্চ। শেহতীয়াকৈ, আন এক প্ৰেমিকযুগলে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। স্মৰ্তব্য যে, তিনিদিন আগলৈকে গৰম হৈ আছিল বলীউড। অৰ্জুন কাপুৰ-মালাইকাৰ সম্পৰ্কত হেনো মেলিছে ফাট! ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া চলি থকা সময়ত টু-শব্দ এটাও কৰা নাছিল দম্পতীয়ে ।

কিন্তু আজি তিনিটা দিনৰ পাছত অৰ্জুন কাপুৰৰ এটা ইনষ্টাগ্ৰাম পোষ্টে সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ সাগৰ তীৰৰ এটা নিৰ্জন দ্বীপত সময় অতিবাহিত কৰিছে অৰ্জুন কাপুৰ-মালাইকাই। জীৱন উদযাপন কৰিবলৈ গৈ কি কৰা নাই প্ৰেমিক যুগলে! কোনো এটা নিবিড় মুহূৰ্তত হ'ব লগা মিঞা-বিবীয়ে একেলগে যদি চাইকেল চলাইছে, কেতিয়াবা আকৈ স্পীড নাওত হেঁচা মাৰি সাগৰৰ জলস্ৰোতত তুলিছে ঢৌ। কোনো মুহূৰ্তত আকৌ দুয়ো একেলগে বহি লোভনীয় জলপানেৰে ৰঙীন কৰি তুলিছে বন্ধৰ পুৱাটি।

বিকিনি বা সাঁতোৰৰ পোছাক পিন্ধি ৰ'দ লৈছে মোহময়ী মালাইকাই । প্ৰিয়জনৰ ভাল লগা প্ৰতিটো মুহূৰ্ত কেমেৰাত বন্দী কৰি গৈছে অৰ্জুনে। কিন্তু তিনিদিন পূৰ্বে, ঘটনাৰ চিত্ৰপট আছিল সম্পূৰ্ণ পৃথক। জানিবলৈ পোৱা মতে,অৰ্জুন-মালাইকাই ২০২১ চনৰ খ্ৰীষ্টমাছ আৰু ২০২২ চনৰ ইংৰাজী নৱবৰ্ষ একেলগে উদযাপন নকৰে। ৩টা বছৰ একেলগে থকাৰ পাছত, তেওঁলোকে আমিৰ খান-কিৰণ ৰাওৰ দৰে বিচ্ছেদৰ সিদ্ধান্তকে প্ৰাধান্য দিয়া বুলি ওলাইছিল বাতৰি। একাংশ সংবাদ মাধ্যমে এই বিচ্ছেদৰ কাৰণ হিচাপে তেওঁলোকৰ মাজত বুজাবুজিৰ অভাৱ বুলিও সদৰী কৰিছিল। কিন্তু এতিয়া আৰু সেই সকলোবোৰ গুঞ্জন অতীত। নীল সমুদ্ৰৰ সেই নিৰ্জন দ্বীপটোত দুয়ো বৰ্তমান অকলশৰীয়া। মুকলি আকাশ, উজ্জ্বল ৰ'দ, নাৰিকল গছৰ শাৰীবোৰেও যেন এই প্ৰেমিকযুগলক জনাইছে আদৰণি। প্ৰতিদিনে যেন প্ৰেমত পৰিছে অৰ্জুন-মালাইলা…


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ