--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সদাব্যস্ত বলীউডৰ গেলেৰীত সীমাহীন খবৰৰ ভিৰ। বলীউড কাপলৰ বহু কথাই দি যায় ৰোমাঞ্চ। এইবাৰ চৰ্চা লাভ কৰিছে মালাইকাই । কেট-ভিকিৰ বিয়াৰ পৰা আদি কৰি আমিৰ-কিৰণ ৰাওলৈকে সকলো খবৰে চুই যায়হি বলীউডৰ মঞ্চ। শেহতীয়াকৈ, আন এক প্ৰেমিকযুগলে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। স্মৰ্তব্য যে, তিনিদিন আগলৈকে গৰম হৈ আছিল বলীউড। অৰ্জুন কাপুৰ-মালাইকাৰ সম্পৰ্কত হেনো মেলিছে ফাট! ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া চলি থকা সময়ত টু-শব্দ এটাও কৰা নাছিল দম্পতীয়ে ।

কিন্তু আজি তিনিটা দিনৰ পাছত অৰ্জুন কাপুৰৰ এটা ইনষ্টাগ্ৰাম পোষ্টে সকলোৰে চকু কপালত তুলিছে। শেহতীয়াকৈ সাগৰ তীৰৰ এটা নিৰ্জন দ্বীপত সময় অতিবাহিত কৰিছে অৰ্জুন কাপুৰ-মালাইকাই। জীৱন উদযাপন কৰিবলৈ গৈ কি কৰা নাই প্ৰেমিক যুগলে! কোনো এটা নিবিড় মুহূৰ্তত হ'ব লগা মিঞা-বিবীয়ে একেলগে যদি চাইকেল চলাইছে, কেতিয়াবা আকৈ স্পীড নাওত হেঁচা মাৰি সাগৰৰ জলস্ৰোতত তুলিছে ঢৌ। কোনো মুহূৰ্তত আকৌ দুয়ো একেলগে বহি লোভনীয় জলপানেৰে ৰঙীন কৰি তুলিছে বন্ধৰ পুৱাটি।

বিকিনি বা সাঁতোৰৰ পোছাক পিন্ধি ৰ'দ লৈছে মোহময়ী মালাইকাই । প্ৰিয়জনৰ ভাল লগা প্ৰতিটো মুহূৰ্ত কেমেৰাত বন্দী কৰি গৈছে অৰ্জুনে। কিন্তু তিনিদিন পূৰ্বে, ঘটনাৰ চিত্ৰপট আছিল সম্পূৰ্ণ পৃথক। জানিবলৈ পোৱা মতে,অৰ্জুন-মালাইকাই ২০২১ চনৰ খ্ৰীষ্টমাছ আৰু ২০২২ চনৰ ইংৰাজী নৱবৰ্ষ একেলগে উদযাপন নকৰে। ৩টা বছৰ একেলগে থকাৰ পাছত, তেওঁলোকে আমিৰ খান-কিৰণ ৰাওৰ দৰে বিচ্ছেদৰ সিদ্ধান্তকে প্ৰাধান্য দিয়া বুলি ওলাইছিল বাতৰি। একাংশ সংবাদ মাধ্যমে এই বিচ্ছেদৰ কাৰণ হিচাপে তেওঁলোকৰ মাজত বুজাবুজিৰ অভাৱ বুলিও সদৰী কৰিছিল। কিন্তু এতিয়া আৰু সেই সকলোবোৰ গুঞ্জন অতীত। নীল সমুদ্ৰৰ সেই নিৰ্জন দ্বীপটোত দুয়ো বৰ্তমান অকলশৰীয়া। মুকলি আকাশ, উজ্জ্বল ৰ'দ, নাৰিকল গছৰ শাৰীবোৰেও যেন এই প্ৰেমিকযুগলক জনাইছে আদৰণি। প্ৰতিদিনে যেন প্ৰেমত পৰিছে অৰ্জুন-মালাইলা…


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু